< মালাখি 2 >

1 এতিয়া হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা।
A tak nyní k vám přikázání to, ó kněží.
2 বাহিনীসকলৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।
Neuposlechnete-li a nesložíte-li v srdci, abyste dali slávu jménu mému, praví Hospodin zástupů, zajisté že pošli na vás zlořečenství, a zlořečiti budu požehnáním vašim. Anobrž již jsem zlořečil každému z nich, nebo jste nikoli nesložili toho v srdci.
3 চোৱা, মই তোমালোকৰ কাৰণেই তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসর্গিত পশুৰ বিষ্ঠা লিপি দিম আৰু তাৰেই সৈতে তোমালোকক লৈ যোৱা হ’ব।”
Aj, já pokazím vám to, což nasejete, a vkydnu lejno na tváře vaše, lejno obětí vašich, tak že vás zachvátí k sobě.
4 “তোমালোকে জানিবা যে, মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Nebo víte, že jsem poslal k vám přikázaní to, aby byla stálá smlouva s Léví, praví Hospodin zástupů.
5 “লেবীৰ লগত মই যি ব্যৱস্থা স্থাপন কৰিছিলোঁ, সেয়া জীৱন আৰু শান্তিৰ ব্যৱস্থা; মই তেওঁক সেই দুয়োকো দিছিলোঁ; তেওঁ মোক যাতে ভয় কৰে, ই এক ভয়ৰ ব্যৱস্থাও; তেওঁ মোক সঁচাই ভয় কৰিছিল আৰু মোৰ নামত ভীত হৈছিল।
Smlouva má byla s ním života a pokoje, a dal jsem jemu to pro bázeň; nebo se bál mne, a pro jméno mé potřín byl.
6 তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।
Zákon pravdy byl v ústech jeho, a nepravost nebyla nalezena ve rtech jeho, v pokoji a upřímosti chodil se mnou, a mnohé odvrátil od nepravosti.
7 এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
Nebo rtové kněze mají ostříhati umění, a na zákon doptávati se z úst jeho; posel zajisté Hospodina zástupů jest.
8 কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Vy pak sešli jste s cesty, byli jste příčinou mnohým, aby činili proti zákonu; zrušili jste smlouvu Levítskou, praví Hospodin zástupů.
9 “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলোঁ; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”
Pročež i já také vydal jsem vás v potupu a v nevážnost všemu lidu, jakož vy v ničemž neostříháte cest mých, a přijímáte osoby v zákoně.
10 ১০ আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্ৰজন কৰা নাই? তেন্তে আমি কিয় প্রতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰোঁ?
Zdaliž není jeden otec všech nás? Zdaliž Bůh jeden nestvořil nás? Proč nevěrně činiti máme jeden druhému a zlehčovati smlouvu otců našich?
11 ১১ যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্ৰেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।
Nevěrně činí Juda, a ohavnost se děje v Izraeli a v Jeruzalémě; nebo poškvrňuje Juda svatosti Hospodinovy, kterouž by milovati měl, pojímaje za manželku dceru boha jiného.
12 ১২ যি ব্যক্তিয়ে এনেৰূপ কাৰ্য কৰে, তেওঁ যদিও বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব।
Vypléní Hospodin muže, kterýž to činí, z stánků Jákobových, bdícího i odpovídajícího, i obětujícího dar Hospodinu zástupů.
13 ১৩ তোমালোকৰ আন এটা অপকর্ম এই; তোমালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াই পেলাইছা; সেই কাৰণে তোমালোকে যি উৎসৰ্গ কৰে, তাৰ প্রতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে।
Již to podruhé činíte, že přikrýváte slzami oltář Hospodinův, pláčem a křikem, pročež nikoli nepatří již více k daru, aniž přijímá oběti vzácné z ruky vaší.
14 ১৪ তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
A však říkáte? Pro kterou příčinu? Proto že Hospodin jest svědkem mezi tebou a manželkou mladosti tvé, kteréž ty nevěrně činíš, ješto ona jest tovaryška tvá, a manželka smlouvy tvé.
15 ১৫ যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।
Zdaliž neučinil jedno, ačkoli ještě více ducha měl? Proč pak jedno? Aby hledali semene Božího. Protož ostříhejte ducha svého, a manželce mladosti své nečiňte nevěrně.
16 ১৬ “কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।
Proto že v nenávisti má propouštění, praví Hospodin Bůh Izraelský, proto že takový přikrývá ukrutnost pláštěm jeho, praví Hospodin zástupů, protož ostříhejte ducha svého, abyste nečinili nevěrně.
17 ১৭ তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”
Těžcí jste Hospodinu slovy svými, a však říkáte: V čem jsme těžcí? Když říkáte: Každý, kdož činí zlé, líbí se Hospodinu, a v těch on líbost má, aneb: Kde jest Bůh soudu?

< মালাখি 2 >