< লূক 1 >
1 ১ আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
我等の中に成立ちし事の談を、初より親しく目撃して教の役者たりし人々の
2 ২ আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
我等に言傳へし如く書列ねんとて、多くの人既に着手せるが故に、
3 ৩ এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।
貴きテオフィロよ、我も凡ての事を最初より詳しく取調べて、順序よく汝に書贈るを善と思へり。
4 ৪ মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
是汝をして教へられし教の確實なるを暁らしめん為なり。
5 ৫ যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
第一款 洗者ヨハネ誕生の次第 第一篇 キリスト御幼年及私生活 第一項 キリスト降誕の豫備 抑ユデアの王ヘロデの時、アビアの班にザカリアと云へる司祭あり。其妻はアアロンの裔なる女にて、名をエリザベトと云へり。
6 ৬ এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
二人ながら神の御前に義しき人にして、主の凡ての禁令と規律とを過なく履行ひ居たりしが、
7 ৭ কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
エリザベトは石女なれば、彼等に子なくして、二人とも年老いたりき。
8 ৮ এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
然るにザカリア其班の順によりて、神の御前に司祭の務を行ひけるに、
9 ৯ কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
司祭職の慣例に從ひ、籤を抽きて、主の殿に入り、香を焼く事を得たり。
10 ১০ ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
香を焼く時に當り、人民群集して、皆外にて祈り居けるに、
11 ১১ এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
主の使、香台の右に立ちてザカリアに現れしかば、
12 ১২ স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
ザカリア之を見て心騒ぎ、且恐ろしさに撲たれたり。
13 ১৩ কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
天使之に云ひけるは、懼るる事勿れザカリア、蓋汝の祈聴容れられたり。妻エリザベト汝に一子を生まん、汝其名をヨハネと名くべし。
14 ১৪ তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
而して汝には喜に堪へざる事となり、多くの人も亦其誕生に由りて喜ばん。
15 ১৫ কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
即ち彼は主の御前に偉大にして、葡萄酒と酔ふ物とを飲まず、母の胎内より既に聖霊に満たされん。
16 ১৬ ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
又イスラエルの多くの子を、主たる其神に歸らしめ、
17 ১৭ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
エリアの精神と能力とを以て主の先に往かん、是主の為に完全なる人民を備へんとて、先祖の心を子孫に立歸らせ、不信者を義人の知識に立歸らせん為なり、と。
18 ১৮ তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
ザカリア、天使に云ひけるは、我何に據りてか此事あるを知るべき。蓋我は老人にして、妻も亦年老いたればなり。
19 ১৯ তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
天使答へて云ひけるは、我は神の御前に立つガブリエルにして、我が遣はされたるは、汝に語りて是等の福音を告げん為なり。
20 ২০ চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
看よ、時期至りて成就すべき我言を信ぜざりしにより、汝は唖となりて、此事の成る日まで言ふこと能はじ、と。
21 ২১ আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
人民はザカリアを待ちつつ、其殿内に滞るを怪しみたりしが、
22 ২২ পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
出づるに及びて言ふ能はざれば、人々彼が殿内にて幻影を見し事を暁れり。彼は手眞似するのみにて、唖は其儘なりしが、
23 ২৩ ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।
遂に其務の日數満ちて己が家に歸りしに、
24 ২৪ কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে
日ならずして妻エリザベト懐胎せしかば、隠るる事五箇月にして、
25 ২৫ “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।”
云へらく、主は人々の間に我が恥を雪がしめんとて、我を顧み給ひたる日に斯も我に為し給ひしなり、と。
26 ২৬ এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
第二款 マリア天使の告を蒙る 然て六月目に當り、天使ガブリエルガリレアのナザレトと云へる町に、
27 ২৭ এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
ダヴィド家のヨゼフと名る人の聘定せし童貞女に神より遣されしが、其童貞女名をマリアと云へり。
28 ২৮ তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
天使彼の許に入來りて云ひけるは、慶たし、恩寵に満てる者よ、主汝と共に在す。汝は女の中にて祝せられたる者なり、と。
29 ২৯ কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
マリア之を見て其言に由りて大いに心騒ぎ此祝詞は如何なるものぞ、と案じ居るを、
30 ৩০ স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
天使云ひけるは、懼るる事勿れマリア、汝神の御前に恩寵を得たればなり、
31 ৩১ চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
然て汝懐胎して一子を生まん、其名をイエズスと名くべし。
32 ৩২ তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
彼は偉大にして、最高き者の子と稱へられん。又主なる神之に其父ダヴィドの玉座を賜ひて、
33 ৩৩ যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।” (aiōn )
ヤコブの家を限なく治め、其治世は終なかるべし、と。 (aiōn )
34 ৩৪ তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
マリア天使に云ひけるは、我夫を知らざるに、如何にしてか此事あるべき。
35 ৩৫ তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
天使答へて曰く、聖霊汝に臨み給ひ、最高き者の能力の蔭汝を覆はん、故に汝より生るべき聖なるものは神の子と稱へらるべし。
36 ৩৬ আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
夫汝の親族エリザベトすら、老年ながら一子を懐胎せり、斯て石女と呼ばれたる者今既に六月目なり。
37 ৩৭ কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
蓋何事も神には能はざる所あらじ、と。
38 ৩৮ মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
マリア云ひけるは、我は主の御召使なり、汝の言の如く我に成れかし、と。是に於て天使彼を去れり。
39 ৩৯ তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল
第三款 マリア エリザベトを訪問す。 日ならずして、マリア立ちて山地なるユダの町に急行きしが、
40 ৪০ তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে।
ザカリアの家に入りて、エリザベトに挨拶せしに、
41 ৪১ তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল।
エリザベト、マリアの挨拶を聞くや、其子は胎内にて躍り、エリザベトは聖霊に満たされ、
42 ৪২ তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য।
聲高く呼はりて云ひけるは、汝は女の中にて祝せられたり、御胎内の御子も祝せられ給ふ。
43 ৪৩ মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
我何によりて我主の母の來臨を辱うしたるぞ。
44 ৪৪ কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল।
抑汝が挨拶の聲我耳に響くや、子喜びて我胎内に躍れり。
45 ৪৫ তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।”
福なる哉信ぜし者。是主より云はれし事必ず成就すべければなり、と。
46 ৪৬ তেতিয়া মৰিয়মে ক’লে, “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
マリア云ひけるは、我魂主を崇奉り、
47 ৪৭ মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
我精神我救主にて在す神に由て喜びに堪へず、
48 ৪৮ কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
其は其御召使の賤しきを顧み給ひたればなり。蓋看よ今より萬代迄も、人我を福なる者と稱へん、
49 ৪৯ কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
全能にて在す者、我に大事を為し給ひたればなり。聖なる哉其御名。
50 ৫০ যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
其矜恤は代々之を畏るる人々の上に在り。
51 ৫১ তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
自ら御腕の権能を現し、己が心の念に驕れる人々を打散らし、
52 ৫২ তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে।
権力ある者を其座より下し、賎しき者をば高め、
53 ৫৩ তেওঁ ক্ষুধাতুৰ লোকক উত্তম বস্তু দিলে আৰু ধনৱন্তক শুদা-হাতে পঠাই দিলে।
飢ゑたる者を佳物に飽かせ、富める者をば手を空しうして去らしめ給へり。
54 ৫৪ তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু;
御矜恤を忘れず、其僕イスラエルを引受け給ひ、
55 ৫৫ অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।” (aiōn )
我等の先祖に曰ひし如く、アブラハムにも其子孫にも、世々に限なく及ぼし給はん、と。 (aiōn )
56 ৫৬ পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল।
斯てマリア、エリザベトと共に留る事凡三月にして、己が家に歸れり。
57 ৫৭ পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
然てエリザベト、産期満ちて男子を生みしが、
58 ৫৮ তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
隣人親戚等、主の之に大いなる恵を賜ひし事を聞きて、祝賀し居たり。
59 ৫৯ তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল;
八日目に至り、人々其子に割禮を施さんとて來り、父の名によりてザカリアと名けんとせしに、
60 ৬০ কিন্তু মাকে উত্তৰ দি ক’লে, “নহয় ইয়াৰ নাম যোহন হব।”
母答へて、然るべからず、ヨハネと名くべし、と云ひしかば、
61 ৬১ তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।”
人々、汝の親戚の中に、此名を付けられたる者なしとて、
62 ৬২ পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।
父に手眞似して、何と名づけんと欲するぞ、と問ひけるに、
63 ৬৩ তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।
ザカリア書板を求めて、其名はヨハネなりと記したれば、皆感嘆したりしが、
64 ৬৪ তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
軈てザカリアの口開け、舌解け、言ひて神を祝し奉れり。
65 ৬৫ তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহুদীয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে।
斯て隣人皆懼を懐き、此凡ての事ユデアの山里に徧く言弘められしかば、
66 ৬৬ যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
聞く人皆之を記憶に止めて、此子は如何なる者に成らんと思ふか、と言合へり、蓋主の御手彼と共に在りき。
67 ৬৭ পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে।
斯て其父ザカリア聖霊に満たされ、預言して云ひけるは、
68 ৬৮ ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
祝すべき哉、イスラエルの神在す主。其は親ら臨て其民の贖を為し、
69 ৬৯ তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে।
其僕ダヴィドの家に於て、救の角を我等の為に與し給ひたればなり。
70 ৭০ এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল। (aiōn )
是古より聖なる預言者等の口に籍りて語り給ひし如く、 (aiōn )
71 ৭১ তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে।
我等の敵より、又総ての我等を憎む者の手より我等を救ひ給ひ、
72 ৭২ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;
我等の先祖に矜恤を垂れて、其聖約を記憶し給はん為なり。
73 ৭৩ এই বিধান হৈছে প্রতিজ্ঞা, যি আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল।
而して是我等に賜はんと、我父アブラハムに誓ひ給ひし誓なり。
74 ৭৪ শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
然れば我等の敵の手より救はれて、怖なく主に事へ奉り、
75 ৭৫ আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ।
聖と義とに於て生涯主の御前に侍らん。
76 ৭৬ হে মোৰ সন্তান, তোমাক সর্বোপৰি জনৰ ভাৱবাদী বুলি কোৱা হব; কিয়নো তুমি প্রভুৰ আগমণৰ কাৰণে লোক সকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা।
孩兒よ、汝は最高き者の預言者と稱へられん。其は主の面前に先ちて其道を備へ、
77 ৭৭ লোক সকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্রাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা।
其民に罪を赦さるべき救霊の知識を與ふべければなり。是我神の慈悲の腸に由れり。
78 ৭৮ ঈশ্বৰে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু। তেওঁ কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।
是が為に旭日は上より我等に臨み給ひて、
79 ৭৯ তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
暗黒及死の蔭に坐せる人々を照らし、我等の足を平安の道に導かんとし給ふ、と。
80 ৮০ এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল; ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।
斯て孩兒成長し、精神愈強健にして、イスラエルに顕るる日まで荒野に居れり。