< লূক 6 >
1 ১ এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল।
Ní ọjọ́ ìsinmi kejì, Jesu ń kọjá láàrín oko ọkà; àwọn ọmọ-ẹ̀yìn rẹ̀ sì ń ya ìpẹ́ ọkà, wọ́n sì ń jẹ ẹ́.
2 ২ ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”
Àwọn kan nínú àwọn Farisi sì wí fún wọn pé, “Ki lo de tí ẹ̀yin fi ń ṣe èyí tí kò yẹ láti ṣe ní ọjọ́ ìsinmi?”
3 ৩ তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
Jesu sì dá wọn lóhùn pé, “Ẹ̀yin kò kà nípa ohun tí Dafidi ṣe, nígbà tí ebi ń pa òun tìkára rẹ̀ àti àwọn tí ó wà lọ́dọ̀ rẹ̀;
4 ৪ তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
bi ó ti wọ ilé Ọlọ́run lọ, tí ó sì mú àkàrà ìfihàn tí ó sì jẹ ẹ́, tí ó sì fi fún àwọn tí ń bẹ lọ́dọ̀ rẹ̀ pẹ̀lú; tí kò yẹ fún un láti jẹ, bí kò ṣe fún àwọn àlùfáà nìkan ṣoṣo?”
5 ৫ যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
Ó sì wí fún wọn pé, “Ọmọ Ènìyàn ni Olúwa Ọjọ́ Ìsinmi.”
6 ৬ আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
Ní ọjọ́ ìsinmi mìíràn, ó wọ inú Sinagọgu lọ, ó sì ń kọ́ni, ọkùnrin kan sì ń bẹ níbẹ̀ tí ọwọ́ ọ̀tún rẹ̀ rọ.
7 ৭ বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
Àwọn akọ̀wé àti àwọn Farisi ń ṣọ́ ọ, bóyá yóò mú un láradá ní ọjọ́ ìsinmi; kí wọn lè rí ọ̀nà láti fi ẹ̀sùn kàn án.
8 ৮ যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
Ṣùgbọ́n ó mọ èrò inú wọn, ó sì wí fún ọkùnrin náà tí ọwọ́ rẹ̀ rọ pé, “Dìde, kí o sì dúró láàrín.” Ó sì dìde dúró.
9 ৯ তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
Nígbà náà ni Jesu wí fún wọn pé, “Èmi bi yín léèrè, Ó ha tọ́ láti máa ṣe rere ni ọjọ́ ìsinmi, tàbí láti máa ṣe búburú? Láti gba ọkàn là, tàbí láti pa á run?”
10 ১০ তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
Nígbà tí ó sì wo gbogbo wọn yíká, ó wí fún ọkùnrin náà pé, “Na ọwọ́ rẹ.” Ó sì ṣe bẹ́ẹ̀: ọwọ́ rẹ̀ sì padà bọ̀ sípò gẹ́gẹ́ bí èkejì.
11 ১১ তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
Wọ́n sì kún fún ìbínú gbígbóná; wọ́n sì bá ara wọn rò ohun tí àwọn ìbá ṣe sí Jesu.
12 ১২ সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
Ni ọ̀kan nínú àwọn ọjọ́ wọ̀n-ọn-nì, Jesu lọ sí orí òkè láti gbàdúrà, ó sì fi gbogbo òru náà gbàdúrà sí Ọlọ́run.
13 ১৩ পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
Nígbà tí ilẹ̀ sì mọ́, ó pe àwọn ọmọ-ẹ̀yìn rẹ̀; nínú wọn ni ó sì yan méjìlá, tí ó sì sọ ní aposteli:
14 ১৪ সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
Simoni (ẹni tí a pè ní Peteru) àti Anderu arákùnrin rẹ̀, Jakọbu, Johanu, Filipi, Bartolomeu,
15 ১৫ মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
Matiu, Tomasi, Jakọbu ọmọ Alfeu, Simoni tí a ń pè ní Sealoti,
16 ১৬ যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
Judea arákùnrin Jakọbu, àti Judasi Iskariotu tí ó di ọ̀dàlẹ̀.
17 ১৭ তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
Ó sì bá wọn sọ̀kalẹ̀, ó sì dúró ní pẹ̀tẹ́lẹ̀, pẹ̀lú ọ̀pọ̀ àwọn ọmọ-ẹ̀yìn rẹ̀, àti ọ̀pọ̀ ìjọ ènìyàn, láti gbogbo Judea, àti Jerusalẹmu, àti agbègbè Tire àti Sidoni, tí wọ́n wá láti gbọ́ ọ̀rọ̀ rẹ̀, àti láti gba ìmúláradá kúrò nínú ààrùn wọn;
18 ১৮ তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
àti àwọn tí ara wọn kún fún ẹ̀mí àìmọ́ ni ó sì mú láradá.
19 ১৯ তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।
Gbogbo ìjọ ènìyàn sì ń fẹ́ láti fọwọ́ kàn án, nítorí tí àṣẹ ń jáde lára rẹ̀, ó sì mú gbogbo wọn láradá.
20 ২০ পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
Nígbà tí ó sì gbé ojú rẹ̀ sókè sí àwọn ọmọ-ẹ̀yìn rẹ̀, ó ní: “Alábùkún fún ni ẹ̀yin òtòṣì, nítorí tiyín ni ìjọba Ọlọ́run.
21 ২১ ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।
Alábùkún fún ni ẹ̀yin tí ebi ń pa nísinsin yìí; nítorí tí ẹ ó yóò. Alábùkún fún ni ẹ̀yin tí ń sọkún nísinsin yìí: nítorí tí ẹ̀yin ó rẹ́rìn-ín.
22 ২২ ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
Alábùkún fún ni ẹ̀yin, nígbà tí àwọn ènìyàn bá kórìíra yín, tí wọ́n bá yà yín kúrò nínú ẹgbẹ́ wọn, tí wọ́n bá gàn yín, tí wọ́n bá ta orúkọ yín nù bí ohun búburú, nítorí Ọmọ Ènìyàn.
23 ২৩ সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।
“Ẹ jẹ́ kí inú yín dùn, kí ẹ sì fò fún ayọ̀, nítorí púpọ̀ ní èrè yín ni ọ̀run. Báyìí ni àwọn baba yín ṣe ṣe sí àwọn wòlíì.
24 ২৪ কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
“Ègbé ni fún ẹ̀yin ọlọ́rọ̀ nítorí ẹ ti gba ìtùnú yín.
25 ২৫ হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।
Ègbé ni fún ẹ̀yin tí ó yó, nítorí ebi yóò pa yín, Ègbé ni fún ẹ̀yin tí ń rẹ́rìn-ín nísinsin yìí, nítorí tí ẹ̀yin ó ṣọ̀fọ̀, ẹ̀yin ó sì sọkún.
26 ২৬ যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
Ègbé ni fún yín, nígbà tí gbogbo ènìyàn bá ń sọ̀rọ̀ yín ní rere, nítorí bẹ́ẹ̀ gẹ́gẹ́ ni àwọn baba wọn ṣe sí àwọn wòlíì èké.
27 ২৭ কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা।
“Ṣùgbọ́n mo wí fún ẹ̀yin tí ń gbọ́ mi, ẹ fẹ́ àwọn ọ̀tá yín, ṣoore fún àwọn tí ó kórìíra yín.
28 ২৮ যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
Súre fún àwọn tí ń fi yín ré, sì gbàdúrà fún àwọn tí ń kẹ́gàn yín.
29 ২৯ কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা।
Ẹni tí ó bá sì lù ọ́ ní ẹ̀rẹ̀kẹ́ kan, yí kejì sí i pẹ̀lú; àti ẹni tí ó gba agbádá rẹ, má ṣe dá a dúró láti gba ẹ̀wù àwọ̀tẹ́lẹ̀ rẹ pẹ̀lú.
30 ৩০ যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
Sì fi fún gbogbo ẹni tí ó tọrọ lọ́dọ̀ rẹ; lọ́dọ̀ ẹni tí ó sì kó ọ ní ẹrù, má sì ṣe padà béèrè.
31 ৩১ লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।
Gẹ́gẹ́ bí ẹ̀yin sì ti fẹ́ kí ènìyàn ṣe sí yín, kí ẹ̀yin sì ṣe bẹ́ẹ̀ sí wọn pẹ̀lú.
32 ৩২ তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে।
“Ǹjẹ́ bí ẹ̀yin bá fẹ́ àwọn tí ó fẹ́ yín, ọpẹ́ kí ni ẹ̀yin ní? Àwọn ẹlẹ́ṣẹ̀ pẹ̀lú ń fẹ́ àwọn tí ó fẹ́ wọn.
33 ৩৩ তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।
Bí ẹ̀yin sì ṣoore fún àwọn tí ó ṣoore fún yín, ọpẹ́ kín ni ẹ̀yin ní? Àwọn ẹlẹ́ṣẹ̀ pẹ̀lú ń ṣe bẹ́ẹ̀ gẹ́gẹ́.
34 ৩৪ ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে।
Bí ẹ̀yin bá fi fún ẹni tí ẹ̀yin ń retí láti rí gbà padà, ọpẹ́ kín ni ẹ̀yin ní? Àwọn ẹlẹ́ṣẹ̀ pẹ̀lú ń yá ẹlẹ́ṣẹ̀, kí wọn lè gba ìwọ̀n bẹ́ẹ̀ padà.
35 ৩৫ কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।
Ṣùgbọ́n kí ẹ̀yin fẹ́ àwọn ọ̀tá yín kí ẹ sì ṣoore, kí ẹ̀yin sì yá ẹlòmíràn, kí ẹ̀yin má ṣe retí láti rí nǹkan gbà padà; èrè yín yóò sì pọ̀, àwọn ọmọ Ọ̀gá-ògo ni a ó sì máa pè yín: nítorí tí ó ṣe rere fún aláìmoore àti fún ẹni búburú.
36 ৩৬ তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।
Ǹjẹ́ kí ẹ̀yin ní àánú, gẹ́gẹ́ bí Baba yín sì ti ní àánú.
37 ৩৭ তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
“Ẹ má ṣe dá ni lẹ́jọ́, a kì yóò sì dá yín lẹ́jọ́: ẹ má ṣe dá ni lẹ́bi, a kì yóò sì dá yín lẹ́bi: ẹ dáríjì, a ó sì dáríjì yín.
38 ৩৮ দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
Ẹ fi fún ni, a ó sì fi fún yín; òsùwọ̀n dáradára, àkìmọ́lẹ̀, àti àmìpọ̀, àkúnwọ́sílẹ̀, ni a ó wọ́n si àyà yín: nítorí òsùwọ̀n náà tí ẹ̀yin fi wọ́n, òun ni a ó padà fi wọ́n fún yín.”
39 ৩৯ পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে?
Ó sì pa òwe kan fún wọn wí pé, “Afọ́jú ha lè ṣe amọ̀nà afọ́jú bí? Àwọn méjèèjì kọ́ ni yóò ṣubú sínú ihò bí?
40 ৪০ দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।
Ẹni tí a ń kọ́ kì í ju olùkọ́ rẹ̀ lọ: ṣùgbọ́n olúkúlùkù ẹni tí a bá kọ dáradára, yóò dàbí olùkọ́ rẹ̀.
41 ৪১ নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
“Èétiṣe tí ìwọ fi ń wo ẹ̀rún igi tí ń bẹ ní ojú arákùnrin rẹ, ṣùgbọ́n ìwọ kò kíyèsi ìtì igi tí ń bẹ ní ojú ara rẹ?
42 ৪২ তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।”
Tàbí ìwọ ó ti ṣe lè wí fún arákùnrin rẹ pé, ‘Arákùnrin, jẹ́ kí èmi yọ ẹ̀rún igi tí ń bẹ lójú rẹ,’ nígbà tí ìwọ tìkára rẹ kò kíyèsi ìtì igi tí ń bẹ lójú rẹ? Ìwọ àgàbàgebè, kọ́kọ́ yọ ìtí igi jáde kúrò lójú ara rẹ ná, nígbà náà ni ìwọ ó sì tó ríran gbangba láti yọ èérún igi tí ń bẹ lójú arákùnrin rẹ kúrò.
43 ৪৩ “এনে কোনো ভাল গছ নাই, য’ত বেয়া ফল ধৰে; এনে কোনো বেয়া গছ নাই, য’ত ভাল ফল ধৰে।
“Nítorí igi rere kì í so èso búburú; bẹ́ẹ̀ ni igi búburú kì í so èso rere.
44 ৪৪ কাৰণ প্রত্যেক গছকে তাৰ ফলৰ দ্বাৰাই চিনা যায়। কিয়নো মানুহে কাঁইটীয়া জোপোহাৰ পৰা ডিমৰু ফল সংগ্রহ নকৰে। পুলি কাঁইটৰ পৰাও আঙুৰ নাপাৰে।
Olúkúlùkù igi ni a ń fi èso rẹ̀ mọ̀ ọn; nítorí lórí ẹ̀gún òṣùṣú, ènìyàn kì í ká èso ọ̀pọ̀tọ́ bẹ́ẹ̀ ni lórí ẹ̀gún ọ̀gàn a kì í ká èso àjàrà.
45 ৪৫ ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
Ènìyàn rere láti inú yàrá ìṣúra rere ọkàn rẹ̀ ní mú ohun rere jáde wá; àti ènìyàn búburú láti inú ìṣúra búburú ọkàn rẹ̀ ní í mú ohun búburú jáde wá: nítorí láti inú ẹ̀kúnrẹ́rẹ́ ọkàn ní ẹnu ti máa sọ jáde.
46 ৪৬ তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
“Nítorí náà, èéṣe tí ẹ̀yin ń pè mí ní, ‘Olúwa, Olúwa,’ tí ẹ̀yin kò sì ṣe ohun tí mo wí?
47 ৪৭ যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ-
Ẹnikẹ́ni tí ó tọ̀ mí wá, tí ó sì ń gbọ́ ọ̀rọ̀ mi, tí ó sì ń ṣe é, èmi yóò fi ẹni tí ó jọ hàn yín.
48 ৪৮ তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
Ó jọ ọkùnrin kan, tí ó kọ́ ilé, tí ó sì wa ilẹ̀ jìn, tí ó sì fi ìpìlẹ̀ sọlẹ̀ lórí àpáta, nígbà tí kíkún omi sì dé, ìgbì omi kọlu ilé náà, kò sì lè mì ín nítorí tí a fi ìpìlẹ̀ rẹ̀ sọlẹ̀ lórí àpáta.
49 ৪৯ কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”
Ṣùgbọ́n ẹni tí ó gbọ́, tí kò sì ṣe é, ó dàbí ọkùnrin tí ó kọ́ ilé sí orí ilẹ̀ láìní ìpìlẹ̀; nígbà tí ìgbì omi kọlù ú, lọ́gán, ó sì wó; wíwó ilé náà sì pọ̀ púpọ̀.”