< লূক 4 >

1 ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।।
ততঃ পৰং যীশুঃ পৱিত্ৰেণাত্মনা পূৰ্ণঃ সন্ যৰ্দ্দননদ্যাঃ পৰাৱৃত্যাত্মনা প্ৰান্তৰং নীতঃ সন্ চৎৱাৰিংশদ্দিনানি যাৱৎ শৈতানা পৰীক্ষিতোঽভূৎ,
2 তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।
কিঞ্চ তানি সৰ্ৱ্ৱদিনানি ভোজনং ৱিনা স্থিতৎৱাৎ কালে পূৰ্ণে স ক্ষুধিতৱান্|
3 তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”
ততঃ শৈতানাগত্য তমৱদৎ ৎৱং চেদীশ্ৱৰস্য পুত্ৰস্তৰ্হি প্ৰস্তৰানেতান্ আজ্ঞযা পূপান্ কুৰু|
4 যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”
তদা যীশুৰুৱাচ, লিপিৰীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱাভিৰাজ্ঞাভি ৰ্জীৱতি|
5 তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে।
তদা শৈতান্ তমুচ্চং পৰ্ৱ্ৱতং নীৎৱা নিমিষৈকমধ্যে জগতঃ সৰ্ৱ্ৱৰাজ্যানি দৰ্শিতৱান্|
6 চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ।
পশ্চাৎ তমৱাদীৎ সৰ্ৱ্ৱম্ এতদ্ ৱিভৱং প্ৰতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমৰ্পিতমাস্তে যং প্ৰতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি,
7 এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।”
ৎৱং চেন্মাং ভজসে তৰ্হি সৰ্ৱ্ৱমেতৎ তৱৈৱ ভৱিষ্যতি|
8 তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’”
তদা যীশুস্তং প্ৰত্যুক্তৱান্ দূৰী ভৱ শৈতান্ লিপিৰাস্তে, নিজং প্ৰভুং পৰমেশ্ৱৰং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|
9 তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক।
অথ শৈতান্ তং যিৰূশালমং নীৎৱা মন্দিৰস্য চূডাযা উপৰি সমুপৱেশ্য জগাদ ৎৱং চেদীশ্ৱৰস্য পুত্ৰস্তৰ্হি স্থানাদিতো লম্ফিৎৱাধঃ
10 ১০ কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু
১০পত যতো লিপিৰাস্তে, আজ্ঞাপযিষ্যতি স্ৱীযান্ দূতান্ স পৰমেশ্ৱৰঃ|
11 ১১ ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।”
১১ৰক্ষিতুং সৰ্ৱ্ৱমাৰ্গে ৎৱাং তেন ৎৱচ্চৰণে যথা| ন লগেৎ প্ৰস্তৰাঘাতস্ত্ৱাং ধৰিষ্যন্তি তে তথা|
12 ১২ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”
১২তদা যীশুনা প্ৰত্যুক্তম্ ইদমপ্যুক্তমস্তি ৎৱং স্ৱপ্ৰভুং পৰেশং মা পৰীক্ষস্ৱ|
13 ১৩ এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল।
১৩পশ্চাৎ শৈতান্ সৰ্ৱ্ৱপৰীক্ষাং সমাপ্য ক্ষণাত্তং ত্যক্ত্ৱা যযৌ|
14 ১৪ তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গ’ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল।
১৪তদা যীশুৰাত্মপ্ৰভাৱাৎ পুনৰ্গালীল্প্ৰদেশং গতস্তদা তৎসুখ্যাতিশ্চতুৰ্দিশং ৱ্যানশে|
15 ১৫ তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
১৫স তেষাং ভজনগৃহেষু উপদিশ্য সৰ্ৱ্ৱৈঃ প্ৰশংসিতো বভূৱ|
16 ১৬ এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
১৬অথ স স্ৱপালনস্থানং নাসৰৎপুৰমেত্য ৱিশ্ৰামৱাৰে স্ৱাচাৰাদ্ ভজনগেহং প্ৰৱিশ্য পঠিতুমুত্তস্থৌ|
17 ১৭ তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
১৭ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য কৰদত্তে সতি স তৎ পুস্তকং ৱিস্তাৰ্য্য যত্ৰ ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্ৰাপ্য পপাঠ|
18 ১৮ “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
১৮আত্মা তু পৰমেশস্য মদীযোপৰি ৱিদ্যতে| দৰিদ্ৰেষু সুসংৱাদং ৱক্তুং মাং সোভিষিক্তৱান্| ভগ্নান্তঃ কৰণাল্লোকান্ সুস্ৱস্থান্ কৰ্ত্তুমেৱ চ| বন্দীকৃতেষু লোকেষু মুক্তে ৰ্ঘোষযিতুং ৱচঃ| নেত্ৰাণি দাতুমন্ধেভ্যস্ত্ৰাতুং বদ্ধজনানপি|
19 ১৯ ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।”
১৯পৰেশানুগ্ৰহে কালং প্ৰচাৰযিতুমেৱ চ| সৰ্ৱ্ৱৈতৎকৰণাৰ্থায মামেৱ প্ৰহিণোতি সঃ||
20 ২০ পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল।
২০ততঃ পুস্তকং বদ্ৱ্ৱা পৰিচাৰকস্য হস্তে সমৰ্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সৰ্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিৰে|
21 ২১ তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”
২১অনন্তৰম্ অদ্যৈতানি সৰ্ৱ্ৱাণি লিখিতৱচনানি যুষ্মাকং মধ্যে সিদ্ধানি স ইমাং কথাং তেভ্যঃ কথযিতুমাৰেভে|
22 ২২ তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে ক’লে, “এওঁ যোচেফৰ পুতেক নহয় জানো?”
২২ততঃ সৰ্ৱ্ৱে তস্মিন্ অন্ৱৰজ্যন্ত, কিঞ্চ তস্য মুখান্নিৰ্গতাভিৰনুগ্ৰহস্য কথাভিশ্চমৎকৃত্য কথযামাসুঃ কিমযং যূষফঃ পুত্ৰো ন?
23 ২৩ যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”
২৩তদা সোঽৱাদীদ্ হে চিকিৎসক স্ৱমেৱ স্ৱস্থং কুৰু কফৰ্নাহূমি যদ্যৎ কৃতৱান্ তদশ্ৰৌষ্ম তাঃ সৰ্ৱাঃ ক্ৰিযা অত্ৰ স্ৱদেশে কুৰু কথামেতাং যূযমেৱাৱশ্যং মাং ৱদিষ্যথ|
24 ২৪ তেওঁ পুনৰ ক’লে, “মই সঠিক ভাবে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।
২৪পুনঃ সোৱাদীদ্ যুষ্মানহং যথাৰ্থং ৱদামি, কোপি ভৱিষ্যদ্ৱাদী স্ৱদেশে সৎকাৰং ন প্ৰাপ্নোতি|
25 ২৫ মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;
২৫অপৰঞ্চ যথাৰ্থং ৱচ্মি, এলিযস্য জীৱনকালে যদা সাৰ্দ্ধত্ৰিতযৱৰ্ষাণি যাৱৎ জলদপ্ৰতিবন্ধাৎ সৰ্ৱ্ৱস্মিন্ দেশে মহাদুৰ্ভিক্ষম্ অজনিষ্ট তদানীম্ ইস্ৰাযেলো দেশস্য মধ্যে বহ্ৱ্যো ৱিধৱা আসন্,
26 ২৬ কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
২৬কিন্তু সীদোন্প্ৰদেশীযসাৰিফৎপুৰনিৱাসিনীম্ একাং ৱিধৱাং ৱিনা কস্যাশ্চিদপি সমীপে এলিযঃ প্ৰেৰিতো নাভূৎ|
27 ২৭ পুণৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”
২৭অপৰঞ্চ ইলীশাযভৱিষ্যদ্ৱাদিৱিদ্যমানতাকালে ইস্ৰাযেল্দেশে বহৱঃ কুষ্ঠিন আসন্ কিন্তু সুৰীযদেশীযং নামান্কুষ্ঠিনং ৱিনা কোপ্যন্যঃ পৰিষ্কৃতো নাভূৎ|
28 ২৮ এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
২৮ইমাং কথাং শ্ৰুৎৱা ভজনগেহস্থিতা লোকাঃ সক্ৰোধম্ উত্থায
29 ২৯ তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গ’ল।
২৯নগৰাত্তং বহিষ্কৃত্য যস্য শিখৰিণ উপৰি তেষাং নগৰং স্থাপিতমাস্তে তস্মান্নিক্ষেপ্তুং তস্য শিখৰং তং নিন্যুঃ
30 ৩০ কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ’ল।
৩০কিন্তু স তেষাং মধ্যাদপসৃত্য স্থানান্তৰং জগাম|
31 ৩১ তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল।
৩১ততঃ পৰং যীশুৰ্গালীল্প্ৰদেশীযকফৰ্নাহূম্নগৰ উপস্থায ৱিশ্ৰামৱাৰে লোকানুপদেষ্টুম্ আৰব্ধৱান্|
32 ৩২ তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল।
৩২তদুপদেশাৎ সৰ্ৱ্ৱে চমচ্চক্ৰু ৰ্যতস্তস্য কথা গুৰুতৰা আসন্|
33 ৩৩ নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল,
৩৩তদানীং তদ্ভজনগেহস্থিতোঽমেধ্যভূতগ্ৰস্ত একো জন উচ্চৈঃ কথযামাস,
34 ৩৪ “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।”
৩৪হে নাসৰতীযযীশোঽস্মান্ ত্যজ, ৎৱযা সহাস্মাকং কঃ সম্বন্ধঃ? কিমস্মান্ ৱিনাশযিতুমাযাসি? ৎৱমীশ্ৱৰস্য পৱিত্ৰো জন এতদহং জানামি|
35 ৩৫ যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল।
৩৫তদা যীশুস্তং তৰ্জযিৎৱাৱদৎ মৌনী ভৱ ইতো বহিৰ্ভৱ; ততঃ সোমেধ্যভূতস্তং মধ্যস্থানে পাতযিৎৱা কিঞ্চিদপ্যহিংসিৎৱা তস্মাদ্ বহিৰ্গতৱান্|
36 ৩৬ ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”
৩৬ততঃ সৰ্ৱ্ৱে লোকাশ্চমৎকৃত্য পৰস্পৰং ৱক্তুমাৰেভিৰে কোযং চমৎকাৰঃ| এষ প্ৰভাৱেণ পৰাক্ৰমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহিৰ্গচ্ছন্তি|
37 ৩৭ পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল।
৩৭অনন্তৰং চতুৰ্দিক্স্থদেশান্ তস্য সুখ্যাতিৰ্ৱ্যাপ্নোৎ|
38 ৩৮ যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
৩৮তদনন্তৰং স ভজনগেহাদ্ বহিৰাগত্য শিমোনো নিৱেশনং প্ৰৱিৱেশ তদা তস্য শ্ৱশ্ৰূৰ্জ্ৱৰেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদৰ্থং তস্মিন্ ৱিনযং চক্ৰুঃ|
39 ৩৯ তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।
৩৯ততঃ স তস্যাঃ সমীপে স্থিৎৱা জ্ৱৰং তৰ্জযামাস তেনৈৱ তাং জ্ৱৰোঽত্যাক্ষীৎ ততঃ সা তৎক্ষণম্ উত্থায তান্ সিষেৱে|
40 ৪০ সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
৪০অথ সূৰ্য্যাস্তকালে স্ৱেষাং যে যে জনা নানাৰোগৈঃ পীডিতা আসন্ লোকাস্তান্ যীশোঃ সমীপম্ আনিন্যুঃ, তদা স একৈকস্য গাত্ৰে কৰমৰ্পযিৎৱা তানৰোগান্ চকাৰ|
41 ৪১ তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
৪১ততো ভূতা বহুভ্যো নিৰ্গত্য চীৎশব্দং কৃৎৱা চ বভাষিৰে ৎৱমীশ্ৱৰস্য পুত্ৰোঽভিষিক্তত্ৰাতা; কিন্তু সোভিষিক্তত্ৰাতেতি তে ৱিৱিদুৰেতস্মাৎ কাৰণাৎ তান্ তৰ্জযিৎৱা তদ্ৱক্তুং নিষিষেধ|
42 ৪২ যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
৪২অপৰঞ্চ প্ৰভাতে সতি স ৱিজনস্থানং প্ৰতস্থে পশ্চাৎ জনাস্তমন্ৱিচ্ছন্তস্তন্নিকটং গৎৱা স্থানান্তৰগমনাৰ্থং তমন্ৱৰুন্ধন্|
43 ৪৩ কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
৪৩কিন্তু স তান্ জগাদ, ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰচাৰযিতুম্ অন্যানি পুৰাণ্যপি মযা যাতৱ্যানি যতস্তদৰ্থমেৱ প্ৰেৰিতোহং|
44 ৪৪ তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।
৪৪অথ গালীলো ভজনগেহেষু স উপদিদেশ|

< লূক 4 >