< লূক 4 >
1 ১ ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।।
Iesus autem plenus Spiritu Sancto regressus est a Iordane: et agebatur a Spiritu in desertum
2 ২ তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।
diebus quadraginta, et tentabatur a diabolo. Et nihil manducavit in diebus illis: et consummatis illis esuriit.
3 ৩ তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”
Dixit autem illi diabolus: Si Filius Dei es, dic lapidi huic ut panis fiat.
4 ৪ যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”
Et respondit ad illum Iesus: Scriptum est: Quia non in solo pane vivit homo, sed in omni verbo Dei.
5 ৫ তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে।
Et duxit illum diabolus in montem excelsum, et ostendit illi omnia regna orbis terræ in momento temporis,
6 ৬ চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ।
et ait illi: Tibi dabo potestatem hanc universam, et gloriam illorum: quia mihi tradita sunt: et cui volo do illa.
7 ৭ এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।”
Tu ergo si adoraveris coram me, erunt tua omnia.
8 ৮ তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’”
Et respondens Iesus, dixit illi: Scriptum est: Dominum Deum tuum adorabis, et illi soli servies.
9 ৯ তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক।
Et duxit illum in Ierusalem, et statuit eum super pinnam templi, et dixit illi: Si Filius Dei es, mitte te hinc deorsum.
10 ১০ কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু
Scriptum est enim quod Angelis suis mandavit de te, ut conservent te:
11 ১১ ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।”
et quia in manibus tollent te, ne forte offendas ad lapidem pedem tuum.
12 ১২ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”
Et respondens Iesus, ait illi: Dictum est: Non tentabis Dominum Deum tuum.
13 ১৩ এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল।
Et consummata omni tentatione, diabolus recessit ab illo, usque ad tempus.
14 ১৪ তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গ’ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল।
Et regressus est Iesus in virtute Spiritus in Galilæam, et fama exiit per universam regionem de illo.
15 ১৫ তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
Et ipse docebat in synagogis eorum, et magnificabatur ab omnibus.
16 ১৬ এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
Et venit Nazareth, ubi erat nutritus, et intravit secundum consuetudinem suam die Sabbati in synagogam, et surrexit legere.
17 ১৭ তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
Et traditus est illi liber Isaiæ prophetæ. Et ut revolvit librum, invenit locum ubi scriptum erat:
18 ১৮ “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
Spiritus Domini super me: propter quod unxit me, evangelizare pauperibus misit me, sanare contritos corde,
19 ১৯ ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।”
prædicare captivis remissionem, et cæcis visum, dimittere confractos in remissionem, prædicare annum Domini acceptum, et diem retributionis.
20 ২০ পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল।
Et cum plicuisset librum, reddit ministro, et sedit. Et omnium in synagoga oculi erant intendentes in eum.
21 ২১ তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”
Cœpit autem dicere ad illos: Quia hodie impleta est hæc scriptura in auribus vestris.
22 ২২ তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে ক’লে, “এওঁ যোচেফৰ পুতেক নহয় জানো?”
Et omnes testimonium illi dabant: et mirabantur in verbis gratiæ, quæ procedebant de ore ipsius, et dicebant: Nonne hic est filius Ioseph?
23 ২৩ যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”
Et ait illis: Utique dicetis mihi hanc similitudinem: Medice cura teipsum: quanta audivimus facta in Capharnaum, fac et hic in patria tua.
24 ২৪ তেওঁ পুনৰ ক’লে, “মই সঠিক ভাবে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।
Ait autem: Amen dico vobis, quia nemo propheta acceptus est in patria sua.
25 ২৫ মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;
In veritate dico vobis, multæ viduæ erant in diebus Eliæ in Israel, quando clausum est cælum annis tribus, et mensibus sex: cum facta esset fames magna in omni terra:
26 ২৬ কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
et ad nullam illarum missus est Elias, nisi in Sarepta Sidoniæ, ad mulierem viduam.
27 ২৭ পুণৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”
Et multi leprosi erant in Israel sub Elisæo propheta: et nemo eorum mundatus est nisi Naaman Syrus.
28 ২৮ এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
Et repleti sunt omnes in synagoga ira, hæc audientes.
29 ২৯ তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গ’ল।
Et surrexerunt, et eiecerunt illum extra civitatem: et duxerunt illum usque ad supercilium montis, super quem civitas illorum erat ædificata ut præcipitarent eum.
30 ৩০ কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ’ল।
Ipse autem transiens per medium illorum, ibat.
31 ৩১ তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল।
Et descendit in Capharnaum civitatem Galilææ, ibique docebat illos Sabbatis.
32 ৩২ তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল।
Et stupebant in doctrina eius, quia in potestate erat sermo ipsius.
33 ৩৩ নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল,
Et in synagoga erat homo habens dæmonium immundum, et exclamavit voce magna,
34 ৩৪ “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।”
dicens: Sine, quid nobis, et tibi Iesu Nazarene? Venisti perdere nos? scio te quis sis, Sanctus Dei.
35 ৩৫ যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল।
Et increpavit illum Iesus, dicens: Obmutesce, et exi ab eo. Et cum proiecisset illum dæmonium in medium, exiit ab illo, nihilque illum nocuit.
36 ৩৬ ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”
Et factus est pavor in omnibus, et colloquebantur ad invicem, dicentes: Quod est hoc verbum? Quia in potestate et virtute imperat immundis spiritibus, et exeunt.
37 ৩৭ পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল।
Et divulgabatur fama de illo in omnem locum regionis.
38 ৩৮ যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
Surgens autem Iesus de synagoga, introivit in domum Simonis. Socrus autem Simonis tenebatur magnis febribus: et rogaverunt illum pro ea.
39 ৩৯ তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।
Et stans super illam imperavit febri: et dimisit illam. Et continuo surgens, ministrabat illis.
40 ৪০ সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
Cum autem sol occidisset: omnes, qui habebant infirmos variis languoribus, ducebant illos ad eum. At ille singulis manus imponens, curabat eos.
41 ৪১ তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
Exibant autem dæmonia a multis clamantia, et dicentia: Quia tu es filius Dei: et increpans non sinebat ea loqui: quia sciebant ipsum esse Christum.
42 ৪২ যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
Facta autem die egressus, ibat in desertum locum, et turbæ requirebant eum, et venerunt usque ad ipsum: et detinebant illum ne discederet ab eis.
43 ৪৩ কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
Quibus ille ait: Quia et aliis civitatibus oportet me evangelizare regnum Dei: quia ideo missus sum.
44 ৪৪ তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।
Et erat prædicans in synagogis Galilææ.