< লূক 3 >
1 ১ তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
Aber im fünfzehnten Jahre der Regierung des Kaisers Tiberius, als Pontius Pilatus Landpfleger von Judäa war, und Herodes Vierfürst von Galiläa, und sein Bruder Philippus Vierfürst von Ituräa und der Landschaft Trachonitis, und Lysanias Vierfürst von Abilene,
2 ২ হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
unter dem Hohenpriestertum von Annas und Kajaphas, geschah das Wort Gottes zu Johannes, dem Sohne Zacharias, in der Wüste.
3 ৩ তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
Und er kam in die ganze Umgegend des Jordan und predigte die Taufe der Buße zur Vergebung der Sünden;
4 ৪ ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
wie geschrieben steht im Buche der Worte Jesaias, des Propheten: "Stimme eines Rufenden in der Wüste: Bereitet den Weg des Herrn, machet gerade seine Steige!
5 ৫ আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
Jedes Tal wird ausgefüllt und jeder Berg und Hügel erniedrigt werden, und das Krumme wird zum geraden Wege und die höckerichten zu ebenen Wegen werden;
6 ৬ সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
und alles Fleisch wird das Heil Gottes sehen". [Jes. 40,3-5]
7 ৭ তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
Er sprach nun zu der Volksmenge, die hinausgingen, um von ihm getauft zu werden: Otternbrut! Wer hat euch gewiesen, dem kommenden Zorn zu entfliehen?
8 ৮ আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
Bringet nun der Buße würdige Früchte; und beginnet nicht, bei euch selbst zu sagen: Wir haben Abraham zum Vater; denn ich sage euch, daß Gott dem Abraham aus diesen Steinen Kinder zu erwecken vermag.
9 ৯ গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
Schon ist aber auch die Axt an die Wurzel der Bäume gelegt [Siehe die Anm. zu Matth. 3,10;] jeder Baum nun, der nicht gute Frucht bringt, wird abgehauen und ins Feuer geworfen.
10 ১০ তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
Und die Volksmenge fragte ihn und sprachen: Was sollen wir denn tun?
11 ১১ তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
Er aber antwortete und sprach zu ihnen: Wer zwei Leibröcke hat, teile dem mit, der keinen hat; und wer Speise hat, tue gleicherweise.
12 ১২ তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
Es kamen aber auch Zöllner, um getauft zu werden; und sie sprachen zu ihm: Lehrer, was sollen wir tun?
13 ১৩ তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”
Er aber sprach zu ihnen: Fordert nicht mehr, als euch bestimmt ist.
14 ১৪ কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
Es fragten ihn aber auch Kriegsleute und sprachen: Und wir, was sollen wir tun? Und er sprach zu ihnen: Tut niemand Gewalt, [O. Übet an niemand Erpressung] und klaget niemand fälschlich an, und begnüget euch mit eurem Solde.
15 ১৫ লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
Als aber das Volk in Erwartung war, und alle in ihren Herzen wegen Johannes überlegten, ob er nicht etwa der Christus sei,
16 ১৬ যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
antwortete Johannes allen und sprach: Ich zwar taufe euch mit Wasser; es kommt aber, der stärker ist als ich, dessen ich nicht würdig [Eig. genugsam, tüchtig] bin, ihm den Riemen seiner Sandalen zu lösen; er wird euch mit [W. in] Heiligem Geiste und Feuer taufen;
17 ১৭ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
dessen Worfschaufel in seiner Hand ist, und er wird seine Tenne durch und durch reinigen und den Weizen in seine Scheune sammeln; die Spreu aber wird er verbrennen mit unauslöschlichem Feuer.
18 ১৮ এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
Indem er nun auch mit vielem anderen ermahnte, verkündigte er dem Volke gute Botschaft.
19 ১৯ ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
Herodes aber, der Vierfürst, weil er wegen der Herodias, des Weibes seines Bruders, und wegen alles Bösen, das Herodes getan hatte, von ihm gestraft wurde,
20 ২০ তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
fügte allem auch dies hinzu, daß er Johannes ins Gefängnis einschloß.
21 ২১ সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
Es geschah aber, als das ganze Volk getauft wurde, und Jesus getauft war und betete, daß der Himmel aufgetan wurde,
22 ২২ সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
und der Heilige Geist in leiblicher Gestalt, wie eine Taube, auf ihn herabstieg, und eine Stimme aus dem Himmel kam: Du bist mein geliebter Sohn, an [W. in] dir habe ich Wohlgefallen gefunden.
23 ২৩ প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
Und er selbst, Jesus, begann ungefähr dreißig Jahre alt zu werden, und war, wie man meinte, ein Sohn des Joseph, des Eli,
24 ২৪ এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
des Matthat, des Levi, des Melchi, des Janna, des Joseph,
25 ২৫ যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
des Mattathias, des Amos, des Nahum, des Esli, des Naggai,
26 ২৬ নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
des Maath, des Mattathias, des Semei, des Joseph, des Juda,
27 ২৭ যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
des Johanna, des Resa, des Zorobabel, des Salathiel, des Neri,
28 ২৮ নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
des Melchi, des Addi, des Kosam, des Elmodam, des Er,
29 ২৯ এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
des Joses, des Elieser, des Jorim, des Matthat, des Levi,
30 ৩০ লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
des Simeon, des Juda, des Joseph, des Jonan, des Eliakim,
31 ৩১ ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
des Melea, des Menna, des Mattatha, des Nathan, des David,
32 ৩২ দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
des Jesse, des Obed, des Boas, des Salmon, des Nahasson,
33 ৩৩ নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
des Aminadab, des Aram, des Esrom, des Phares, des Juda,
34 ৩৪ যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
des Jakob, des Isaak, des Abraham, des Thara, des Nachor,
35 ৩৫ নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
des Seruch, des Rhagau, des Phalek, des Eber, des Sala,
36 ৩৬ চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
des Kainan, des Arphaxad, des Sem, des Noah, des Lamech,
37 ৩৭ লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;
des Methusala, des Enoch, des Jared, des Maleleel, des Kainan,
38 ৩৮ কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।
des Enos, des Seth, des Adam, des Gottes.