< লূক 2 >

1 সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
Lino mulayo mazuba, kwakasika akuti oyo siza Agasitasi wakatamuna mulumbe kulayilila kuti kubalwa kwachitwe kwabantu boonse bapona munyika.
2 চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল।
Oku kwakali kubalwa kutanzi kwakachitwa chiindi kkwiniliyasi nakali mwendelezyi wa Siliya.
3 সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল।
Aboobo muntu woonse wakiinka kudolopo lyakwe kuti akalembesye kubalwa
4 ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰত নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল।
Josefa alakwe wakinka atala kuzwa ku Galile, kuzwa kudolopo lya Nazaleta, kuya kuJudiy, kuya kudolopo lyaDavida, oyo utegwa Betelehema, nkaambo wakali wang'anda a lunyungu lwaDavida.
5 যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মকো লগত লৈ নাম লিখাবৰ বাবে গ’ল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল।
Wakayinka ooko kuti akalembesye aantomwe a Meli, ooyo ngwakatuminide alumwi wakali aatambu.
6 পাছত তেওঁলোক তাতে থাকোতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ্ণ হ’ল।
Lino kwakasika kuti biyo nibakachiliko oko, ichindi chakasika chakwe kuti atumbuke mwana wakwe.
7 তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল।
Wakatumbuka mwana mulombe, mwana mutanzi wakwe, alimwi wakamuputila mumalembo akasala malamfu alimwi wamulazika muchata, nkaambo tekwakalikwe busena bulabo munga'nda yabenzu.
8 সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল।
Kwakaliwo bembeli mubusena obo bakalikukkala mumyuunda, kabalo kulinda butanga bwabo mansiku.
9 হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল।
Mungelo wamulami wakaboneka kuli mbabo, alimwi abulemu bwaMwami bwaka yubununwa alimbababo, alimwi bakazula akuyowa kupati.
10 ১০ তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে,
Mpawo mungelo wakamba wakati, “Mutayowinkambo ndamwetela makani mabotu ayo atazo yete kukondwa kupati kubantu boonse.
11 ১১ আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট।
Sunu mufuli wazyalilwa ndinywe mudolopo lyaDavida nguKKilisto mwami!
12 ১২ তোমালোকলৈ এয়ে চিন হব যে, ল’ৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।”
Echi nchichitondezyo chitakapegwe kuli ndinywe. Mulojana mwana kaputilidwe mulembo likasalaalimwi kalede luchaata.”
13 ১৩ তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে,
Mpawo mpawo kwakaliwo antomwe abangelo biingi loko bazwa kujulu, kulumbaizya Leza alimwi kabati,
14 ১৪ “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
“Bulemu kuli Leza usumpukide, alimwi ngakube luumuno munyika akati kabantu amwi amoyo ngwaboteledwe.” Amwi malembo achiindi achi Greeki alakupeleta kusiyenesiyene oko kubona kwaamba kwamabala abili akonzya kwaamba zilikumamanino amabala mache a muchala 14, yabili nkili njiyandisigwa. Kubona kwaamba nkoku.” chiyandisisyo chibotu kubantu kana akati kabantu alumwi awoyo we (LEZA) ngwabo teledwe
15 ১৫ পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ ব’লা।”
Kwakaba kuti awo bangelo kabali bayinka kuzwa alimbabo kuya kujulu, bembeli bakati kuli umwi awumwi, “ngatwiinke lino ku Betelehema alimwi tukabone echi chintu chachitika, echo Mwami nchatuyubnwida.
16 ১৬ তাৰ পাছত তেওঁলোকে বেগাই বিচাৰি গ’ল, তাতে বিচাৰি যোৱাত মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা ল’ৰা জনক দেখা পালে।
Bakafwambanina nkuko alumwi bakujana Malia, Josefa, amwana oyo wakalede muchata
17 ১৭ এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা তেওঁলোকে লোক সকলক জনালে।
Kuzwawo abo nibakabamubona, bakazibisya ezyo zimbakali babuzigwa bo atala amwana.
18 ১৮ তাতে মেষৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে।
Boonse abo bakamvwa bakagamba kuli zezyo zyakambwa abembeli.
19 ১৯ কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে।
Pesi Maliya wakali kuyeya a makani ngakali wamvwa, wakalondolawo mumoyo wakwe.
20 ২০ ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল।
Bembeli bakabweda kabalumbaizya akutembawula Leza kuli zyoonse ezyo zibakamvwa akubona, mbuli mbubaka mbilwa.
21 ২১ পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।
Elyo kwakiinda mazuba masanu aatatu, elyo nakabalulwa, wakuzikwa wategwa Jsu, izina ndyakapedwe amungelo musule katana mintwa mwida
22 ২২ মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে।
Elyo ilangililwa mweelwe yamazuba akulisalazya kwabo nakiinda, mbuli mumulawo waMozesi, bo bakamweta kuchikombelo kuJelusalema kulomupeda kumwaami.
23 ২৩ কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।”
Mbuli mbukulembedwe mumulawu wamwami, “woonse mwana mulombe ujula ida ulo bikkwa kumbali kuMwami.”
24 ২৪ আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল।
Abobo bakapa chipaizyo mbuli ezyo zyakambidwe mumulawu wamwana, “inziba zibili nabana bankuilimba.
25 ২৫ তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল।
Amubone kwakali mwalumi muJelusalema ula zina litegwa Simiyoni, alumwi oyo mwalumi wakali luleme a kulipeda. Wakali kalangilila kumbilizigwa kwabaIzilayeli, alubo muuya usalala wakala tala anguwe.
26 ২৬ প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল।
Zyakali zyayubununwa kuli nguwe amuya usalala kutitakozobona lufu katanakubona uNanikidwewaMwami.
27 ২৭ সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে।
Kazulwidwa aMuuya, Simiyoni waka sika muchikombelo. Elyo bazyali bakanjizya mukati mwana Jeso, kulo muchitila mbuli chiyanza chabo chamulawo.
28 ২৮ তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে,
Wakamubweza mumaboko aakwe alimwi walumbaizya Leza, alimwi wakati,
29 ২৯ “হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক।
“Lino leka mulandawako ayiinde mulumuno, mwami, mbuli ijwi lyako.
30 ৩০ কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে,
Nkaambo menso angu abona lufutuko lwako,
31 ৩১ যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে।
olo mbwakambilwa abuliwo bwabantu boonse.
32 ৩২ তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্ৰায়েল লোকৰ গৌৰৱ হব।”
“Mumuni wachiyubunuzyo kuli bamasi alimwi bulemu kubantu bako izilayeli.”
33 ৩৩ শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক-বাপেক বিস্মিত হৈ গ’ল।
Wisi abanyina, bakagambilwa aatala azintu zyakalikwaambulwa aatala amwana wabo.
34 ৩৪ তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব;
Simiyoni wakabalongezya mpawo wakati kuli banyina, “Amulange mwana ooyu ulisalidwe kuti kube kuwa akusumpulwa kwabamwi bantu biingi muli Izirayeli achitondeezyo chikakidwe -
35 ৩৫ তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।”
alimwi ipanga liyoyasa muuya wako - kuchitila kuti myoyo myiingi ikayubununwe.”
36 ৩৬ সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল
Musinsimi mwanakazi uutegwa Ana wakaliwo. Wakali mwana musimbi waFanuwelo kuzwa kumukowa wa Asha. Wakali wapona amulumi wakwe minyaka ili musanu ayibili kuzwa kubusimbi bwakwe.
37 ৩৭ আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
Alimwi wakali mukamufu kwamwinyaka ili makumi musanu aatatu atune. Takwe nakazwide muchikombelo pesi wakali kubelekela kulyimya a kukomba mansiku, asikati.
38 ৩৮ ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে।
Kuli ndilelyo wola wakaswena afwifwi kuli mbabo almwi wakatalika kupa kulumba kuli Leza, alimwi wakambula alubo aatala amwana kubantu boonse abo bakali kulindila kufutulwa kwaJelusalema.
39 ৩৯ প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল।
Eelyo aabo boonse nibakamanisya nzibakeelede kuchitambuli mulawo wamwami, bakabweeda ku Galilii, kudolopo lyabo lya Nazaleta.
40 ৪০ পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।
Mwana wakakomena alimwi wakasima, kuyungizya mubusongo, alimwi luzyalo lwaleza lwakali aanguwe
41 ৪১ নিস্তাৰ-পৰ্ব পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়।
Bazyali bakwe bakali kwiinka munyaka umwi awumwi ku Jelusalema kupobwe lya kwindilila.
42 ৪২ যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল।
Awo nakaba aminyaka kkumi ayibili, bakabweda lubo mbuli chiindi chachiyanza chabo kupobwe.
43 ৪৩ পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল।
Nibakakkala mazuba azulide aa pobwe, bakabweda kumunzi. Pesi mulombe Jeso wakasyala ku Jelusalema alimwi bazyali bakwe tebakazipe.
44 ৪৪ তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে।
Bakayelela kuti wakali akabunga ako nkibakayobwenda aako, mpawo bo bakenda musinzo wazuba limwi. Mpawo bakasanguna kumulangula akati kanzubo zyabo abeenzinyina.
45 ৪৫ কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে।
Eelyo nibakamubula, bakabweda ku Jelusalema alimwi bakatalika kumuyandula nkuko.
46 ৪৬ তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল।
Zyakachitika kuti musule lyamazuba aatatu bakasanguna kumuyandula mung'anda ya Leza, kakkede akati kabayisyi, kalokubaswilizya akubabuzya mibuzyo.
47 ৪৭ আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
Boonse bakamumvwa bakagamba kukumvwisisisya kwakwe akunsandulo zyakwe
48 ৪৮ মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।”
Elyo nibakamubona bakakankabala. Banyina bakati kulinguwe, “Mwanaangu, nkambonzi nwatujata enzila eyi? Langa, wuso andime twalikukuyandula achakutankalinkana.”
49 ৪৯ তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
Wakati kulimbabo, “Nkambonzi nimwalikundiyandula? Temwazi na kuti ndeelede kuba mungánda yandeende?”
50 ৫০ কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে।
Pesi bo tebakamvwisisya nzyakalikwamba awayo majwi.
51 ৫১ তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে।
Elyo wakabweda kumunzi kulimbabo kuNazaleta alimwi wakali kulibombya kuli mbabo. Banyina bakalondola zyoonse ezi mumoyo wabo.
52 ৫২ কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।
Pesi Jeso wakaya kunembo akukomena mubusongo a muchiimo, alimwi wakayungizya kuluzyalo kuli Leza aku bantu

< লূক 2 >