< লূক 19 >
1 ১ পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে।
Potom Ježíš vešel do Jericha.
2 ২ সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল।
Žil tam vrchní výběrčí daní Zacheus, velký boháč.
3 ৩ তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল।
Chtěl za každou cenu vidět Ježíše, ale protože sám byl malé postavy a okolo Ježíše se tísnily davy lidí,
4 ৪ সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ’ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে।
předběhl průvod a vylezl na strom; odtamtud ho vyhlížel.
5 ৫ পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক’লে, “হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷”
Když Ježíš došel až k tomu místu, podíval se vzhůru a řekl: „Zachee, pojď rychle dolů, chci dnes být tvým hostem.“
6 ৬ তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল।
Zacheus slezl, jak nejrychleji uměl a plný radosti si odváděl Ježíše domů.
7 ৭ তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।”
Lidé se posmívali: „Jde na návštěvu k takovému hříšníkovi!“
8 ৮ তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”
Tu se Zacheus zastavil a obrátil na Ježíše: „Pane, polovinu svého majetku rozdám chudým a koho jsem okradl, tomu to čtyřnásobně vynahradím.“
9 ৯ তেতিয়া যীচুৱে তেওঁক ক’লে, “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান।
Nato Ježíš řekl: „Dnes se pro tohoto muže a jeho rodinu všechno mění. Teď plným právem patří k Božímu lidu.
10 ১০ কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”
Přišel jsem hledat a zachránit právě ty ztracené.“
11 ১১ যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ’ব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি ক’বলৈ ধৰিলে,
Tyto události a to, že měl Ježíš namířeno do Jeruzaléma, vedlo lidi k domněnce, že se nyní ujme své vlády.
12 ১২ “এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে।
Jak to doopravdy bude, jim Ježíš naznačil následujícím vyprávěním: „Jeden vznešený muž odešel daleko za hranice své vlasti, aby se tam dal korunovat a vrátil se zpět jako král.
13 ১৩ তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’
Předtím si však zavolal svých deset úředníků, dal každému z nich určitý obnos a řekl: ‚Nenechte je ležet ladem a snažte se jimi něco získat.‘
14 ১৪ কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।
Někteří občané ho však nenáviděli, a proto žádali: ‚Nechceme, aby byl naším králem.‘
15 ১৫ তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷
Vladař se však přesto vrátil s královskou hodností. Ihned si dal předvolat úředníky, kterým svěřil peníze, aby zjistil, jak hospodařili.
16 ১৬ তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’।
Přišel první a řekl: ‚Pane, získal jsem desetkrát tolik, než jsi mi svěřil.‘
17 ১৭ তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।
Král ho pochválil: ‚Výborně, jsi dobrý hospodář. Nešlo o mnoho a obstál jsi. Svěřuji ti proto vládu nad deseti městy.‘
18 ১৮ পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’।
Přišel druhý úředník, aby vykázal zisk: ‚Pane, mám pro tebe pětkrát tolik, než jsi mi svěřil.‘
19 ১৯ তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’।
I toho král pochválil a svěřil mu správu nad pěti městy.
20 ২০ আৰু আন এজন দাসে আহি ক’লে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক,
Pak přišel další a řekl: ‚Pane, vím, že jsi přísný,
21 ২১ কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ’।
a tak jsem se bál o tvůj majetek. Dobře jsem ho ukryl a tady ti ho vracím nedotčený.‘
22 ২২ ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;
Král mu řekl: ‚Tvá vlastní slova tě soudí, lenochu. Věděl jsi, co jsem nařídil, a nesplnil jsi to.
23 ২৩ তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন’?
Proč jsi moje peníze alespoň neuložil na úrok?‘
24 ২৪ পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’।
Pak řekl okolostojícím: ‚Vezměte ty peníze od něho a dejte je tomu, kdo získal desetinásobek.‘
25 ২৫ তেতিয়া তেওঁলোকে তেওঁক ক’লে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’।
Namítali: ‚Pane, vždyť ten už má dost.‘
26 ২৬ ‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব।
Král odpověděl: ‚Každému, kdo se osvědčí, bude ještě přidáno, ale ten, kdo se neosvědčí, přijde o všechno.
27 ২৭ কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
A mé nepřátele, kteří mne nechtěli za panovníka, popravte!‘“
28 ২৮ এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে।
Když skončil svoje vypravování, pokračoval v cestě do Jeruzaléma.
29 ২৯ পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই
V blízkosti dvora Betfage u Betanie pod Olivovou horou vyzval dva své učedníky: „Jděte naproti do městečka. Najdete tam uvázané oslátko, na kterém dosud nikdo neseděl. Odvažte ho a přiveďte.
30 ৩০ ক’লে, “সন্মুখৰ গাওঁখন লৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ;
31 ৩১ আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সুধে, তেনেহলে এইদৰে ক’বা, ‘প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে’।”
Kdyby se vás někdo ptal, proč to děláte, řekněte: ‚Pán ho potřebuje.‘“
32 ৩২ তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰ দৰেই সকলোকে পালে।
Ti dva šli a nalezli všechno tak, jak Ježíš řekl.
33 ৩৩ তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকী সকলে সুধিলে, “গাধ পোৱালিটো কিয় মেলিছা?”
Když oslátko odvazovali, přišli majitelé a ptali se, proč to dělají.
34 ৩৪ তেতিয়া তেওঁলোকে ক’লে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।”
Odpověděli: „Pán ho potřebuje.“
35 ৩৫ পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে;
Přivedli oslíka, pokryli mu hřbet svými plášti a posadili na něj Ježíše.
36 ৩৬ আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে।
Ostatní lidé stlali dokonce své pláště na cestu, kudy jel.
37 ৩৭ পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে,
Když začali sestupovat z Olivové hory, zmocnilo se zástupu nadšení; děkovali Bohu za všechny divy, které na vlastní oči viděli.
38 ৩৮ আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
Provolávali: „Sláva králi, Bůh ho posílá! Nebe je smířeno, sláva!“
39 ৩৯ তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, “হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক।”
Byli tam také někteří farizejové a ti mu domlouvali: „Pokárej své učedníky, aby se takhle nerouhali.“
40 ৪০ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”
Ježíš odpověděl: „Jestliže oni zmlknou, bude volat kamení.“
41 ৪১ পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে
Když se před Ježíšem otevřel pohled na Jeruzalém, vstoupily mu slzy do očí a plný smutku
42 ৪২ আৰু ক’লে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে।
řekl: „Město, kéž bys alespoň dnes pochopilo, co ti může přinést pokoj. Ty však nic nechápeš,
43 ৪৩ কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
a tak přijde den, kdy tě obklíčí nepřátelé a oblehnou tě.
44 ৪৪ সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”
Nakonec tě srovnají se zemí a tvé syny pobijí, protože jsi nerozeznalo čas, kdy k tobě přichází Bůh.“
45 ৪৫ পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু
V Jeruzalémě vešel do chrámu a hned za branou narazil na ty, kdo tam prodávali. Začal je vyhánět
46 ৪৬ সিহঁতক ক’লে, “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”
se slovy: „Je psáno, že tento chrám je svaté místo pro modlitby, a vy jste z něho udělali tržiště.“
47 ৪৭ তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিব ধৰিলে;
Po několik dní se Ježíš vracel do chrámu a učil tam. Velekněží a vykladači zákona se ho chtěli za podpory předních občanů Jeruzaléma zmocnit a připravit ho o život,
48 ৪৮ কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে।
ale nevěděli, jak to udělat, protože lid ho miloval a rád mu naslouchal.