< লূক 18 >
1 ১ নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
Έλεγε δε και παραβολήν προς αυτούς περί του ότι πρέπει πάντοτε να προσεύχωνται και να μη αποκάμνωσι,
2 ২ “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।
λέγων· Κριτής τις ήτο εν τινί πόλει, όστις τον Θεόν δεν εφοβείτο και άνθρωπον δεν εντρέπετο.
3 ৩ সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।
Ήτο δε χήρα τις εν εκείνη τη πόλει και ήρχετο προς αυτόν, λέγουσα· Εκδίκησόν με από του αντιδίκου μου.
4 ৪ তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,
Και μέχρι τινός δεν ηθέλησε· μετά δε ταύτα είπε καθ' εαυτόν· Αν και τον Θεόν δεν φοβώμαι και άνθρωπον δεν εντρέπωμαι,
5 ৫ তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”
τουλάχιστον επειδή με ενοχλεί η χήρα αύτη, ας εκδικήσω αυτήν, διά να μη έρχηται πάντοτε και με βασανίζη.
6 ৬ পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।
Και είπεν ο Κύριος· Ακούσατε τι λέγει ο άδικος κριτής·
7 ৭ তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’
ο δε Θεός δεν θέλει κάμει την εκδίκησιν των εκλεκτών αυτού των βοώντων προς αυτόν ημέραν και νύκτα, αν και μακροθυμή δι' αυτούς;
8 ৮ মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
σας λέγω ότι θέλει κάμει την εκδίκησιν αυτών ταχέως. Πλην ο Υιός του ανθρώπου, όταν έλθη, άρα γε θέλει ευρεί την πίστιν επί της γης;
9 ৯ ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
Είπε δε και προς τινάς, τους θαρρούντας εις εαυτούς ότι είναι δίκαιοι και καταφρονούντας τους λοιπούς, την παραβολήν ταύτην·
10 ১০ “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
Άνθρωποι δύο ανέβησαν εις το ιερόν διά να προσευχηθώσιν, ο εις Φαρισαίος και ο άλλος τελώνης.
11 ১১ ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
Ο Φαρισαίος σταθείς προσηύχετο καθ' εαυτόν ταύτα· Ευχαριστώ σοι, Θεέ, ότι δεν είμαι καθώς οι λοιποί άνθρωποι, άρπαγες, άδικοι, μοιχοί, ή και καθώς ούτος ο τελώνης·
12 ১২ মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
νηστεύω δις της εβδομάδος, αποδεκατίζω πάντα όσα έχω.
13 ১৩ কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
Και ο τελώνης μακρόθεν ιστάμενος, δεν ήθελεν ουδέ τους οφθαλμούς να υψώση εις τον ουρανόν, αλλ' έτυπτεν εις το στήθος αυτού, λέγων· Ο Θεός, ιλάσθητί μοι τω αμαρτωλώ.
14 ১৪ মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
Σας λέγω, Κατέβη ούτος εις τον οίκον αυτού δεδικαιωμένος μάλλον παρά εκείνος· διότι πας ο υψών εαυτόν θέλει ταπεινωθή, ο δε ταπεινών εαυτόν θέλει υψωθή.
15 ১৫ এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
Έφερον δε προς αυτόν και τα βρέφη, διά να εγγίζη αυτά· ιδόντες δε οι μαθηταί, επέπληξαν αυτούς.
16 ১৬ তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
Ο Ιησούς όμως προσκαλέσας αυτά, είπεν· Αφήσατε τα παιδία να έρχωνται προς εμέ, και μη εμποδίζετε αυτά· διότι των τοιούτων είναι η βασιλεία του Θεού.
17 ১৭ এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
Αληθώς σας λέγω, Όστις δεν δεχθή την βασιλείαν του Θεού ως παιδίον, δεν θέλει εισέλθει εις αυτήν.
18 ১৮ এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?” (aiōnios )
Και άρχων τις ηρώτησεν αυτόν λέγων· Διδάσκαλε αγαθέ, τι να πράξω διά να κληρονομήσω ζωήν αιώνιον; (aiōnios )
19 ১৯ যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
Και ο Ιησούς είπε προς αυτόν· Τι με λέγεις αγαθόν; ουδείς αγαθός ειμή εις ο Θεός.
20 ২০ তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
Τας εντολάς εξεύρεις· Μη μοιχεύσης, Μη φονεύσης, Μη κλέψης, Μη ψευδομαρτυρήσης, Τίμα τον πατέρα σου και την μητέρα σου.
21 ২১ তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।”
Ο δε είπε· Ταύτα πάντα εφύλαξα εκ νεότητός μου.
22 ২২ যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
Ακούσας δε ταύτα ο Ιησούς, είπε προς αυτόν· Έτι εν σοι λείπει· πάντα όσα έχεις πώλησον και διαμοίρασον εις πτωχούς, και θέλεις έχει θησαυρόν εν ουρανώ, και ελθέ, ακολούθει μοι.
23 ২৩ তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
Ο δε ακούσας ταύτα έγεινε περίλυπος διότι ήτο πλούσιος σφόδρα.
24 ২৪ তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
Ιδών δε αυτόν ο Ιησούς περίλυπον γενόμενον, είπε· Πως δυσκόλως θέλουσιν εισέλθει εις την βασιλείαν του Θεού οι έχοντες τα χρήματα·
25 ২৫ কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”
διότι ευκολώτερον είναι να περάση κάμηλος διά τρύπης βελόνης, παρά πλούσιος να εισέλθη εις την βασιλείαν του Θεού.
26 ২৬ যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
Είπον δε οι ακούσαντες· Και τις δύναται να σωθή;
27 ২৭ যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”
Ο δε είπε· Τα αδύνατα παρά ανθρώποις είναι δυνατά παρά τω Θεώ.
28 ২৮ তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।”
Είπε δε ο Πέτρος· Ιδού, ημείς αφήκαμεν πάντα και σε ηκολουθήσαμεν.
29 ২৯ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,
Ο δε είπε προς αυτούς· Αληθώς σας λέγω ότι δεν είναι ουδείς, όστις αφήκεν οικίαν ή γονείς ή αδελφούς ή γυναίκα ή τέκνα ένεκεν της βασιλείας του Θεού,
30 ৩০ এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।” (aiōn , aiōnios )
όστις δεν θέλει απολαύσει πολλαπλάσια εν τω καιρώ τούτω και εν τω ερχομένω αιώνι ζωήν αιώνιον. (aiōn , aiōnios )
31 ৩১ পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।
Παραλαβών δε τους δώδεκα, είπε προς αυτούς· Ιδού, αναβαίνομεν εις Ιεροσόλυμα, και θέλουσιν εκτελεσθή πάντα τα γεγραμμένα διά των προφητών εις τον Υιόν του ανθρώπου.
32 ৩২ কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ’ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব,
Διότι θέλει παραδοθή εις τα έθνη και θέλει εμπαιχθή και υβρισθή και εμπτυσθή,
33 ৩৩ আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।”
και μαστιγώσαντες θέλουσι θανατώσει αυτόν, και τη τρίτη ημέρα θέλει αναστηθή.
34 ৩৪ কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে।
Και αυτοί δεν ενόησαν ουδέν εκ τούτων, και ήτο ο λόγος ούτος κεκρυμμένος απ' αυτών, και δεν ενόουν τα λεγόμενα.
35 ৩৫ পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল।
Ότε δε επλησίαζεν εις την Ιεριχώ, τυφλός τις εκάθητο παρά την οδόν ζητών·
36 ৩৬ তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে।
ακούσας δε όχλον διαβαίνοντα, ηρώτα τι είναι τούτο.
37 ৩৭ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।”
Απήγγειλαν δε προς αυτόν ότι Ιησούς ο Ναζωραίος διαβαίνει.
38 ৩৮ তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।”
Και εφώναξε λέγων· Ιησού, υιέ του Δαβίδ, ελέησόν με.
39 ৩৯ তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।”
Και οι προπορευόμενοι επέπληττον αυτόν διά να σιωπήση· αλλ' αυτός πολλώ μάλλον έκραζεν· Υιέ του Δαβίδ, ελέησόν με.
40 ৪০ তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে।
Σταθείς δε ο Ιησούς, προσέταξε να φερθή προς αυτόν. Και αφού επλησίασεν, ηρώτησεν αυτόν
41 ৪১ পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”
λέγων· Τι θέλεις να σοι κάμω; Ο δε είπε· Κύριε, να αναβλέψω.
42 ৪২ তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”
Και ο Ιησούς είπε προς αυτόν· Ανάβλεψον· η πίστις σου σε έσωσε.
43 ৪৩ সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
Και παρευθύς ανέβλεψε και ηκολούθει αυτόν δοξάζων τον Θεόν· και πας ο λαός ιδών ήνεσε τον Θεόν.