< লূক 17 >
1 ১ যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
And he said to his disciples, It is impossible but that stumbling-blocks will come; but woe to him through whom they come!
2 ২ সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
It were better for him to have a millstone hung round his neck, and be cast into the sea, than to cause one of these little ones to fall away.
3 ৩ তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
Take heed to yourselves. If thy brother sin, rebuke him; and if he repent, forgive him.
4 ৪ তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
And if he sin against thee seven times in a day, and seven times turn to thee, saying, I repent, thou shalt forgive him.
5 ৫ তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
And the apostles said to the Lord, Give us more faith.
6 ৬ তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
But the Lord said, If ye had faith as a grain of mustard, ye might say to this sycamine-tree, Be plucked up by the roots, and planted in the sea! and it would obey you.
7 ৭ তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
And which of you having a servant plowing, or feeding cattle, will say to him, when he hath come in from the field, Come immediately and place thyself at table?
8 ৮ তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
Will he not rather say to him, Make ready wherewith I may sup, and gird thyself and serve me till I have eaten and drunken, and afterward thou shalt eat and drink?
9 ৯ সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
Doth he owe any thanks to that servant, because he did what was commanded?
10 ১০ তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
So also do ye, when ye have done all that hath been commanded you, say, We are unprofitable servants; we have done what we were bound to do.
11 ১১ যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
And it came to pass, as he was going to Jerusalem, that he was traveling on the confines of Samaria and Galilee.
12 ১২ সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
And as he entered into a certain village, there met him ten lepers, who stood afar off.
13 ১৩ বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
And they lifted up their voice, saying, Jesus, Master, have pity on us.
14 ১৪ তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
And when he saw them, he said to them, Go, show yourselves to the priests. And it came to pass, that, as they were on their way, they were cleansed.
15 ১৫ তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
And one of them, perceiving that he was freed from his disease, turned back, giving glory to God with a loud voice;
16 ১৬ আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
and he fell down on his face at his feet, giving thanks to him; and he was a Samaritan.
17 ১৭ ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
And Jesus answering said, Were not the ten cleansed? Where are the nine?
18 ১৮ এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
Were there none found returning to give glory to God but this foreigner?
19 ১৯ পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
And he said to him, Rise and go; thy faith hath made thee well.
20 ২০ ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
And being asked by the Pharisees when the kingdom of God was coming, he answered them and said, The kingdom of God cometh not in such a manner as to be watched for;
21 ২১ “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
nor will they say, Lo here! or there! for behold, the kingdom of God is in the midst of you.
22 ২২ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
And he said to the disciples, The days will come, when ye will desire to see one of the days of the Son of man, and will not see it.
23 ২৩ মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
And they will say to you, Lo there! lo here! Go not away, and follow not.
24 ২৪ কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
For as the lightning, that lighteneth out of one part under heaven, shineth to the other part under heaven, so will the Son of man be in his day.
25 ২৫ কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
But first he must suffer much, and be rejected by this generation.
26 ২৬ নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
And as it was in the days of Noah, so will it be also in the days of the Son of man.
27 ২৭ নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
They ate, they drank, they married, they were given in marriage, until the day when Noah entered the ark, and the flood came and destroyed them all.
28 ২৮ সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
In like manner, as it was in the days of Lot; they ate, they drank, they bought, they sold, they planted, they builded;
29 ২৯ কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
but on the day when Lot went out of Sodom, it rained fire and brimstone from heaven, and destroyed them all.
30 ৩০ সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
Thus will it be in the day when the Son of man is revealed.
31 ৩১ সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
In that day, let not him who is upon the house-top, and whose furniture is in the house, come down to take it away; and he that is in the field, let him likewise not turn back.
32 ৩২ লোটৰ তিৰোতাক সোঁৱৰা।
Remember Lot's wife.
33 ৩৩ যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
Whoever shall seek to save his life will lose it; and whoever shall lose it will preserve it.
34 ৩৪ মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
I tell you, In that night there will be two men on one bed; one will be taken, and the other will be left.
35 ৩৫ দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
Two women will be grinding together; one will be taken, and the other left.
36 ৩৬ দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
37 ৩৭ তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”
And they answering say to him, Where, Lord? And he said to them, Where the body is, there also will the eagles be gathered together.