< লূক 14 >
1 ১ এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে।
anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|
2 ২ সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল।
tadā jalodarī tasya sammukhe sthitaḥ|
3 ৩ তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavāre svāsthyaṁ karttavyaṁ na vā? tataste kimapi na pratyūcuḥ|
4 ৪ কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
tadā sa taṁ rogiṇaṁ svasthaṁ kṛtvā visasarja;
5 ৫ আৰু তেওঁলোকক ক’লে, “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিব নে?”
tānuvāca ca yuṣmākaṁ kasyacid garddabho vṛṣabho vā ced gartte patati tarhi viśrāmavāre tatkṣaṇaṁ sa kiṁ taṁ notthāpayiṣyati?
6 ৬ তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
tataste kathāyā etasyāḥ kimapi prativaktuṁ na śekuḥ|
7 ৭ তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে,
aparañca pradhānasthānamanonītatvakaraṇaṁ vilokya sa nimantritān etadupadeśakathāṁ jagāda,
8 ৮ “কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;
tvaṁ vivāhādibhojyeṣu nimantritaḥ san pradhānasthāne mopāvekṣīḥ| tvatto gauravānvitanimantritajana āyāte
9 ৯ পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dehīti vākyaṁ ced vakṣyati tarhi tvaṁ saṅkucito bhūtvā sthāna itarasmin upaveṣṭum udyaṁsyasi|
10 ১০ কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।
asmāt kāraṇādeva tvaṁ nimantrito gatvā'pradhānasthāna upaviśa, tato nimantrayitāgatya vadiṣyati, he bandho proccasthānaṁ gatvopaviśa, tathā sati bhojanopaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyo bhaviṣyasi|
11 ১১ কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
yaḥ kaścit svamunnamayati sa namayiṣyate, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
12 ১২ তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|
13 ১৩ কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।
kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 ১৪ তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|
15 ১৫ যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”।
anantaraṁ tāṁ kathāṁ niśamya bhojanopaviṣṭaḥ kaścit kathayāmāsa, yo jana īśvarasya rājye bhoktuṁ lapsyate saeva dhanyaḥ|
16 ১৬ কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
tataḥ sa uvāca, kaścit jano rātrau bhejyaṁ kṛtvā bahūn nimantrayāmāsa|
17 ১৭ পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’।
tato bhojanasamaye nimantritalokān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 ১৮ তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।
kintu te sarvva ekaikaṁ chalaṁ kṛtvā kṣamāṁ prārthayāñcakrire| prathamo janaḥ kathayāmāsa, kṣetramekaṁ krītavānahaṁ tadeva draṣṭuṁ mayā gantavyam, ataeva māṁ kṣantuṁ taṁ nivedaya|
19 ১৯ আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।
anyo janaḥ kathayāmāsa, daśavṛṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādeva māṁ kṣantuṁ taṁ nivedaya|
20 ২০ আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|
21 ২১ তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।
paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 ২২ পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।
tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|
23 ২৩ তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|
24 ২৪ কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamekopi mamāsya rātribhojyasyāsvādaṁ na prāpsyati|
25 ২৫ তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে,
anantaraṁ bahuṣu lokeṣu yīśoḥ paścād vrajiteṣu satsu sa vyāghuṭya tebhyaḥ kathayāmāsa,
26 ২৬ “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātaro bhagimyo nijaprāṇāśca, etebhyaḥ sarvvebhyo mayyadhikaṁ prema na karoti, sa mama śiṣyo bhavituṁ na śakṣyati|
27 ২৭ যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sopi mama śiṣyo bhavituṁ na śakṣyati|
28 ২৮ কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
durganirmmāṇe kativyayo bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya etanna gaṇayati, yuṣmākaṁ madhya etādṛśaḥ kosti?
29 ২৯ তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,
noced bhittiṁ kṛtvā śeṣe yadi samāpayituṁ na śakṣyati,
30 ৩০ ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
tarhi mānuṣoyaṁ nicetum ārabhata samāpayituṁ nāśaknot, iti vyāhṛtya sarvve tamupahasiṣyanti|
31 ৩১ অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gṛhītvā viṁśatisahasreḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na veti prathamaṁ upaviśya na vicārayati etādṛśo bhūmipatiḥ kaḥ?
32 ৩২ যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
yadi na śaknoti tarhi ripāvatidūre tiṣṭhati sati nijadūtaṁ preṣya sandhiṁ karttuṁ prārthayeta|
33 ৩৩ এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
tadvad yuṣmākaṁ madhye yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknoti sa mama śiṣyo bhavituṁ na śakṣyati|
34 ৩৪ লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 ৩৫ সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|