< লূক 10 >
1 ১ এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
Baada ya hayo, Bwana aliwachagua wengine sabini na wawili, akawatuma wawiliwawili, wamtangulie katika kila kijiji na mahali ambapo yeye mwenyewe alitaka kwenda.
2 ২ আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
Akawaambia, “Mavuno ni mengi, lakini wavunaji ni wachache. Kwa hivyo, mwombeni mwenye shamba atume wavunaji shambani mwake.
3 ৩ তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ-পোৱালি স্বৰূপে পঠিয়াইছোঁ।
Sasa nendeni; fahamuni kwamba ninawatuma ninyi kama kondoo wanaokwenda kati ya mbwa mwitu.
4 ৪ তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণনজনাবা।
Msichukue mfuko wa fedha, mkoba, wala viatu; msimsalimu mtu yeyote njiani.
5 ৫ তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে ক’বা, ‘এই ঘৰৰ কুশল হওক৷’
Mkiingia katika nyumba yoyote, kwanza wasalimuni hivi: Amani iwe katika nyumba hii!
6 ৬ যদি তাত কুশলৰ পাত্ৰ থাকে, তেনেহলে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেনেহলে তোমালোকলৈ ঘূৰি আহিব।
Kama akiwako mwenye kupenda amani, amani yenu itakaa naye, la sivyo, itawarudieni.
7 ৭ আৰু তোমালোকে যি ঘৰত থাকিবা, ততে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।
Kaeni katika nyumba hiyo mkila na kunywa wanavyowapeni, maana mfanyakazi anastahili mshahara wake. Msiende mara nyumba hii mara nyumba ile.
8 ৮ তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা;
Kama mkifika mji fulani na watu wakiwakaribisha, kuleni wanavyowapeni.
9 ৯ সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
Ponyeni wagonjwa walioko huko, waambieni watu: Ufalme wa Mungu umekaribia kwenu.
10 ১০ কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,
Lakini mkiingia katika mji wowote, wasipowakaribisheni, tokeni; nanyi mpitapo katika barabara zao semeni:
11 ১১ তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’
Hata mavumbi ya mji wenu yaliyoshikamana na miguu yetu tunawakung'utieni. Lakini, jueni kwamba Ufalme wa Mungu umekaribia.
12 ১২ মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।
Hakika nawaambieni, siku ile mji huo utapata adhabu kubwa zaidi kuliko ile ya watu wa Sodoma.
13 ১৩ হায় হায় কোৰাচীন! হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
“Ole wako Korazini! Ole wako Bethsaida! Maana, kama miujiza iliyofanyika kwenu ingalifanyika kule Tiro na Sidoni, watu wake wangalikwishavaa mavazi ya gunia kitambo, na kukaa katika majivu kuonyesha kwamba wametubu.
14 ১৪ কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব।
Hata hivyo, Siku ya Hukumu ninyi mtapata adhabu kubwa zaidi kuliko ile ya watu wa Tiro na Sidoni.
15 ১৫ হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা। (Hadēs )
Na wewe Kafarnaumu, unataka kujikweza mpaka mbinguni? La; utaporomoshwa mpaka Kuzimu.” (Hadēs )
16 ১৬ যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
Halafu akasema, “Anayewasikiliza ninyi, ananisikiliza mimi; na anayekataa kuwapokea ninyi, anakataa kunipokea mimi. Yeyote anayekataa kunipokea, anakataa kumpokea yule aliyenituma.”
17 ১৭ পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।”
Baadaye, wale sabini na wawili walirudi wamejaa furaha, wakisema, “Bwana, hata pepo wametutii tulipolitaja jina lako.”
18 ১৮ যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।
Yeye akawaambia, “Nilimwona Shetani jinsi alivyokuwa anaporomoka kama umeme kutoka mbinguni.
19 ১৯ চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
Naam, nimewapeni uwezo wa kukanyaga nyoka na ng'e, na uwezo juu ya nguvu zote za yule adui; hakuna chochote kitakachowadhuru.
20 ২০ তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখাহৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
Hata hivyo, msifurahi kwa sababu pepo wamewatii, bali furahini kwa sababu majina yenu yameandikwa mbinguni.”
21 ২১ সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”
Saa ileile, Yesu akafurahi kwa uwezo wa Roho Mtakatifu, akasema, “Nakushukuru ee Baba, Bwana wa mbingu na dunia, kwa kuwa umewaficha wenye hekima na elimu mambo haya, ukawafumbulia wadogo. Naam, Baba, ndivyo ilivyokupendeza.”
22 ২২ “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছেআৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
Kisha akasema, “Baba yangu ameweka yote mikononi mwangu. Hakuna amjuaye Mwana ni nani ila Baba, wala amjuaye Baba ni nani ila Mwana, na yeyote yule ambaye Mwana anataka kumfunulia hayo.”
23 ২৩ ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;
Halafu akawaelekea wafuasi wake akawaambia, “Heri wanaoona yale mnayoyaona ninyi!
24 ২৪ কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”
Hakika, manabii na wafalme walitamani kuona yale mnayoyaona ninyi wasiyaone, na kusikia yale mnayoyasikia wasiyasikie.”
25 ২৫ ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” (aiōnios )
Baadaye mwalimu mmoja wa Sheria alisimama akamwuliza akitaka kumtega, “Mwalimu, nifanye nini ili nipate uzima wa milele?” (aiōnios )
26 ২৬ তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”
Yesu akamwuliza, “Imeandikwa nini katika Sheria? Unaelewaje?”
27 ২৭ তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
Akamjibu, “Mpende Bwana Mungu wako kwa moyo wako wote, kwa roho yako yote, kwa nguvu zako zote na kwa akili yako yote. Na, mpende jirani yako kama unavyojipenda mwenyewe.”
28 ২৮ তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”
Yesu akawaambia, “Vema! Fanya hivyo, nawe utaishi.”
29 ২৯ কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
Lakini yeye akitaka kujihakikishia kuwa mwema akamwuliza Yesu, “Na jirani yangu ni nani?”
30 ৩০ তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।
Yesu akamjibu, “Mtu mmoja alikuwa anashuka kutoka Yerusalemu kwenda Yeriko. Alipokuwa njiani, alivamiwa na majambazi, wakamnyang'anya mali yake na kumpiga, wakamwacha amelala pale nusu mfu.
31 ৩১ এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
Kumbe, kuhani mmoja akawa anapita barabara ileile, akamwona, akapita kando.
32 ৩২ সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।
Hali kadhalika na Mlawi mmoja, alipofika mahali akamwona, akapita kando.
33 ৩৩ কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
Lakini Msamaria mmoja aliyekuwa anasafiri, alifika pale yule mtu alipokuwa, naye alipomwona, alimwonea huruma.
34 ৩৪ তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।
Akamwendea, akamtibu majeraha yake kwa kumtia mafuta na divai; na kuyafunga halafu akampandisha juu ya punda wake akampeleka katika nyumba moja ya wageni akamuuguza.
35 ৩৫ পাছদিনা তেওঁ দুটা দীনাৰীউলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।
Kesho yake akatoa fedha dinari mbili akampa yule mwenye nyumba, akamwambia, Muuguze mtu huyu; na chochote utakachotumia zaidi, nitakulipa nitakaporudi.”
36 ৩৬ এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”
Kisha Yesu akauliza, “Kati ya hao watatu, ni yupi aliyeonyesha kuwa jirani yake yule aliyevamiwa na majambazi?”
37 ৩৭ তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”
Yule mwalimu wa Sheria akamjibu, “Ni yule aliyemwonea huruma.” Yesu akamwambia, “Nenda ukafanye vivyo hivyo.”
38 ৩৮ পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
Walipokuwa safarini, waliingia katika kijiji kimoja na mwanamke mmoja, aitwaye Martha, alimkaribisha nyumbani kwake.
39 ৩৯ আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
Martha alikuwa na dada yake aitwaye Maria; huyu aliketi karibu na Yesu akisikiliza mafundisho yake.
40 ৪০ কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
Lakini Martha alikuwa anashughulika na mambo mengi. Basi, akamwendea Yesu, akamwambia, “Bwana, hivi hujali kwamba dada yangu ameniacha nishughulike peke yangu? Mwambie basi, anisaidie.”
41 ৪১ কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
Lakini Bwana akamjibu, “Martha, Martha, unahangaika na kusumbuka kwa mambo mengi.
42 ৪২ মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”
Kitu kimoja tu ni muhimu. Maria amechagua kitu bora zaidi ambacho hakuna mtu atakayemnyag'anya.”