< লূক 10 >
1 ১ এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
ⲁ̅ⲘⲈⲚⲈⲚⲤⲀ ⲚⲀⲒ ⲆⲈ ⲀⲠϬⲞⲒⲤ ⲞⲨⲰⲚϨ ⲚⲔⲈⲞ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲀϤⲞⲨⲞⲢⲠⲞⲨ ⲚⲂ ⲂⲈⲂⲞⲖ ϦⲀϪⲰϤ ⲈϦⲞⲨⲚ ⲈⲞⲨⲂⲀⲔⲒ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲘⲀⲒ ⲚⲒⲂⲈⲚ ⲈⲚⲀϤⲚⲀϢⲈ ⲈⲢⲰⲞⲨ.
2 ২ আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
ⲃ̅ⲚⲀϤϪⲰ ⲘⲘⲞⲤ ⲚⲰⲞⲨ ⲠⲈ ϪⲈ ⲠⲒⲰⲤϦ ⲘⲈⲚ ⲞⲨⲚⲒϢϮ ⲠⲈ ⲚⲒⲈⲢⲄⲀⲦⲎⲤ ⲆⲈ ϨⲀⲚⲔⲞⲨϪⲒ ⲚⲈⲦⲰⲂϨ ⲞⲨⲚ ⲘⲠϬⲞⲒⲤ ⲘⲠⲒⲰⲤϦ ϨⲞⲠⲰⲤ ⲚⲦⲈϤϨⲒⲞⲨⲒ ⲚϨⲀⲚⲈⲢⲄⲀⲦⲎⲤ ⲈⲂⲞⲖ ⲈⲠⲈϤⲰⲤϦ.
3 ৩ তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ-পোৱালি স্বৰূপে পঠিয়াইছোঁ।
ⲅ̅ⲘⲀϢⲈ ⲚⲰⲦⲈⲚ ϨⲎⲠⲠⲈ ⲀⲚⲞⲔ ϮⲞⲨⲰⲢⲠ ⲘⲘⲰⲦⲈⲚ ⲘⲪⲢⲎϮ ⲚϨⲀⲚϨⲒⲎⲂ ϦⲈⲚⲐⲘⲎϮ ⲚϨⲀⲚⲞⲨⲰⲚϢ.
4 ৪ তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণনজনাবা।
ⲇ̅ⲘⲠⲈⲢϤⲀⲒ ⲚⲀⲤⲞⲨⲒ ⲞⲨⲆⲈ ⲠⲎⲢⲀ ⲞⲨⲆⲈ ⲐⲰⲞⲨⲒ ⲞⲨⲞϨ ⲘⲠⲈⲢⲈⲢⲀⲤⲠⲀⲌⲈⲤⲐⲈ ⲚϨⲖⲒ ϨⲒ ⲪⲘⲰⲒⲦ.
5 ৫ তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে ক’বা, ‘এই ঘৰৰ কুশল হওক৷’
ⲉ̅ⲠⲒⲎⲒ ⲆⲈ ⲈⲦⲈⲦⲈⲚⲚⲀϢⲈ ⲚⲰⲦⲈⲚ ⲈϦⲞⲨⲚ ⲈⲢⲞϤ ⲀϪⲞⲤ ⲚϢⲞⲢⲠ ϪⲈ ⲦϨⲒⲢⲎⲚⲎ ⲘⲠⲀⲒⲎⲒ
6 ৬ যদি তাত কুশলৰ পাত্ৰ থাকে, তেনেহলে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেনেহলে তোমালোকলৈ ঘূৰি আহিব।
ⲋ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲈⲠϢⲎⲢⲒ ⲚϮϨⲒⲢⲎⲚⲎ ⲘⲘⲀⲨ ⲦⲈⲦⲈⲚϨⲒⲢⲎⲚⲎ ⲈⲤⲈⲘⲦⲞⲚ ⲘⲘⲞⲤ ⲈϪⲰϤ ⲈϢⲰⲠ ⲘⲘⲞⲚ ⲦⲈⲦⲈⲚϨⲒⲢⲎⲚⲎ ⲈⲤⲈⲔⲞⲦⲤ ⲈⲢⲰⲦⲈⲚ.
7 ৭ আৰু তোমালোকে যি ঘৰত থাকিবা, ততে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।
ⲍ̅ϢⲰⲠⲒ ⲆⲈ ϦⲈⲚⲠⲒⲎⲒ ⲈⲦⲈⲘⲘⲀⲨ ⲈⲢⲈⲦⲈⲚⲞⲨⲰⲘ ⲞⲨⲞϨ ⲈⲢⲈⲦⲈⲚⲤⲰ ⲚⲚⲎ ⲈⲦⲈⲚⲦⲰⲞⲨ ⲠⲒⲈⲢⲄⲀⲦⲎⲤ ⲄⲀⲢ ϤⲘⲠϢⲀ ⲚⲦⲈϤϦⲢⲈ ⲘⲠⲈⲢⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ϦⲈⲚⲎⲒ ⲈⲎⲒ.
8 ৮ তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা;
ⲏ̅ⲞⲨⲞϨ ϮⲂⲀⲔⲒ ⲈⲦⲈⲦⲈⲚⲚⲀϢⲈ ⲚⲰⲦⲈⲚ ⲈϦⲞⲨⲚ ⲈⲢⲞⲤ ⲞⲨⲞϨ ⲚⲦⲞⲨϢⲈⲠ ⲐⲎⲚⲞⲨ ⲈⲢⲰⲞⲨ ⲞⲨⲰⲘ ⲚⲚⲎ ⲈⲦⲞⲨⲚⲀⲬⲀⲨ ϦⲀⲢⲰⲦⲈⲚ
9 ৯ সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
ⲑ̅ⲞⲨⲞϨ ⲚⲎ ⲈⲦϢⲰⲚⲒ ⲚϦⲎⲦⲤ ⲀⲢⲒⲪⲀϦⲢⲒ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲀϪⲞⲤ ⲚⲰⲞⲨ ϪⲈ ⲀⲤϦⲰⲚⲦ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲪⲚⲞⲨϮ.
10 ১০ কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,
ⲓ̅ϮⲂⲀⲔⲒ ⲆⲈ ⲈⲦⲈⲦⲈⲚⲚⲀϢⲈ ⲚⲰⲦⲈⲚ ⲈϦⲞⲨⲚ ⲈⲢⲞⲤ ⲞⲨⲞϨ ⲚⲦⲞⲨϢⲦⲈⲘϢⲈⲠ ⲐⲎⲚⲞⲨ ⲈⲢⲰⲞⲨ ⲀⲘⲰⲒⲚⲒ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲤⲠⲖⲀⲦⲒⲀ ⲀϪⲞⲤ
11 ১১ তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’
ⲓ̅ⲁ̅ϪⲈ ⲠⲒⲔⲈϢⲰⲒϢ ⲈⲦⲀϤⲦⲰⲘⲒ ⲈⲚⲈⲚϬⲀⲖⲀⲨϪ ⲈⲂⲞⲖ ϦⲈⲚⲦⲈⲦⲈⲚⲂⲀⲔⲒ ⲦⲈⲚⲚⲀⲚⲈϨϤ ⲚⲰⲦⲈⲚ ⲈⲂⲞⲖ ⲠⲖⲎⲚ ⲪⲀⲒ ⲀⲢⲒⲈⲘⲒ ⲈⲢⲞϤ ϪⲈ ⲀⲤϦⲰⲚⲦ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲪⲚⲞⲨϮ.
12 ১২ মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।
ⲓ̅ⲃ̅ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲞⲨⲞⲚ ⲞⲨⲈⲘⲦⲞⲚ ⲚⲀϢⲰⲠⲒ ⲚⲤⲞⲆⲞⲘⲀ ϦⲈⲚⲠⲒⲈϨⲞⲞⲨ ⲈⲦⲈⲘⲘⲀⲨ ⲈϨⲞⲦⲈ ϮⲂⲀⲔⲒ ⲈⲦⲈⲘⲘⲀⲨ.
13 ১৩ হায় হায় কোৰাচীন! হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
ⲓ̅ⲅ̅ⲞⲨⲞⲒ ⲚⲈⲬⲞⲢⲀⲌⲒⲚ ⲞⲨⲞⲒ ⲚⲈⲂⲎⲐⲤⲀⲒⲆⲀ ϪⲈ ⲚϨⲢⲎⲒ ϦⲈⲚⲦⲨⲢⲞⲤ ⲚⲈⲘ ⲦⲤⲒⲆⲰⲚ ⲈⲚⲈ ⲀⲨϢⲰⲠⲒ ⲚϪⲈⲚⲀⲒϪⲞⲘ ⲈⲦⲀⲨϢⲰⲠⲒ ϦⲈⲚⲐⲎⲚⲞⲨ ⲚⲈⲒⲤⲐⲚⲈⲒ ⲀⲨⲈⲢⲘⲈⲦⲀⲚⲞⲒⲚ ⲈⲨϨⲈⲘⲤⲒ ϦⲈⲚⲞⲨⲤⲞⲔ ⲚⲈⲘ ⲞⲨⲔⲈⲢⲘⲒ.
14 ১৪ কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব।
ⲓ̅ⲇ̅ⲠⲖⲎⲚ ⲦⲨⲢⲞⲤ ⲚⲈⲘ ⲦⲤⲒⲆⲰⲚ ⲞⲨⲞⲚ ⲞⲨⲈⲘⲦⲞⲚ ⲚⲀϢⲰⲠⲒ ⲚⲰⲞⲨ ϦⲈⲚϮⲔⲢⲒⲤⲒⲤ ⲈϨⲞⲦⲈⲢⲰⲦⲈⲚ.
15 ১৫ হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা। (Hadēs )
ⲓ̅ⲉ̅ⲞⲨⲞϨ ⲚⲐⲞ ϨⲰⲒ ⲔⲀⲪⲀⲢⲚⲀⲞⲨⲘ ⲘⲎ ⲦⲈⲢⲀϬⲒⲤⲒ ϢⲀ ⲈϨⲢⲎⲒ ⲈⲦⲪⲈ ⲤⲈⲚⲀⲐⲈⲂⲒⲞ ϢⲀ ⲈⲠⲈⲤⲎⲦ ⲈⲀⲘⲈⲚϮ. (Hadēs )
16 ১৬ যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
ⲓ̅ⲋ̅ⲪⲎ ⲈⲦⲤⲰⲦⲈⲘ ⲚⲤⲰⲦⲈⲚ ⲀϤⲤⲰⲦⲈⲘ ⲚⲤⲰⲒ ⲞⲨⲞϨ ⲪⲎ ⲈⲦϢⲰϢ ⲘⲘⲰⲦⲈⲚ ⲀϤϢⲰϢ ⲘⲘⲞⲒ ⲪⲎ ⲈⲦϢⲰϢ ⲘⲘⲞⲒ ⲘⲪⲎ ⲈⲦⲀϤⲦⲀⲞⲨⲞⲒ.
17 ১৭ পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।”
ⲓ̅ⲍ̅ⲀⲨⲦⲀⲤⲐⲞ ⲆⲈ ⲚϪⲈⲠⲒⲞ ϦⲈⲚⲞⲨⲢⲀϢⲒ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲠϬⲞⲒⲤ ⲚⲒⲔⲈⲆⲈⲘⲰⲚ ⲤⲈϬⲚⲞ ⲚϪⲰⲞⲨ ⲚⲀⲚ ϦⲈⲚⲠⲈⲔⲢⲀⲚ.
18 ১৮ যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।
ⲓ̅ⲏ̅ⲠⲈϪⲀϤ ⲆⲈ ⲚⲰⲞⲨ ϪⲈ ⲀⲒⲚⲀⲨ ⲈⲠⲤⲀⲦⲀⲚⲀⲤ ⲈⲀϤϨⲈⲒ ⲈⲂⲞⲖ ϦⲈⲚⲦⲪⲈ ⲘⲪⲢⲎϮ ⲚⲞⲨⲤⲈⲦⲈⲂⲢⲎϪ.
19 ১৯ চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
ⲓ̅ⲑ̅ϨⲎⲠⲠⲈ ⲀⲒϮ ⲚⲰⲦⲈⲚ ⲘⲠⲒⲈⲢϢⲒϢⲒ ⲈϨⲰⲘⲒ ⲈϪⲈⲚ ϨⲀⲚϨⲞϤ ⲚⲈⲘ ϨⲀⲚϬⲖⲎ ⲚⲈⲘ ⲈϪⲈⲚ ϮϪⲞⲘ ⲦⲎⲢⲤ ⲚⲦⲈⲠⲒϪⲀϪⲒ ⲞⲨⲞϨ ⲚⲚⲈϤϬⲒ ⲐⲎⲚⲞⲨ ⲚϪⲞⲚⲤ ⲚϨⲖⲒ.
20 ২০ তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখাহৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
ⲕ̅ⲠⲖⲎⲚ ⲘⲠⲈⲢⲢⲀϢⲒ ϦⲈⲚⲪⲀⲒ ϪⲈ ⲠⲒⲠⲚⲈⲨⲘⲀⲤⲈϬⲚⲞ ⲚϪⲰⲞⲨ ⲚⲰⲦⲈⲚ ⲢⲀϢⲒ ⲆⲈ ⲚⲐⲞϤ ϪⲈ ⲚⲈⲦⲈⲚⲢⲀⲚ ⲤⲈⲤϦⲎⲞⲨⲦ ϦⲈⲚⲚⲒⲪⲎ ⲞⲨⲒ.
21 ২১ সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”
ⲕ̅ⲁ̅ⲚϨⲢⲎⲒ ⲆⲈ ϦⲈⲚϮⲞⲨⲚⲞⲨ ⲈⲦⲈⲘⲘⲀⲨ ⲀϤⲐⲈⲖⲎⲖ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ϪⲈ ϮⲞⲨⲰⲚϨ ⲚⲀⲔ ⲈⲂⲞⲖ ⲪⲒⲰⲦ ⲠϬⲞⲒⲤ ⲚⲦⲪⲈ ⲚⲈⲘ ⲠⲒⲔⲀϨⲒ ϪⲈ ⲀⲔϨⲈⲠ ⲚⲀⲒ ⲈϨⲀⲚⲤⲀⲂⲈⲨ ⲚⲈⲘ ϨⲀⲚⲔⲀⲦϨⲎⲦ ⲞⲨⲞϨ ⲀⲔϬⲞⲢⲠⲞⲨ ⲈⲂⲞⲖ ⲚϨⲀⲚⲔⲞⲨϪⲒ ⲚⲀⲖⲰⲞⲨⲒ ⲀϨⲀ ⲪⲒⲰⲦ ϪⲈ ⲪⲀⲒ ⲠⲈ ⲘⲪⲢⲎϮ ⲘⲠⲒϮⲘⲀϮ ⲈⲦⲀϤϢⲰⲠⲒ ⲘⲠⲈⲔⲘⲐⲞ.
22 ২২ “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছেআৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
ⲕ̅ⲃ̅ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲀⲨⲦⲎⲒⲦⲞⲨ ⲚⲎⲒ ⲚⲦⲈⲚ ⲠⲀⲒⲰⲦ ⲞⲨⲞϨ ⲘⲘⲞⲚ ϨⲖⲒ ⲤⲰⲞⲨⲚ ϪⲈ ⲚⲒⲘ ⲠⲈ ⲠϢⲎⲢⲒ ⲈⲂⲎⲖ ⲈⲪⲒⲰⲦ ⲞⲨⲞϨ ϪⲈ ⲚⲒⲘ ⲠⲈ ⲪⲒⲰⲦ ⲈⲂⲎⲖ ⲈⲠϢⲎⲢⲒ ⲚⲈⲘ ⲪⲎ ⲈⲦⲈ ⲠϢⲎⲢⲒ ⲞⲨⲰϢ ⲈϬⲰⲢⲠ ⲚⲀϤ ⲈⲂⲞⲖ.
23 ২৩ ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;
ⲕ̅ⲅ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲔⲞⲦϤ ⲈⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ ⲤⲀⲠⲤⲀ ⲘⲘⲀⲨⲀⲦⲞⲨ ⲠⲈϪⲀϤ ϪⲈ ⲰⲞⲨⲚⲒⲀⲦⲞⲨ ⲚⲚⲒⲂⲀⲖ ⲈⲐⲚⲀⲨ ⲈⲚⲎ ⲈⲦⲈⲦⲈⲚⲚⲀⲨ ⲈⲢⲰⲞⲨ
24 ২৪ কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”
ⲕ̅ⲇ̅ϮϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ϨⲀⲚⲘⲎ ϢⲘⲠⲢⲞⲪⲎⲦⲎⲤ ⲚⲈⲘ ϨⲀⲚⲞⲨⲢⲰⲞⲨ ⲀⲨⲞⲨⲰϢ ⲈⲚⲀⲨ ⲈⲚⲎ ⲈⲦⲈⲦⲈⲚⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲘⲠⲞⲨⲚⲀⲨ ⲞⲨⲞϨ ⲈⲤⲰⲦⲈⲘ ⲈⲚⲎ ⲈⲦⲈⲦⲈⲚⲤⲰⲦⲈⲘ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲘⲠⲞⲨⲤⲰⲦⲈⲘ.
25 ২৫ ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” (aiōnios )
ⲕ̅ⲉ̅ⲞⲨⲞϨ ϨⲎⲠⲠⲈ ⲒⲤ ⲞⲨⲚⲞⲘⲒⲔⲞⲤ ⲀϤⲦⲰⲚϤ ⲀϤⲈⲢⲠⲒⲢⲀⲌⲒⲚ ⲘⲘⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲠⲒⲢⲈϤϮⲤⲂⲰ ⲞⲨ ⲠⲈϮⲚⲀⲚⲀⲒϤ ⲚⲦⲀⲈⲢⲔⲖⲎⲢⲞⲚⲞⲘⲒⲚ ⲚⲞⲨⲰⲚϦ ⲚⲈⲚⲈϨ. (aiōnios )
26 ২৬ তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”
ⲕ̅ⲋ̅ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲞⲨ ⲈⲦⲤϦⲎⲞⲨⲦ ϦⲈⲚⲠⲒⲚⲞⲘⲞⲤ ⲒⲈ ⲀⲔⲰϢ ⲚⲀϢ ⲚⲢⲎϮ.
27 ২৭ তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
ⲕ̅ⲍ̅ⲚⲐⲞϤ ⲆⲈ ⲀϤⲈⲢⲞⲨⲰ ⲠⲈϪⲀϤ ϪⲈ ⲈⲔⲈⲘⲈⲚⲢⲈ ⲠϬⲞⲒⲤ ⲠⲈⲔⲚⲞⲨϮ ⲈⲂⲞⲖ ϦⲈⲚⲠⲈⲔϨⲎ ⲦⲦⲎⲢϤ ⲚⲈⲘ ⲦⲈⲔⲮⲨⲬⲎ ⲦⲎⲢⲤ ⲚⲈⲘ ⲦⲈⲔϪⲞⲘ ⲦⲎⲢⲤ ⲚⲈⲘ ϦⲈⲚⲚⲈⲔⲘⲈⲨⲒ ⲦⲎⲢϤ ⲚⲈⲘ ⲠⲈⲔϢⲪⲎⲢ ⲘⲠⲈⲔⲢⲎϮ.
28 ২৮ তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”
ⲕ̅ⲏ̅ⲠⲈϪⲀϤ ⲆⲈ ⲚⲀϤ ϪⲈ ⲀⲔⲈⲢⲞⲨⲰ ϦⲈⲚⲞⲨⲤⲰⲞⲨⲦⲈⲚ ⲪⲀⲒ ⲀⲢⲒⲦϤ ⲞⲨⲞϨ ⲬⲚⲀⲰⲚϦ.
29 ২৯ কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
ⲕ̅ⲑ̅ⲚⲐⲞϤ ⲆⲈ ⲈϤⲞⲨⲰϢ ⲈⲐⲘⲀⲒⲞ ⲠⲈϪⲀϤ ⲚⲒⲎⲤⲞⲨⲤ ϪⲈ ⲚⲒⲘ ϨⲰϤ ⲠⲈ ⲠⲀϢⲪⲎⲢ.
30 ৩০ তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।
ⲗ̅ⲀϤⲈⲢⲞⲨⲰ ⲆⲈ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲀϤ ϪⲈ ⲚⲈⲞⲨⲞⲚ ⲞⲨⲢⲰⲘⲒ ⲈϤⲚⲎⲞⲨ ⲈⲠⲈⲤⲎⲦ ⲈⲂⲞⲖ ϦⲈⲚⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲈⲒⲈⲢⲒⲬⲰ ⲞⲨⲞϨ ⲀϤⲒ ⲈⲦⲞⲦⲞⲨ ⲚϨⲀⲚⲤⲒⲚⲰⲞⲨⲒ ⲞⲨⲞϨ ⲈⲦⲀⲨⲂⲀϢϤ ⲀⲨϮ ⲚϨⲀⲚⲈⲢϦⲰⲦ ⲚⲀϤ ⲀⲨϢⲈ ⲚⲰⲞⲨ ⲀⲨⲬⲀϤ ⲈϤⲞⲒ ⲘⲪⲀϢⲘⲞⲨ.
31 ৩১ এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
ⲗ̅ⲁ̅ⲔⲀⲦⲀ ⲞⲨϮⲘⲀϮ ⲆⲈ ⲞⲨⲞⲨⲎⲂ ⲚⲀϤⲚⲎ ⲞⲨ ⲈⲠⲈⲤⲎⲦ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒⲘⲰⲒⲦ ⲈⲦⲈⲘⲘⲀⲨ ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲢⲞϤ ⲀϤⲤⲈⲚϤ ⲀϤⲬⲀϤ.
32 ৩২ সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।
ⲗ̅ⲃ̅ⲔⲈⲖⲈⲨⲒⲦⲎⲤ ⲈⲦⲀϤⲒ ⲈϪⲈⲚ ⲠⲒⲘⲀ ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲢⲞϤ ⲀϤⲬⲀϤ ⲀϤⲤⲈⲚϤ.
33 ৩৩ কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
ⲗ̅ⲅ̅ⲞⲨⲤⲀⲘⲀⲢⲒⲦⲎⲤ ⲆⲈ ⲀϤⲘⲞϢⲒ ⲀϤⲒ ⲈϨⲢⲎⲒ ⲈϪⲰϤ ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲢⲞϤ ⲀϤϢⲈⲚϨⲎ Ⲧ.
34 ৩৪ তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।
ⲗ̅ⲇ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲀϤⲘⲞⲨⲢ ⲚⲚⲈϤⲈⲢϦⲰⲦ ⲀϤϮ ⲚⲈϨ ϨⲒ ⲎⲢⲠ ⲚⲤⲰⲞⲨ ⲈⲦⲀϤⲦⲀⲖⲞϤ ⲈⲠⲈⲦⲈⲪⲰϤ ⲚⲦⲈⲂⲚⲎ ⲀϤⲈⲚϤ ⲈⲞⲨⲠⲀⲚⲦⲞⲬⲒⲞⲚ ⲞⲨⲞϨ ⲀϤϤⲒ ⲠⲈϤⲢⲰⲞⲨϢ.
35 ৩৫ পাছদিনা তেওঁ দুটা দীনাৰীউলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।
ⲗ̅ⲉ̅ⲞⲨⲞϨ ⲈⲠⲈϤⲢⲀⲤϮ ⲀϤⲈⲚ ⲆⲎⲚⲀⲢⲒⲞⲚ ⲂⲈⲂⲞⲖ ⲀϤⲦⲎⲒⲦⲞⲨ ⲘⲠⲒⲠⲀⲚⲦⲞⲬⲈⲞⲤ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ϪⲈ ϤⲒ ⲠⲈϤⲢⲰⲞⲨϢ ϦⲈⲚⲚⲀⲒ ⲞⲨⲞϨ ⲠⲒϨⲞⲨⲞ ⲈⲦⲈⲔⲚⲀϬⲞϤ ⲈⲂⲞⲖ ⲈⲢⲞϤ ⲀⲚⲞⲔ ⲀⲒϢⲀⲚⲦⲀⲤⲐⲞ ϮⲚⲀⲦⲎⲒϤ ⲚⲀⲔ.
36 ৩৬ এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”
ⲗ̅ⲋ̅ⲚⲒⲘ ⲞⲨⲚ ϦⲈⲚⲠⲀⲒⲄ ⲈⲦⲈⲔⲘⲈⲨⲒ ⲈⲢⲞϤ ϪⲈ ⲀϤⲈⲢϢⲪⲎⲢ ⲘⲪⲎ ⲈⲦⲀϤⲒ ⲈⲦⲞⲦⲞⲨ ⲚⲚⲒⲤⲒⲚⲰⲞⲨⲒ.
37 ৩৭ তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”
ⲗ̅ⲍ̅ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲪⲎ ⲈⲦⲀϤⲒⲢⲒ ⲘⲠⲒⲚⲀⲒ ⲚⲈⲘⲀϤ ⲠⲈϪⲀϤ ⲆⲈ ⲚⲀϤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ϪⲈ ⲘⲀϢⲈ ⲚⲀⲔ ⲀⲢⲒⲞⲨⲒ ϨⲰⲔ ⲘⲠⲀⲒⲢⲎϮ.
38 ৩৮ পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
ⲗ̅ⲏ̅ⲈⲨⲘⲞϢⲒ ⲆⲈ ⲀϤϢⲈ ⲚⲀϤ ⲈϦⲞⲨⲚ ⲈⲞⲨϮⲘⲒ ⲞⲨⲤϨⲒⲘⲒ ⲈⲠⲈⲤⲢⲀⲚ ⲠⲈ ⲘⲀⲢⲐⲀ ⲀⲤϢⲞⲠϤ ⲈⲢⲞⲤ ⲈϦⲞⲨⲚ ⲈⲠⲈⲤⲎⲒ.
39 ৩৯ আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
ⲗ̅ⲑ̅ⲞⲨⲞϨ ⲚⲈⲞⲨⲞⲚⲦⲈ ⲐⲀⲒ ⲚⲞⲨⲤⲰⲚⲒ ⲈⲨⲘⲞⲨϮ ⲈⲢⲞⲤ ϪⲈ ⲘⲀⲢⲒⲀ ⲞⲨⲞϨ ⲈⲦⲀⲤϨⲈⲘⲤⲒ ϦⲀⲦⲈⲚ ⲚⲈⲚϬⲀⲖⲀⲨϪ ⲘⲠϬⲞⲒⲤ ⲚⲀⲤⲤⲰⲦⲈⲘ ⲈⲠⲈϤⲤⲀϪⲒ.
40 ৪০ কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
ⲙ̅ⲘⲀⲢⲐⲀ ⲆⲈ ⲚⲀⲤϬⲒ ⲚϨⲢⲀⲤ ⲠⲈ ⲘⲠⲔⲰϮ ⲚⲞⲨⲘⲎϢ ⲚϢⲈⲘϢⲒ ⲈⲦⲀⲤⲞϨⲒ ⲈⲢⲀⲦⲤ ⲠⲈϪⲀⲤ ϪⲈ ⲠϬⲞⲒⲤ ⲤⲈⲢⲘⲈⲖⲒ ⲚⲀⲔ ⲀⲚ ϪⲈ Ⲁ- ⲦⲀⲤⲰⲚⲒ ⲬⲀⲦ ⲘⲘⲀⲨⲀⲦ ⲈⲒϢⲈⲘϢⲒ ⲀϪⲞⲤ ⲞⲨⲚ ⲚⲀⲤ ϨⲒⲚⲀ ⲚⲦⲈⲤϮⲦⲞⲦⲤ ⲚⲎⲒ.
41 ৪১ কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
ⲙ̅ⲁ̅ⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲘⲀⲢⲐⲀ ⲘⲀⲢⲐⲀ ⲦⲈϤⲒⲢⲰⲞⲨϢ ⲞⲨⲞϨ ⲦⲈϢⲦⲈⲢⲐⲰⲢ ⲈⲐⲂⲈ ⲞⲨⲘⲎϢ.
42 ৪২ মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”
ⲙ̅ⲃ̅ϨⲀⲚⲔⲞⲨϪⲒ ⲆⲈ ⲠⲈ ϮⲬⲢⲒⲀ ⲒⲈ ⲞⲨⲀⲒ ⲘⲀⲢⲒⲀ ⲆⲈ ⲀⲤⲤⲰⲦⲠ ⲚⲀⲤ ⲚϮⲦⲞⲒ ⲈⲐⲚⲀⲚⲈⲤ ⲐⲎ ⲈⲦⲈⲚⲤⲈⲚⲀϢⲞⲖϤ ⲚⲦⲞⲦⲤ ⲀⲚ.