< লূক 1 >

1 আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
Bananchima batikujitahidi beka katika mpangilio malongelo usu makowe ambago gabatimizike nkati yinu.
2 আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
Kati gabatupeile twenga, ambago tangu nkiogo nga masaidi wa minyo ni apangachi wa barua.
3 এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।
Na nenga kai, baada ya chunguza kwa lingulya chanzo cha makowe aga goti boka nkiogo-nibweni nzuri kwango kae kukuandikya katika mpangilio wake mheshimiwa muno Theofilo.
4 মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
Linga wete uwese tanga ukweli wa makowe gaupundishilwe.
5 যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
Katika machoba ga Herode, mfalme wa Yudea, pabi ni mchungaji fulani akemelwa Zekaria, wa lukolo lwa Abiya. Nnyumbowe apitike kwa ainja ba Haruni, ni lina lyake amelwae Elizabeti.
6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
Boti babi ni haki nnonge ya Nnongo, batyangite bila lawama katika amri yoti ni malagano ga Ngwana.
7 কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
Lakini babile ni mwana, kitumbu cha Elizabeti abi n'gumba, ni kipindi chii babi agoi muno.
8 এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
Tumbwe yapitike Zakaria abi mu uwepe wa Nnongo, kayendelya na lyengo lya kiuchungaji katika utaratibu wa zamu yake.
9 কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
Lingana na desturi ya chawa achungaji ywako ywapala huduma, bachawii kwa kura jingya mu kanisa lya Ngwana ni apetutuya ubani.
10 ১০ ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
Likundi lyoti lya bandu bende lola panja wakati wa tutuya ubani.
11 ১১ এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
Tumbwe malaika wa Ngwana atikumpitya ni kuyema upande wa mmalyo wa madhabahu ga tulukia.
12 ১২ স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
Zakaria atiyogopa pamweni; hofu yatikuntumbukya.
13 ১৩ কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
Lakini malaika amakiye, “kana uyogope Zakaria kwasababu luba kwako kuyuanike. nnyumbowo Elizabeti akupapya mwana, lina lyake wankema Yohana.
14 ১৪ তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
Upapanga ni puraha ni changamka, ni banambone bapapulaikya belekwa kwake. Kwa kuwa apanga nkolo, nnonge ya minyo ga Ngwana.
15 ১৫ কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
Hanywa kwaa wembe ni apanga atwilile Roho mpeletau tangu ndumbo ya mao bake.
16 ১৬ ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
Na bandu banambone ba Israel bapakun'galambukya Ngwana Nnongo wabe.
17 ১৭ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
Ayenda nnonge ya kuminyo kwa Ngwana katika mwoyo ni ngupu ya Eliya. Apanga nyaa linga buyanganiya mioyo ya tate kwa bana linga bangali panga bayende katika hekima ya bene haki. Apanga nya kuabuka tayari Ngwana bandu ambabo babaandalilwe kwaajili yake.”
18 ১৮ তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
Zakaria amakiye malaika, “Ngawecha kwa tanga aga? Kwasababu nenga na n'goi na nyumbo wangu miaka yake yanambone muno.”
19 ১৯ তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
Malaika atiyangwa na kummakiya, “Nenga na Gabrieli, ambaye niyima nnongi ya Nnongo. Natitumilwa kukubakia, kukuletya habari yino nzuri.
20 ২০ চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
Na linga walongela kwaa, watama chichi, wawecha kwaa longela mpaka lichoba lilo gapapita makowe aga. Hayii kwasababu washindwi ubilya maneno gango ambago gapatimya kwa wakati waupalikwa.”
21 ২১ আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
Tumbwe bandu babanendaye Zakaria. Batichangala kwamba atumiaye muda wanambone mulikanisa.
22 ২২ পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
Lakini papitike panja hawechike kwaa longela nabo. Batangite apatike maono pabile mulikanisa ayendelyae tangya na na alongei kwaa.
23 ২৩ ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।
Yapitike lichoba lya huduma yake yomoka aboi buyangana kachake.
24 ২৪ কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে
Baada ya Zakaria buyangana kachake boka kuhuduma yake mukanisa, nnyumbo wake abi ni ndumbo. Na ywembe aboi kwaa boka munyumba yake muda wa miei mitano. Abaite,
25 ২৫ “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।”
“Alii nga alipangite Ngwana apangi kwangu panilingite kwa upendeleo linga abuye oni yangu nnonge ya bandu.”
26 ২৬ এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
Nambiyambi katika mwei wa sita wa ndumbo ya Elizabeti, Nnongo amakiye malaika Gabrieli yenda nnema wa Galilaya walikemelwa Nazareti,
27 ২৭ এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
Kwa bikra ywabile akobikwe na nnalome ambaye lina lyake labile Yusufu, Ywembe abile ywa lukolo lwa Daudi na Lina lya bikra aywo labile Mariamu.
28 ২৮ তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
Aichi kwake na baya, “Salamu, wenga waupokile nnema ngolo! ywaakupendile Ngwana.”
29 ২৯ কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
Lakini malongelo ga malaika gatikunyangabana na haelewite kwaa kwanamani malaika alongei salaamu yii ya ajabu kwake.
30 ৩০ স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
Malaika ammakiye, “Kana uyogope, Mariamu, maana upatike nema boka kwa Nnongo.
31 ৩১ চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
Linga wapotwa ndumbo katika litumbo lyako na wapapa mwana. Na wenga upakunkema lina lyake 'Yesu'.
32 ৩২ তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
Apanga nkolo na akemelwa mwana ywabile kunani muno, Ngwana Nnongo ampeya iteo ya enzi ya Daudi tate bake.
33 ৩৩ যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।” (aiōn g165)
Atatawala katika lukolo lwa Yakobo milele ni ufalme wapanga kwaa na mwisho. (aiōn g165)
34 ৩৪ তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
Mariamu ammakiye malaika, lino lyapita kwa namna gani, kwa maana nagonja kwa ni nnalome yeyoti?
35 ৩৫ তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
Malaika kayangwa na kummakiya, “Roho mpeletau akuichila kunani yako, na ngupu ywa ywabile kunani muno yaicha kunani yako. Kwa nyoo, mpeletau ywa belekwa akemelwa Ngwana wa Nnongo.
36 ৩৬ আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
Linga nongo wako Elizabeti ai ni ndumbo wa mwana katika umri wa ugoi wake. Wuno nga mwei wa sita kwake, ambae bakemae n'gumba.
37 ৩৭ কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
Ntopo lya lishindikana kwa Nnongo”
38 ৩৮ মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
Mariamu ngabaya, “Linga, Nenga na mpangakachi nnwawa wa Ngwana. Leka ibe nyo kwangu sawasawa ni malongelo gako,” Boka po malaika nga nnekite.
39 ৩৯ তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল
Ndipo katika machuba go Mariamu ngaaboi ni yenda upesi katika ilambo ya itumbi, ilambo ya Yudea.
40 ৪০ তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে।
Ayei pa nnyumba ya Zakaria ni kuntaka hali Elizabeti.
41 ৪১ তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল।
Tumbwe yapitike pa yoine salamu ya Mariamu, mwana ndumbo yake atiguluka, ni Elizabeti atwilile Roho mpeletau.
42 ৪২ তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য।
Apiyite lilobe lyake ni kabaya kwa lilobe likolo, ““Ubarikiwe wenga muno katika alwawa, ni mwana ywa bile mndumbo yako atibarikiwa.
43 ৪৩ মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
Na ipangite kitiwi kwangu, mao wa Ngwana wango yapalikwe aiche kwangu?
44 ৪৪ কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল।
Kwa kuwa linga, paliyuanike mmachikilo gangu lilobe lya abari, mwana ndumbo yangu atighuluka kwa puraa.
45 ৪৫ তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।”
Ni abarikiwe nwawa yulo ambaye aaminile wapita ukamilifu wa makowe galo ghabikiilwe boka kwa Ngwana.”
46 ৪৬ তেতিয়া মৰিয়মে ক’লে, “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
Mariamu abayite mwoyo wango unnuba Ngwana,
47 ৪৭ মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
ni roho yango upulaikwe katika Nnongo mwokozi wango.
48 ৪৮ কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
Kwa maana alingite hali yango ya pae ya mpanga kachi wake nnwawa. Linga, tangu nambiyambi katika babaelekwa boti bapakunikema wanibarikiwe.
49 ৪৯ কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
Kwa maana wembe ywan'gwechike apangite makoe makulu kwangu, na lina lyake ni lipeletau.
50 ৫০ যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
Rehema yake yatitama buka kizazi hata kizazi kwa balo babamheshimu ywembe.
51 ৫১ তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
Ailangi ngupu kwa luboko lwake; atikuapalagana balo ambao bendekuipuna kunani ya mawacho ga mioyo yabe.
52 ৫২ তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে।
Atikuaeleya pae bana ba afalme boka katika iteo yabe ya enzi na kuakakatuya kunani babale hali yabe pae.
53 ৫৩ তেওঁ ক্ষুধাতুৰ লোকক উত্তম বস্তু দিলে আৰু ধনৱন্তক শুদা-হাতে পঠাই দিলে।
Atikubayutuya bene njala kwa ilebe inanoga, bali matajiri atiabenga maboko ga bure.
54 ৫৪ তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু;
Apiite msaada kwa Israel mtumishi wake, linga kumbukiya rehema.
55 ৫৫ অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।” (aiōn g165)
(Kati cha longei kwa tati bitu) kwa Abraham ni lukolo lwake milele.” (aiōn g165)
56 ৫৬ পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল।
Mariamu atami na Elizabeti yatimi miei itatu nga abuyangine kachake.
57 ৫৭ পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
Tumbwe wakati watimile kwa Elizabeti papa mwana wake akombwike mwana nnalome.
58 ৫৮ তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
Majirani bake na alongela bayoine jinsi Ngwana mwaikuyite rehema kwake, na batipulaika pamope ni ywembe.
59 ৫৯ তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল;
Tumbwe lyapitike lichoba lya nane baichi kumwina mwana. Yapalikwe kumkema lina lyake, “Zakaria”, kwa kuzingatia lina lya tati bake,
60 ৬০ কিন্তু মাকে উত্তৰ দি ক’লে, “নহয় ইয়াৰ নাম যোহন হব।”
Lakini mao bake ayangwi ni kubaya, nyonyo kwaa, atikemelwa Yohana.”
61 ৬১ তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।”
Bammakiye ntopo hata yumo katika alongo ywa kemelwa lina lelo.”
62 ৬২ পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।
Bampangii ishara tati bake ashilia ywembe apalike lina akemelwa nyai.
63 ৬৩ তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।
Tati bake apalikwa kibao cha andikiya, na andika “lina lyake Yohana.” boti balichangala leno.
64 ৬৪ তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
Gafula nkano wake watiyughulikwa na lulimi lwake lwapangite ulu. Atilongela ni kunnumba Nnongo.
65 ৬৫ তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহুদীয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে।
Woga watikuwachilya boti babatami karibu ni bembe.
66 ৬৬ যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
Makowe choti cha itumbi ya Yudea. Na boti babayowine batikugatunza mumioyo yabe, babayite, “mwana yu wa namna gani? kwasababu luboko lwa Ngwana wabile pamope ni ywembe.
67 ৬৭ পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে।
Tate bake Zakaria atwilile ni Roho mpeletau na piya unabii, abayite,
68 ৬৮ ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
Alumbilwe Ngwana, Nnongo wa Israel, kwa sababu atikusaidia na shughulikiya wokovu kwa bandu bake.
69 ৬৯ তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে।
Atikakatulile mbembe ya wokovu katika, nyumba mpanga kachi wake Daudi, boka nkati mwa lukolo mwa mpanga kachi wake Daudi,
70 ৭০ এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল। (aiōn g165)
Kati cha bayite kwa nkano wa manabii bake bababile katika wakati kunchogo. (aiōn g165)
71 ৭১ তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে।
Atukombwa boka kwa adui bitu na boka mwaboko mwa boti babachukya.
72 ৭২ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;
Apangite nyaa langiya rehema kwa tati bitu, na kumbukya lilagano lyake takatifu.
73 ৭৩ এই বিধান হৈছে প্রতিজ্ঞা, যি আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল।
Kilapo cha kibayite kwa Abrahamu tati bitu.
74 ৭৪ শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
Atilapa thibitisha kwamba ywawechekana kumtumikiya ywembe bila yogopa, baada ya kombolelwa boka katika maboko ga adui bitu.
75 ৭৫ আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ।
Katika utakatifu na haki nnonge ya machuba gitu goti.
76 ৭৬ হে মোৰ সন্তান, তোমাক সর্বোপৰি জনৰ ভাৱবাদী বুলি কোৱা হব; কিয়নো তুমি প্রভুৰ আগমণৰ কাৰণে লোক সকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা।
E'lo, na wenga wa mwana, makemelwa nabii ywa ywabile kunani muno, kwa kuwa wayendelya nnongi ya kuminyo ya Nwana linga kumwandaliya ndila, kubaandaa bandu kwaajili ya icha kwake.
77 ৭৭ লোক সকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্রাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা।
kubafahamisha bandu bake kwamba, bakombolelwa kwa ndila ya kuaminiya dhambi yabe.
78 ৭৮ ঈশ্বৰে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু। তেওঁ কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।
Lino lipapita kwa sababu ya lwongulwa Nnongo witu,
79 ৭৯ তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
Kuamulikya kwabe babatama mulubindu na katika kiwili cha mauti, Apanga nyoo kugalongoya maghulu gitu katika ndila ya amani.”
80 ৮০ এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল; ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।
Tumbwe yulo mwana atikula na panga mwene ngupu mu mwoyo na atami mmwitu mpaka machuba gapitike kwa Israel.

< লূক 1 >