< লেবীয় পুস্তক 1 >
1 ১ যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে,
Szólítá Mózest és beszéle vele az Úr a gyülekezet sátorából, mondván:
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।
Szólj Izráel fiainak, és mondd meg nékik: Ha valaki közületek áldozni akar az Úrnak: barmokból, tulok- és juhfélékből áldozzatok.
3 ৩ যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।
Ha tulokféléből áldozik egészen égőáldozattal: hímmel és éppel áldozzék. A gyülekezet sátorának ajtajához vigye azt, hogy kedvessé legyen az Úr előtt.
4 ৪ পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।
És tegye kezét az égőáldozat fejére, hogy kedves legyen ő érette, hogy engesztelést szerezzen az ő számára.
5 ৫ আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব।
És ölje meg a tulkot az Úr előtt, az Áron fiai pedig, a papok, vigyék fel a vért, és hintsék a vért köröskörűl az oltárra, a mely a gyülekezet sátorának nyílásánál van.
6 ৬ তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।
Azután vonja le az égőáldozat bőrét, azt pedig vagdalja el tagjaira.
7 ৭ আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব।
És az Áron pap fiai gerjeszszenek tüzet az oltáron, és rakjanak fát a tűzre.
8 ৮ আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব।
Azután rakják az Áron fiai, a papok, a tagokat: a fejet és a kövérjét a fára, a mely az oltáron lévő tűzön van.
9 ৯ কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
A belét pedig és lábszárait mossa meg vízben, és füstölögtesse el a pap az egészet az oltáron egészen égőáldozatul. Ez a tűzáldozat kedves illatú az Úrnak.
10 ১০ আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব।
Ha pedig a juhfélékből: bárányokból vagy kecskékből akar valaki áldozni égőáldozatul, hímmel és éppel áldozzék.
11 ১১ আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।
És ölje meg azt az oltár északi oldalánál az Úr előtt, az Áron fiai pedig, a papok, hintsék annak vérét az oltárra köröskörül.
12 ১২ পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব।
Azután vagdalja el azt tagjaira, a fejével és kövérjével együtt, a pap pedig rakja azokat a fára, a mely az oltáron lévő tűzön van.
13 ১৩ কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
A belet és a lábszárakat mossa meg vízben, a pap pedig áldozza meg az egészet és füstölögtesse el az oltáron égőáldozatul. Ez a tűzáldozat kedves illatú az Úrnak.
14 ১৪ যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব।
Ha pedig madárféléből akar áldozni égőáldozatul az Úrnak, gerliczékből vagy galambfiakból áldozzék.
15 ১৫ পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।
És vigye azt a pap az oltárhoz, és tekerje ki annak a fejét, és füstölögtesse el az oltáron, a vérét pedig bocsássa ki az oltár falára.
16 ১৬ পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব।
A begyét pedig rútságával egyben vegye ki, és vesse azt az oltár keleti oldalára, a hamu helyére.
17 ১৭ তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
És hasítsa meg azt a szárnyain, de el ne szakaszsza egymástól, és füstölögtesse el azt a pap az oltáron a fán, a mely a tűzőn van, égőáldozatul. Tűzáldozat ez, kedves illatú az Úrnak.