< লেবীয় পুস্তক 9 >
1 ১ অষ্টম দিনৰ আনুষ্ঠানিকৰ পাছত মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে।
Ní ọjọ́ kẹjọ, Mose pe Aaroni àti àwọn ọmọ rẹ̀ pẹ̀lú àwọn àgbàgbà Israẹli.
2 ২ তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিঘূণ দামুৰি আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মতা মেৰ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা।
Ó sọ fún Aaroni pé, “Mú akọ ọmọ màlúù kan wá fún ẹbọ ẹ̀ṣẹ̀ àti àgbò kan fún ẹbọ sísun, kí méjèèjì jẹ́ aláìlábùkù, kí o sì mú wọn wá sí iwájú Olúwa.
3 ৩ আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘূণ মেৰ পোৱালি,
Kí o sì sọ fún àwọn ará Israẹli pé, ‘Ẹ mú òbúkọ kan wá fún ẹbọ ẹ̀ṣẹ̀, ọmọ màlúù àti ọ̀dọ́-àgùntàn kan, kí méjèèjì jẹ́ ọlọ́dún kọ̀ọ̀kan tí kò ní àbùkù fún ẹbọ sísun,
4 ৪ আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা ষাঁড় আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।”
àti akọ màlúù kan àti àgbò kan fún ẹbọ àlàáfíà àti ẹbọ ohun jíjẹ tí a fi òróró pò láti fi rú ẹbọ ní iwájú Olúwa. Nítorí pé Olúwa yóò farahàn yín ní òní.’”
5 ৫ তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল।
Wọ́n kó gbogbo àwọn nǹkan tí Mose pàṣẹ wá sí iwájú àgọ́ ìpàdé, gbogbo ìjọ ènìyàn sì súnmọ́ tòsí, wọ́n sì dúró níwájú Olúwa.
6 ৬ পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।”
Nígbà náà ni Mose wí pé, “Ohun tí Olúwa pàṣẹ fún yín láti ṣe nìyìí, kí ògo Olúwa bá à lè farahàn yín.”
7 ৭ পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।”
Mose sọ fún Aaroni pé, “Wá sí ibi pẹpẹ kí o sì rú ẹbọ ẹ̀ṣẹ̀ rẹ àti ẹbọ sísun rẹ, kí o sì ṣe ètùtù fún ara rẹ àti fún àwọn ènìyàn; rú ẹbọ ti àwọn ènìyàn náà, kí o sì ṣe ètùtù fún wọn gẹ́gẹ́ bí Olúwa ti pa á láṣẹ.”
8 ৮ তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে।
Aaroni sì wá sí ibi pẹpẹ, ó pa akọ ọmọ màlúù fún ẹbọ ẹ̀ṣẹ̀ ara rẹ̀.
9 ৯ পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।
Àwọn ọmọ Aaroni sì mú ẹ̀jẹ̀ náà tọ̀ ọ́ wá, ó sì ti ìka ọwọ́ rẹ̀ bọ inú ẹ̀jẹ̀ náà, ó fi sí orí ìwo pẹpẹ, ó sì da ìyókù ẹ̀jẹ̀ náà sí ìsàlẹ̀ pẹpẹ.
10 ১০ কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Ó sun ọ̀rá, kíndìnrín àti ọ̀rá tí ó bo ẹ̀dọ̀, èyí tó mú láti inú ẹbọ ẹ̀ṣẹ̀, lórí pẹpẹ bí Olúwa ti pa á láṣẹ fún Mose.
11 ১১ আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।
Ó sì sun ara ẹran àti awọ rẹ̀ ní ẹ̀yìn ibùdó.
12 ১২ পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে।
Lẹ́yìn èyí ó pa ẹran tó wà fún ẹbọ sísun. Àwọn ọmọ Aaroni sì mú ẹ̀jẹ̀ rẹ̀ tọ̀ ọ́ wá, ó sì wọn yí pẹpẹ náà ká.
13 ১৩ পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে।
Wọ́n sì ń mú ẹbọ sísun náà fún un ní ègé kọ̀ọ̀kan, pẹ̀lú orí rẹ̀, ó sun gbogbo rẹ̀ lórí pẹpẹ.
14 ১৪ তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।
Ó fọ nǹkan inú rẹ̀ àti ẹsẹ̀ rẹ̀, ó sun wọ́n lórí ẹbọ sísun tó wà lórí pẹpẹ.
15 ১৫ পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে।
Aaroni mú ẹbọ tó jẹ́ ti àwọn ènìyàn wá. Ó mú òbúkọ èyí tó dúró fún ẹbọ ẹ̀ṣẹ̀ àwọn ènìyàn ó sì pa á, ó fi rú ẹbọ ẹ̀ṣẹ̀ gẹ́gẹ́ bí ó ti ṣe ti àkọ́kọ́.
16 ১৬ আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে।
Ó mú ẹbọ sísun wá, ó sì rú u gẹ́gẹ́ bí ìlànà tí a fi lélẹ̀.
17 ১৭ আৰু ভক্ষ্য নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে।
Ó tún mu ẹbọ ohun jíjẹ wá, ó bu ẹ̀kúnwọ́ kan nínú rẹ̀, ó sì sun ún lórí pẹpẹ ní àfikún ẹbọ sísun tí àárọ̀.
18 ১৮ পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ ষাঁড় আৰু মতা মেৰটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে।
Ó pa akọ màlúù àti àgbò bí ẹbọ àlàáfíà fún àwọn ènìyàn. Àwọn ọmọ Aaroni sì mú ẹ̀jẹ̀ ẹran náà tọ̀ ọ́ wá, ó sì wọn yí pẹpẹ náà ká.
19 ১৯ পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
Ṣùgbọ́n ọ̀rá akọ màlúù àti àgbò náà: ìrù rẹ̀ tí ó lọ́ràá, básí ọ̀rá, ọ̀rá kíndìnrín, àti ọ̀rá tí ó bo ẹ̀dọ̀:
20 ২০ সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
gbogbo rẹ̀ ni wọ́n kó lórí igẹ̀ ẹran náà. Aaroni sì sun ọ̀rá náà lórí pẹpẹ.
21 ২১ আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।
Aaroni fi igẹ̀ àti itan ọ̀tún ẹran náà níwájú Olúwa gẹ́gẹ́ bí ẹbọ fífì bí Mose ṣe pa á láṣẹ.
22 ২২ তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
Aaroni sì gbé ọwọ́ rẹ̀ sókè sí àwọn ènìyàn, ó sì súre fún wọn. Lẹ́yìn tó sì ti rú ẹbọ ẹ̀ṣẹ̀, ẹbọ sísun àti ẹbọ àlàáfíà, ó sọ̀kalẹ̀.
23 ২৩ পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।
Mose àti Aaroni sì wọ inú àgọ́ ìpàdé. Nígbà tí wọ́n jáde, wọ́n súre fún àwọn ènìyàn, ògo Olúwa sì farahàn sí gbogbo ènìyàn.
24 ২৪ আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।
Iná sì jáde láti ọ̀dọ̀ Olúwa, ó sì jó ẹbọ sísun àti ọ̀rá orí pẹpẹ. Nígbà tí gbogbo ènìyàn sì rí èyí wọ́n hó ìhó ayọ̀, wọ́n sì dojúbolẹ̀.