< লেবীয় পুস্তক 9 >
1 ১ অষ্টম দিনৰ আনুষ্ঠানিকৰ পাছত মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে।
Op de achtste dag riep Moses Aäron met zijn zonen en de oudsten van Israël,
2 ২ তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিঘূণ দামুৰি আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মতা মেৰ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা।
en sprak tot Aäron: Neem een kalf, het jong van een rund, voor een zondeoffer, en een ram voor een brandoffer, beide zonder gebrek, en breng ze voor het aanschijn van Jahweh.
3 ৩ আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘূণ মেৰ পোৱালি,
En tot de Israëlieten moet ge zeggen: "Neemt een bok voor een zondeoffer, met een kalf en een schaap, beide een jaar oud en zonder gebrek, voor een brandoffer;
4 ৪ আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা ষাঁড় আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।”
verder een stier met een ram, om ze voor Jahweh’s aanschijn te slachten als vredeoffer; en tenslotte een spijsoffer met olie gemengd. Want heden zal Jahweh u verschijnen."
5 ৫ তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল।
Men bracht dus, wat Moses bevolen had, voor de openbaringstent en heel de gemeenschap trad naderbij, en plaatste zich voor het aanschijn van Jahweh.
6 ৬ পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।”
Toen sprak Moses: Dit heeft Jahweh u bevolen te doen, opdat de glorie van Jahweh u moge verschijnen.
7 ৭ পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।”
En tot Aäron zei Moses: Treed nader tot het altaar, en draag uw zonde en brandoffer op, om verzoening voor uzelf en voor het volk te verkrijgen; breng dan de gave van het volk en verkrijg verzoening voor hen, zoals Jahweh het heeft bevolen.
8 ৮ তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে।
Nu trad Aäron op het altaar toe, en slachtte het kalf, dat het zondeoffer voor hem zelf was.
9 ৯ পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।
De zonen van Aäron brachten hem het bloed; hij doopte er zijn vinger in, streek het aan de hoornen van het altaar, en goot de rest van het bloed tegen het voetstuk van het altaar uit.
10 ১০ কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Het vet van het zondeoffer, met de nieren en de kwab aan de lever, deed hij op het altaar in rook opgaan, zoals Jahweh het Moses bevolen had;
11 ১১ আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।
het vlees en de huid verbrandde hij buiten de legerplaats.
12 ১২ পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে।
Vervolgens slachtte hij het brandoffer. De zonen van Aäron reikten hem het bloed, en hij sprenkelde het aan alle kanten tegen het altaar.
13 ১৩ পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে।
Dan reikten ze hem het brandoffer aan, in stukken gesneden, met de kop erbij, en hij deed het op het altaar in rook opgaan.
14 ১৪ তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।
De ingewanden en de poten waste hij, en deed ze tezamen met het brandoffer op het altaar in rook opgaan.
15 ১৫ পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে।
Daarna liet hij de offergave van het volk brengen. Hij nam den bok van het zondeoffer van het volk, slachtte en offerde hem als zondeoffer, zoals den vorige.
16 ১৬ আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে।
Hij droeg ook het brandoffer op, en deed ermee, zoals was voorgeschreven.
17 ১৭ আৰু ভক্ষ্য নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে।
Toen liet hij ook het spijsoffer brengen, nam er een handvol af en deed het op het altaar in rook opgaan, onverminderd het morgenoffer.
18 ১৮ পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ ষাঁড় আৰু মতা মেৰটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে।
Vervolgens slachtte hij den stier en den ram, als vredeoffer voor het volk. De zonen van Aäron reikten hem het bloed, en hij sprenkelde het aan alle kanten tegen het altaar.
19 ১৯ পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
De vette stukken van den stier en den ram: het staartvet, het vet, dat de ingewanden bedekt, de nieren, de kwab aan de lever,
20 ২০ সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
legde hij bij de borststukken, en deed die vette stukken op het altaar in rook opgaan.
21 ২১ আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।
Maar de borststukken en de rechterschenkel bood Aäron als een strekoffer aan voor het aanschijn van Jahweh, zoals Moses het bevolen had.
22 ২২ তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
En nadat Aäron de zonde, brand en vredeoffers had opgedragen, strekte hij zijn handen uit over het volk en zegende het. Daarna daalde hij af.
23 ২৩ পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।
Nu gingen Moses en Aäron de openbaringstent binnen. En zodra zij weer naar buiten waren gekomen en het volk hadden gezegend, verscheen aan heel het volk de heerlijkheid van Jahweh.
24 ২৪ আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।
En een vuur schoot uit het aanschijn van Jahweh, dat het brandoffer met de vette stukken op het altaar verteerde. Toen het ganse volk dat zag, brak het los in gejubel en viel op zijn aangezicht neer.