< লেবীয় পুস্তক 8 >

1 পাছত যিহোৱাই মোচিক ক’লে,
I mluvil Hospodin k Mojžíšovi, řka:
2 “তুমি হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক, লগত বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহিটো লোৱা।
Vezmi Arona a syny jeho s ním, i roucha jejich a olej pomazání, též volka k oběti za hřích, a dva skopce, a koš s přesnými chleby,
3 আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত গোটেই সমাজক গোটোৱা।”
A shromažď všecko množství ke dveřím stánku úmluvy.
4 সেয়ে মোচিয়ে যিহোৱাৰ আজ্ঞাৰ দৰে কৰিলে আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সমাজ গোট খালে।
I učinil Mojžíš, jakž přikázal jemu Hospodin, a shromáždilo se všecko množství ke dveřím stánku úmluvy.
5 তেতিয়া মোচিয়ে গোট খোৱা সমাজখনক ক’লে, “যিহোৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে।”
Tedy řekl Mojžíš tomu množství: Totoť jest to slovo, kteréž přikázal vykonati Hospodin.
6 এইদৰে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ওচৰলৈ আনি পানীৰে গা ধুৱালে।
A rozkázav přistoupiti Mojžíš Aronovi a synům jeho, umyl je vodou.
7 তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।
A oblékl jej v sukni a přepásal ho pasem, a oděv ho pláštěm, dal náramenník svrchu na něj, a připásal jej pasem náramenníka a otáhl ho jím.
8 তেওঁৰ বুকুত বুকুপতা দিলে আৰু বুকুপতাত পুৰীম আৰু তুস্মীম দিলে।
A vložil na něj náprsník, do něhožto dal urim a thumim.
9 আৰু তেওঁৰ মূৰত পাগুৰি পিন্ধালে, আৰু পাগুৰিটোৰ ওপৰত আগফালে পবিত্ৰ মুকুটস্বৰূপ সোণৰ পচাখন লগাই দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Potom vstavil čepici na hlavu jeho; a dal na čepici jeho po předu plech zlatý, korunu svatou, jakož přikázal Hospodin Mojžíšovi.
10 ১০ মোচিয়ে অভিষেকাৰ্থক তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে।
Vzal také Mojžíš olej pomazání a pomazal příbytku i všech věcí, kteréž byly v něm, a posvětil jich.
11 ১১ তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
A pokropil jím oltáře sedmkrát, a pomazal oltáře i všeho nádobí jeho, též umyvadla i s podstavkem jeho, aby to všecko posvěceno bylo.
12 ১২ তেওঁ অভিষেকাৰ্থক তেলৰ কিছু লৈ, হাৰোণৰ মুৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
Vlil také oleje pomazání na hlavu Aronovu, a pomazal ho ku posvěcení jeho.
13 ১৩ মোচিয়ে হাৰোণৰ পুত্ৰসকলক আগলৈ আনি তেওঁলোককো অঙ্গৰক্ষক বস্ত্ৰ পিন্ধাই, কঁকালত টঙালি বান্ধি মুৰত পাগুৰি মাৰি দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Rozkázal také Mojžíš přistoupiti synům Aronovým, a zobláčel je v sukně, a opásal je pasem, a vstavil na ně klobouky, jakož byl přikázal Hospodin jemu.
14 ১৪ তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে।
A přivedl volka k oběti za hřích, i položil Aron a synové jeho ruce své na hlavu volka oběti za hřích.
15 ১৫ তেওঁ তাক কাটিলে আৰু মোচিয়ে তাৰ কিছু তেজ লৈ, আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে; আৰু বাকী তেজখিনি লৈ, বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ত কৰি পবিত্ৰ কৰিলে।
I zabil jej a vzal krev jeho, a pomazal rohů oltáře vůkol prstem svým, a tak očistil oltář. Ostatek pak krve vylil k spodku oltáře a posvětil ho k očišťování na něm.
16 ১৬ পাছত নাড়ী-ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা, তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আতৰোৱাৰ পাছত, মোচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে।
Vzal také všecken tuk, kterýž byl na střevách, a branici s jater a obě ledvinky i tuk jejich, a pálil to Mojžíš na oltáři.
17 ১৭ কিন্তু গৰুটো, ইয়াৰ ছাল, মাংস আৰু গোবৰেৰে সৈতে ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Volka pak toho i kůži jeho, i maso jeho, i lejna jeho spálil ohněm vně za stany, jakož byl přikázal Hospodin Mojžíšovi.
18 ১৮ পাছত মোচিয়ে আন এটা মতা মেৰ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে।
Potom přivedl skopce oběti zápalné, a položil Aron i synové jeho ruce své na hlavu toho skopce.
19 ১৯ তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওঁফালে তাৰ তেজ ছটিয়াই দিলে।
I zabil jej, a pokropil Mojžíš krví oltáře po vrchu vůkol.
20 ২০ মোচিয়ে মেৰটো খণ্ড খণ্ড কৰি কাটিলে, আৰু তাৰ মূৰ, আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে।
Skopce také rozsekal na kusy jeho, a pálil Mojžíš hlavu, kusy i tuk.
21 ২১ তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Střeva pak a nohy vymyl vodou, a tak spálil Mojžíš všeho skopce na oltáři. I byl zápal u vůni líbeznou, obět ohnivá Hospodinu, jakož přikázal Hospodin Mojžíšovi.
22 ২২ তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰটো আনিলে, এইটো অভিষেকৰ মেৰ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে।
Rozkázal také přivésti skopce druhého, skopce posvěcení, a položil Aron i synové jeho ruce své na hlavu skopce.
23 ২৩ হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজলৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে।
I zabil jej, a vzav Mojžíš krve jeho, pomazal jí konce pravého ucha Aronova a palce ruky jeho pravé, i palce nohy jeho pravé.
24 ২৪ পাছত তেওঁ হাৰোণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো সোঁ কাণত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে।
Tolikéž synům Aronovým rozkázav přistoupiti, pomazal kraje ucha jejich pravého a palce ruky jejich pravé, též palce nohy jejich pravé, a vykropil krev na oltář svrchu vůkol.
25 ২৫ পাছত তেওঁ তেল খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে।
Potom vzal tuk a ocas i všecken tuk přikrývající droby a branici s jater, též obě dvě ledvinky i tuk jejich i plece pravé.
26 ২৬ আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত হ’ল।
Také z koše přesných chlebů, kteříž byli před Hospodinem, vzal jeden koláč přesný a jeden pecník chleba s olejem a jeden oplatek, a položil to s tukem a s plecem pravým.
27 ২৭ আৰু হাৰোণ ও তেওঁৰ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি, যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে।
A dal to všecko v ruce Aronovy a v ruce synů jeho, rozkázav obraceti sem i tam v obět obracení před Hospodinem.
28 ২৮ তেতিয়া মোচিয়ে, তেওঁলোকৰ হাতৰ পৰা সেইবোৰ লৈ, বেদীত হোম-বলিৰ ওপৰত দগ্ধ কৰিলে; এয়ে সুঘ্ৰাণৰ অৰ্থে দিয়া অভিষেকৰ নৈবেদ্য। এয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ।
Potom vzav z rukou jejich, pálil to na oltáři v zápal. Posvěcení toto jest u vůni rozkošnou, obět ohnivá Hospodinu.
29 ২৯ পাছত তেওঁ আমঠুটো লৈ যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে; অভিষেকৰ মেৰৰ এই আমঠুটো মোচিৰ ভাগ হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰে মোচিয়ে এই সকলোকে কৰিলে।
Vzal také Mojžíš hrudí a obracel je sem i tam v obět obracení před Hospodinem; a z skopce posvěcení dostal se Mojžíšovi díl, jakož mu byl přikázal Hospodin.
30 ৩০ পাছত মোচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ, হাৰোণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি, হাৰোণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁ পুত্ৰসকলক আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে।
Vzal také Mojžíš oleje pomazání a krve, kteráž byla na oltáři, a pokropil Arona i roucha jeho, též synů Aronových a roucha jejich s ním. A tak posvětil Arona i roucha jeho, též synů jeho i roucha jejich s ním.
31 ৩১ সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা।
I řekl Mojžíš Aronovi a synům jeho: Vařte to maso u dveří stánku úmluvy, a jezte je tu, i chléb, kterýž jest v koši posvěcení, jakož jsem přikázal, řka: Aron a synové jeho jísti budou je.
32 ৩২ যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব, সেইবোৰ জুইত পুৰি ভস্ম কৰিবা।
Což by pak zůstalo masa i chleba toho, ohněm to spálíte.
33 ৩৩ আৰু তোমালোকে সাত দিনলৈকে, অৰ্থাৎ তোমালোকক নিযুক্ত কৰা দিন শেষ নোহোৱালৈকে, সাক্ষাৎ কৰা তম্বু দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা। কাৰণ তোমালোকক নিযুক্ত কৰোঁতে সাতদিন লাগিব।
A ze dveří stánku úmluvy za sedm dní nevycházejte až do dne, v kterémž by se vyplnili dnové svěcení vašeho; nebo za sedm dní posvěcovány budou ruce vaše.
34 ৩৪ আজি যেনেকৈ কৰা গ’ল, তোমালোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তেনেকৈ কৰিবলৈ যিহোৱাই আজ্ঞা দিলে।
Jakož se stalo dnešní den, tak přikázal Hospodin činiti k očištění vašemu.
35 ৩৫ এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্য্যমানে যিহোৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালোঁ।”
Protož u dveří stánku úmluvy zůstanete ve dne i v noci za sedm dní, a ostříhati budete nařízení Hospodinova, abyste nezemřeli; nebo tak mi jest přikázáno.
36 ৩৬ যিহোৱাই মোচিৰ দ্বাৰাই যি সকলো কৰিবলৈ আজ্ঞা দিছিল, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই সকলোকে কৰিলে।
Učinil tedy Aron i synové jeho všecky věci, kteréž přikázal Hospodin skrze Mojžíše.

< লেবীয় পুস্তক 8 >