< লেবীয় পুস্তক 7 >
1 ১ এয়া দোষাৰ্থক বলিদানৰ নিয়ম: ই অতি পবিত্ৰ।
“‘Amanneɛ a ɛfa bɔne afɔrebɔ a ɛyɛ kronkron no nie:
2 ২ ‘যি ঠাইত হোম-বলি কটা হ’ব, সেই ঠাইতে দোষাৰ্থক বলিও কটা হ’ব; আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব।
Wɔbɛkum aboa a wɔde no rebɔ afɔdeɛ no wɔ beaeɛ a wɔkumm aboa a wɔde no bɔ ɔhyeɛ afɔdeɛ no na wɔde ne mogya no apete afɔrebukyia no ho ahyia.
3 ৩ তেওঁ তাৰ সকলো তেল উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল,
Ɔsɔfoɔ no de aboa no mu sradeɛ nyinaa, ne dua,
4 ৪ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
ne sawa mmienu ne ne sisia sradeɛ ne ne berɛboɔ kotokuo no nyinaa bɛgu nkyɛn de abɔ saa afɔdeɛ no.
5 ৫ পাছত পুৰোহিতে সেই সকলোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে দোষাৰ্থক বলি।
Asɔfoɔ no bɛhye no afɔrebukyia no so sɛ ɛfɔdie ho afɔdeɛ de ama Awurade.
6 ৬ পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব; সেয়ে অতি পবিত্ৰ।
Mmarima a wɔfra asɔfoɔ no mu nko ara na wɔbɛwe ɛnam no bi. Wɔnwe no beaeɛ a ɛhɔ yɛ kronkron, ɛfiri sɛ, ɛyɛ afɔrebɔdeɛ a ɛho te yie.
7 ৭ পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।
“‘Amanneɛ korɔ no ara na wɔbɛfa so abɔ bɔne afɔdeɛ ne ɛfɔdie afɔdeɛ no. Ɔsɔfoɔ a ɔdi mmaratodeɛ no ho dwuma no na ɛsɛ sɛ ɔwe ɛnam no.
8 ৮ আৰু যি পুৰোহিতে কোনো হোম-বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ’ব।
Sɛ afɔrebɔ no yɛ ɔhyeɛ afɔrebɔ a, wɔde aboa no ho nhoma no bɛma ɔsɔfoɔ a ɔbɛdi dwuma no.
9 ৯ আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।
Sɛ asɔfoɔ a wɔbɔ atokoɔ ho afɔdeɛ ma Awurade no wie saa afɔrebɔ no a, wɔde atokoɔ no nkaeɛ bɛma wɔn. Sɛ afɔrebɔdeɛ no, wɔto o, wɔkye o, wɔnoa o, amanneɛ korɔ no ara ase na ɛhyɛ.
10 ১০ তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।
Atokoɔ afɔrebɔ biara a aka no, sɛ wɔde ngo fra anaa wɔamfa ngo amfra a, ɛyɛ Aaron mmammarima nyinaa dea.
11 ১১ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।
“‘Amanneɛ a ɛfa asomdwoeɛ afɔdeɛ sononko a wɔbɔ ma Awurade no nie:
12 ১২ যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
“‘Sɛ ɛyɛ asomdwoeɛ afɔdeɛ a, wɔmfa burodo a mmɔreka nni mu a wɔde ngo afra nka ho. Saa ara na wɔmfa burodo ntrawa bi a wɔde ngo agu so ne asikyiresiam mfrafraeɛ a wɔde afra ngo nka saa afɔrebɔdeɛ no ho.
13 ১৩ ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব।
Wɔmfa burodo a wɔde mmɔreka afra nka saa aseda asomdwoeɛ afɔdeɛ yi ho.
14 ১৪ আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেওঁৱেই তাক পাব।
Wɔde saa afɔrebɔdeɛ yi bi bɛgyina afɔrebukyia no anim na wɔahim no afɔrebukyia no anim akɔ fa aba fa de akyerɛ sɛ, wɔde ama Awurade. Afei, wɔbɛdane afɔrebɔdeɛ no ama ɔsɔfoɔ a ɔpete aboa a wɔde no bɛbɔ afɔdeɛ no mogya a ɔboa dwumadie no.
15 ১৫ ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
Sɛ wɔde aboa no bɔ Awurade afɔdeɛ de ma no sɛ asomdwoeɛ afɔrebɔ de kyerɛ sɛ ɛyɛ anisɔ ne asedadeɛ a, wɔbɛwe ne nam ɛda no ara. Ɛnsɛ sɛ ebi ka na adeɛ kye a wɔawe.
16 ১৬ কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।
“‘Na sɛ obi de afɔrebɔdeɛ bi ba a ɛnyɛ asomdwoeɛ afɔdeɛ na mmom, sɛ ɛyɛ bɔhyɛ anaa ɛfiri nʼakoma mu na ɔde rebrɛ Awurade deɛ a, deɛ ɛbɛka biara wɔ afɔrebɔ no akyi no, sɛ adeɛ kye so a, wɔtumi we.
17 ১৭ কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব।
Biribiara a ɛbɛka a ɛbɛdi nnansa no deɛ, wɔnhye no.
18 ১৮ যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
Sɛ obi we deɛ adi nnansa no bi a, Awurade rennye afɔrebɔdeɛ no; na ɛrenni mu sɛ afɔrebɔdeɛ, na onipa a ɔde baeɛ sɛ wɔmfa mmɔ saa afɔdeɛ no rennya ho mfasoɔ biara. Ɔsɔfoɔ a ɔbɛwe no nso bɛdi ho fɔ, ɛfiri sɛ, ɛyɛ akyiwadeɛ ma Awurade; na onipa a ɔbɛwe saa ɛnam no, ɛsɛ sɛ ɔyi ne ho ano wɔ saa bɔne no ho.
19 ১৯ যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
“‘Ɛnam biara a ɛka biribi a wɔntee ho no, wɔnnwe; wɔnhye no. Ɛnam biara a aka deɛ, obiara a ne ho te wɔ ho kwan sɛ ɔwe.
20 ২০ যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Ɔsɔfoɔ biara a ne ho nte na ɔbɛdi asomdwoeɛ afɔdeɛ no bi no, wɔbɛtwa no asuo, ɛfiri sɛ, wagu ade kronkron ho fi.
21 ২১ কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
Obiara a ɔde ne nsa bɛka biribi a ɛho nte no, sɛ ɛyɛ onipa anaa aboa na ɔguu ho fi na ɔbɛdii asomdwoeɛ afɔrebɔdeɛ no bi no, wɔbɛtwa no asuo, ɛfiri sɛ, wagu ade kronkron ho fi.’”
22 ২২ পাছত যিহোৱাই মোচিক ক’লে,
Afei, Awurade ka kyerɛɛ Mose sɛ,
23 ২৩ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
“Ka kyerɛ Israelfoɔ no sɛ wɔnnni sradeɛ, sɛ ɛfiri anantwie, nnwan anaa mmirekyie mu.
24 ২৪ আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
Sɛ yadeɛ bi bɔ aboa bi na ɔwu anaasɛ mmoa bɔne bi taataa aboa foforɔ bi so kum no a, wɔnnni ne sradeɛ na mmom, wɔmfa nyɛ ade foforɔ.
25 ২৫ কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Obiara a ɔbɛdi sradeɛ a ɛfiri afɔrebɔdeɛ a wɔbɔ no ogya so de ma Awurade no, wɔbɛtwa no asuo.
26 ২৬ আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
Monnni mogya—sɛ ɛyɛ nnomaa anaa ntɔteboa.
27 ২৭ যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
Obiara a ɔbɛyɛ saa no, wɔbɛtwa no asuo.”
28 ২৮ পাছত যিহোৱাই মোচিক ক’লে,
Awurade ka kyerɛɛ Mose sɛ,
29 ২৯ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
“Ka kyerɛ Israelfoɔ sɛ, obiara a ɔpɛ sɛ ɔbɔ Awurade asomdwoeɛ afɔdeɛ no, ɔno ara mfa nkura ne nsam mfa mmra.
30 ৩০ তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।
Ɔmfa afɔrebɔdeɛ a ɛyɛ sradeɛ ne ne yan a wɔbɛhim no afɔrebukyia no anim de ama Awurade no mmra.
31 ৩১ আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
Afei, ɔsɔfoɔ no bɛhye sradeɛ no wɔ afɔrebukyia no so na ne yan no deɛ, Aaron ne ne mmammarima bɛfa,
32 ৩২ আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।
na ɔsɔfoɔ a ɔredi dwuma no afa ne srɛ nifa no.
33 ৩৩ হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব।
Na Aaron mmammarima no mu deɛ ɔde mogya ne sradeɛ a ɛfiri afɔrebɔdeɛ no mu bɛba afɔrebukyia no so na ɔbɛfa srɛ nifa no.
34 ৩৪ ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মই তেওঁলোকৰ প্ৰত্যেক মঙ্গলাৰ্থক বলিৰ দোলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰ যি সোঁ পাছ-পিৰা, তাক লৈ ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰোণ পুৰোহিত আৰু তেওঁৰ পুত্ৰসকলক দিলোঁ।
Mahyɛ sɛ wɔmfa ne yan no ne ne srɛ no mma sɛ akyɛdeɛ a ɛfiri Israelfoɔ nkyɛn a wɔde rebrɛ Aaron mmammarima. Ɛberɛ biara, wɔmfa saa afɔrebɔdeɛ no kyɛfa yi no mma Aaron ne ne mmammarima.”
35 ৩৫ যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।
Wɔn akatua ne no: Ɔhyeɛ afɔrebɔ no, wɔde bɛto nkyɛn na wɔde ama wɔn a wɔayi wɔn sɛ Awurade asɔfoɔ a ɛyɛ Aaron ne ne mmammarima.
36 ৩৬ তেওঁ তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুক্ৰমে ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ যিহোৱাই আজ্ঞা কৰিলে।
Ɛfiri sɛ, ɛda a Awurade sraa wɔn ngo no, ɔhyɛɛ sɛ Israelfoɔ mfa saa kyɛfa no mma wɔn; ɛyɛ wɔn kyɛfa daa daa firi awoɔ ntoatoasoɔ so kɔsi awoɔ ntoatoasoɔ so.
37 ৩৭ এইবোৰেই হোম-বলিৰ, ভক্ষ্য নৈবেদ্যৰ, পাপাৰ্থক বলিৰ, দোষাৰ্থক বলিৰ, নিযুক্তকৰণাৰ্থক বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ নিয়ম।”
Yeinom ne amanneɛ a ɛfa ɔhyeɛ afɔrebɔ, atokoɔ afɔrebɔ, bɔne afɔrebɔ, ɛfɔdie afɔrebɔ, ahoteɛ afɔrebɔ ne asomdwoeɛ afɔrebɔ ho.
38 ৩৮ যিহোৱাই যিদিনা চীনয় অৰণ্যত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেই দিনা তেওঁ চীনয় পৰ্ব্বতত মোচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।
Awurade de saa mmara yi maa Mose wɔ Sinai Bepɔ so sɛ ɔno nso mfa mma Israelfoɔ no sɛdeɛ ɛbɛyɛ a, wɔbɛhunu ɛkwan a ɛsɛ sɛ wɔfa so bɔ wɔn afɔdeɛ ahodoɔ no de ma Onyankopɔn wɔ Sinai ɛserɛ so hɔ.