< লেবীয় পুস্তক 7 >

1 এয়া দোষাৰ্থক বলিদানৰ নিয়ম: ই অতি পবিত্ৰ।
Haec quoque lex hostiae pro delicto, Sancta sanctorum est:
2 ‘যি ঠাইত হোম-বলি কটা হ’ব, সেই ঠাইতে দোষাৰ্থক বলিও কটা হ’ব; আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব।
idcirco ubi immolabitur holocaustum, mactabitur et victima pro delicto: sanguis eius per gyrum altaris fundetur.
3 তেওঁ তাৰ সকলো তেল উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল,
Offerent ex ea caudam et adipem qui operit vitalia:
4 ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
Duos renunculos, et pinguedinem quae iuxta ilia est, reticulumque iecoris cum renunculis.
5 পাছত পুৰোহিতে সেই সকলোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে দোষাৰ্থক বলি।
et adolebit ea sacerdos super altare: incensum est Domini pro delicto.
6 পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব; সেয়ে অতি পবিত্ৰ।
Omnis masculus de sacerdotali genere, in loco sancto vescetur his carnibus, quia Sanctum sanctorum est.
7 পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।
Sicut pro peccato offertur hostia, ita et pro delicto: utriusque hostiae lex una erit: ad sacerdotem, qui eam obtulerit, pertinebit.
8 আৰু যি পুৰোহিতে কোনো হোম-বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ’ব।
Sacerdos qui offert holocausti victimam, habebit pellem eius.
9 আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।
Et omne sacrificium similae, quod coquitur in clibano, et quidquid in craticula, vel in sartagine praeparatur, eius erit sacerdotis a quo offertur:
10 ১০ তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।
sive oleo conspersa, sive arida fuerint, cunctis filiis Aaron mensura aequa per singulos dividentur.
11 ১১ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।
Haec est lex hostiae pacificorum quae offertur Domino.
12 ১২ যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
Si pro gratiarum actione oblatio fuerit, offerent panes absque fermento conspersos oleo, et lagana azyma uncta oleo, coctamque similam, et collyridas olei admistione conspersas:
13 ১৩ ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব।
panes quoque fermentatos cum hostia gratiarum, quae immolatur pro pacificis:
14 ১৪ আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেওঁৱেই তাক পাব।
ex quibus unus pro primitiis offeretur Domino, et erit sacerdotis qui fundet hostiae sanguinem.
15 ১৫ ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
cuius carnes eadem comedentur die, nec remanebit ex eis quidquam usque mane.
16 ১৬ কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।
Si voto, vel sponte quispiam obtulerit hostiam, eadem similiter edetur die: sed et si quid in crastinum remanserit, vesci licitum est:
17 ১৭ কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব।
quidquid autem tertius invenerit dies, ignis absumet.
18 ১৮ যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
si quis de carnibus victimae pacificorum die tertio comederit, irrita fiet oblatio, nec proderit offerenti: quin potius quaecumque anima tali se edulio contaminaverit, praevaricationis rea erit.
19 ১৯ যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
Caro, quae aliquod tetigerit immundum, non comedetur, sed comburetur igni: qui fuerit mundus, vescetur ex ea.
20 ২০ যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Anima polluta quae ederit de carnibus hostiae pacificorum, quae oblata est Domino, peribit de populis suis.
21 ২১ কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
Et quae tetigerit immunditiam hominis, vel iumenti, sive omnis rei, quae polluere potest, et comederit de huiuscemodi carnibus, interibit de populis suis.
22 ২২ পাছত যিহোৱাই মোচিক ক’লে,
Locutusque est Dominus ad Moysen, dicens:
23 ২৩ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
Loquere filiis Israel: Adipem ovis, et bovis, et caprae non comedetis.
24 ২৪ আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
Adipem cadaveris morticini, et eius animalis, quod a bestia captum est, habebitis in varios usus.
25 ২৫ কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Si quis adipem, qui offerri debet in incensum Domini, comederit, peribit de populo suo.
26 ২৬ আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
Sanguinem quoque omnis animalis non sumetis in cibo, tam de avibus quam de pecoribus.
27 ২৭ যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
Omnis anima, quae ederit sanguinem, peribit de populis suis.
28 ২৮ পাছত যিহোৱাই মোচিক ক’লে,
Locutusque est Dominus ad Moysen, dicens:
29 ২৯ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
Loquere filiis Israel, dicens: Qui offert victimam pacificorum Domino, offerat simul et sacrificium, id est, libamenta eius.
30 ৩০ তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।
tenebit manibus adipem hostiae, et pectusculum: cumque ambo oblata Domino consecraverit, tradet sacerdoti,
31 ৩১ আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
qui adolebit adipem super altare, pectusculum autem erit Aaron, et filiorum eius.
32 ৩২ আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।
armus quoque dexter de pacificorum hostiis cedet in primitias sacerdotis.
33 ৩৩ হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব।
Qui obtulerit sanguinem et adipem, filiorum Aaron, ipse habebit et armum dextrum in portione sua.
34 ৩৪ ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মই তেওঁলোকৰ প্ৰত্যেক মঙ্গলাৰ্থক বলিৰ দোলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰ যি সোঁ পাছ-পিৰা, তাক লৈ ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰোণ পুৰোহিত আৰু তেওঁৰ পুত্ৰসকলক দিলোঁ।
Pectusculum enim elevationis, et armum separationis tuli a filiis Israel de hostiis eorum pacificis, et dedi Aaron sacerdoti, et filiis eius lege perpetua, ab omni populo Israel.
35 ৩৫ যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।
Haec est unctio Aaron et filiorum eius in ceremoniis Domini die qua obtulit eos Moyses, ut sacerdotio fungerentur,
36 ৩৬ তেওঁ তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুক্ৰমে ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ যিহোৱাই আজ্ঞা কৰিলে।
et quae praecepit eis dari Dominus a filiis Israel religione perpetua in generationibus suis.
37 ৩৭ এইবোৰেই হোম-বলিৰ, ভক্ষ্য নৈবেদ্যৰ, পাপাৰ্থক বলিৰ, দোষাৰ্থক বলিৰ, নিযুক্তকৰণাৰ্থক বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ নিয়ম।”
Ista est lex holocausti, et sacrificii pro peccato atque delicto, et pro consecratione et pacificorum victimis:
38 ৩৮ যিহোৱাই যিদিনা চীনয় অৰণ্যত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেই দিনা তেওঁ চীনয় পৰ্ব্বতত মোচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।
quam constituit Dominus Moysi in monte Sinai, quando mandabit filiis Israel ut offerrent oblationes suas Domino in deserto Sinai.

< লেবীয় পুস্তক 7 >