< লেবীয় পুস্তক 6 >
1 ১ যিহোৱাই মোচিক ক’লে, আৰু মোচিয়ে, ক’লে,
耶和華曉諭摩西說:
2 ২ “কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা
「若有人犯罪,干犯耶和華,在鄰舍交付他的物上,或是在交易上行了詭詐,或是搶奪人的財物,或是欺壓鄰舍,
3 ৩ বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,
或是在撿了遺失的物上行了詭詐,說謊起誓,在這一切的事上犯了甚麼罪;
4 ৪ সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।
他既犯了罪,有了過犯,就要歸還他所搶奪的,或是因欺壓所得的,或是人交付他的,或是人遺失他所撿的物,
5 ৫ বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে, তেনেহলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ বেছিকৈ দিব লাগিব আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব।
或是他因甚麼物起了假誓,就要如數歸還,另外加上五分之一,在查出他有罪的日子要交還本主。
6 ৬ তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব।
也要照你所估定的價,把贖愆祭牲-就是羊群中一隻沒有殘疾的公綿羊-牽到耶和華面前,給祭司為贖愆祭。
7 ৭ পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব।”
祭司要在耶和華面前為他贖罪;他無論行了甚麼事,使他有了罪,都必蒙赦免。」
8 ৮ তেতিয়া যিহোৱাই মোচিক ক’লে,
耶和華曉諭摩西說:
9 ৯ “তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক এই আজ্ঞা দিয়া, ‘হোমৰ নিয়ম এই: হোম-দ্ৰব্য ওৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্ৱাৰাই জ্বলি থাকিব।
「你要吩咐亞倫和他的子孫說,燔祭的條例乃是這樣:燔祭要放在壇的柴上,從晚上到天亮,壇上的火要常常燒着。
10 ১০ পুৰোহিত শণ সূতাৰ অন্তৰ্বাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম বাকি থাকে, তাক গুচাই বেদীৰ দাঁতিত থব।
祭司要穿上細麻布衣服,又要把細麻布褲子穿在身上,把壇上所燒的燔祭灰收起來,倒在壇的旁邊;
11 ১১ পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।
隨後要脫去這衣服,穿上別的衣服,把灰拿到營外潔淨之處。
12 ১২ আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব।
壇上的火要在其上常常燒着,不可熄滅。祭司要每日早晨在上面燒柴,並要把燔祭擺在壇上,在其上燒平安祭牲的脂油。
13 ১৩ বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব।
在壇上必有常常燒着的火,不可熄滅。」
14 ১৪ শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
「素祭的條例乃是這樣:亞倫的子孫要在壇前把這祭獻在耶和華面前。
15 ১৫ পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।
祭司要從其中-就是從素祭的細麵中-取出自己的一把,又要取些油和素祭上所有的乳香,燒在壇上,奉給耶和華為馨香素祭的紀念。
16 ১৬ ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।
所剩下的,亞倫和他子孫要吃,必在聖處不帶酵而吃,要在會幕的院子裏吃。
17 ১৭ খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।
烤的時候不可攙酵。這是從所獻給我的火祭中賜給他們的分,是至聖的,和贖罪祭並贖愆祭一樣。
18 ১৮ হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”
凡獻給耶和華的火祭,亞倫子孫中的男丁都要吃這一分,直到萬代,作他們永得的分。摸這些祭物的,都要成為聖。」
19 ১৯ পাছত যিহোৱাই মোচিক পুনৰ ক’লে,
耶和華曉諭摩西說:
20 ২০ “হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।
「當亞倫受膏的日子,他和他子孫所要獻給耶和華的供物,就是細麵伊法十分之一,為常獻的素祭:早晨一半,晚上一半。
21 ২১ তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।
要在鐵鏊上用油調和做成,調勻了,你就拿進來;烤好了分成塊子,獻給耶和華為馨香的素祭。
22 ২২ পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।
亞倫的子孫中,接續他為受膏的祭司,要把這素祭獻上,要全燒給耶和華。這是永遠的定例。
23 ২৩ পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”
祭司的素祭都要燒了,卻不可吃。」
24 ২৪ যিহোৱাই মোচিক ক’লে,
耶和華曉諭摩西說:
25 ২৫ “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ।
「你對亞倫和他的子孫說,贖罪祭的條例乃是這樣:要在耶和華面前、宰燔祭牲的地方宰贖罪祭牲;這是至聖的。
26 ২৬ যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।
為贖罪獻這祭的祭司要吃,要在聖處,就是在會幕的院子裏吃。
27 ২৭ যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা।
凡摸這祭肉的要成為聖;這祭牲的血若彈在甚麼衣服上,所彈的那一件要在聖處洗淨。
28 ২৮ কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।
惟有煮祭物的瓦器要打碎;若是煮在銅器裏,這銅器要擦磨,在水中涮淨。
29 ২৯ পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ।
凡祭司中的男丁都可以吃;這是至聖的。
30 ৩০ আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।
凡贖罪祭,若將血帶進會幕在聖所贖罪,那肉都不可吃,必用火焚燒。」