< লেবীয় পুস্তক 5 >
1 ১ যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
यदि कसैले आफूले देखेको वा सुनेको कुनै कुराको साक्षी भएर पनि त्यस कुराको गवाही दिनुपर्ने अवस्थामा गवाही नदिएको कारणले पाप गर्दछ भने, त्यो दोषी हुने छ ।
2 ২ অথবা কোনো অশুচি বনৰীয়া জন্তুৰ শৱ বা অশুচি ঘৰচীয়া পশুৰ শৱ আৰু অশুচি উৰগ আদি জন্তুৰেই হওঁক, যিটোক ঈশ্বৰে অশুচি কৰিলে, তাক যদি কোনোবাই কোনো অশুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাবে অশুচি হয়, তেন্তে তেওঁ দোষী হ’ব।
वा परमेश्वरले अशुद्ध ठहराउनुभएको कुनै कुरा कसैले छोयो भने, चाहे त्यो कुनै अशुद्ध वन-पशु, पाल्तु पशु वा घस्रने पशुको मृत शरीर होस्, त्यसले त्यो अजानमा छोएको भए तापनि त्यो अशुद्ध र दोषी हुने छ ।
3 ৩ বা মানুহৰ যিকোনো ধৰণৰ অশৌচ হওঁক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ’ব।
वा त्यसले कसैको अशुद्धता छोयो भने, चाहे त्यो अशुद्धता जेसुकै होस्, र त्यसबारे त्यो अजान छ भने, त्यसबारे त्यसलाई थाहा भएपछि त्यो दोषी हुने छ ।
4 ৪ বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।
वा कसैले खराब वा असल गर्न आफ्नो मुखबाट विचारै नगरेर किरिया हाल्छ भने, त्यसले जेसुकैको किरिया हालेको भए तापनि, यदि त्यसबारे त्यो अजान छ भने, त्यसबारे त्यसलाई थाहा भएपछि त्यो यी सबै कुराहरूमा दोषी हुने छ ।
5 ৫ আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।
यी कुराहरूमा कोही दोषी ठहरिएपछि त्यसले जेसुकै पाप गरेको भए तापनि त्यसले त्यो स्वीकार गर्नुपर्छ ।
6 ৬ তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।
त्यसपछि त्यसले आफूले गरेको पापको निम्ति परमप्रभुकहाँ दोषबलिको रूपमा बगालबाट पोथी पशु, पाठी वा बाख्री पापबलिको निम्ति ल्याओस्, र त्यसको पापको निम्ति पुजारीले प्रायश्चित्त गर्ने छ ।
7 ৭ যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে যিহোৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব, তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোম-বলিৰ বাবে হ’ব।
यदि त्यससँग पाठी किन्ने औकात छैन भने, त्यसले आफ्नो पापको निम्ति परमप्रभुकहाँ दोषबलिको रूपमा दुईवटा ढुकुर वा दुईवटा परेवाका बच्चा ल्याओस्, एउटाचाहिँ पापबलिको निम्ति र अर्को होमबलिको निम्ति ।
8 ৮ তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব; আৰু পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ তাৰ মুৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব।
त्यसले त्यो पुजारीकहाँ ल्याओस्, जसले पहिला एउटालाई पापबलिको निम्ति अर्पण गर्ने छ । त्यसले त्यसको घाँटीबाट त्यसको टाउको निमोठोस्, तर त्यसको शरीरबाट त्यसलाई पूर्ण रूपमा नछुटाओस् ।
9 ৯ তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মুলত বাকি দিব লাগিব; এয়ে পাপাৰ্থক বলি।
त्यसपछि त्यसले पापबलिको केही रगत वेदीको वरिपरि छर्कोस्, र बाँकी रगतचाहिँ वेदीको फेदमा खन्याओस् । योचाहिँ पापबलि हो ।
10 ১০ তেতিয়া তেওঁ প্ৰথমতে দিয়া বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
त्यसपछि निर्देशनहरूमा वर्णन गरिएअनुसार त्यसले दोस्रो चरोलाई होमबलिको रूपमा अर्पण गरोस्, र त्यसले गरेको पापको निम्ति पुजारीले प्रायश्चित्त गर्ने छ, र त्यस मानिसलाई क्षमा हुने छ ।
11 ১১ কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।
तर यदि त्यससँग दुई ढुकुर वा दुई परेवाका बच्चा किन्ने औकात छैन भने, त्यसले आफ्नो पापको निम्ति बलिको रूपमा आधा पाथी मसिनो पिठोको पापबलि ल्याओस् । त्यो पापबलि भएको कारण त्यसले त्यसमा तेल वा धूप नराखोस् ।
12 ১২ তেওঁ ইয়াক নিশ্চয়ে পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক নৈবেদ্য হিচাবে তেওঁৰ বুলি তেওঁৰ পৰা এমুঠি লৈ যিহোৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব; সেয়ে পাপাৰ্থক নৈবেদ্য।
त्यसले त्यो पुजारीकहाँ ल्याओस्, र पुजारीले त्यसबाट एक मुट्ठी चिन्हको रूपमा लिएर परमप्रभुको निम्ति वेदीमा आगोको बलिमाथि जलाओस् । यो पापबलि हो ।
13 ১৩ এইদৰে, পুৰোহিতে সেইবোৰ ভিতৰৰ কোনো এটা বিষয়ত, তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব; তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব; আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ’ব।
त्यस मानिसले गरेका सबै पापको निम्ति पुजारीले प्रायश्चित्त गर्ने छ, र त्यस मानिसलाई क्षमा हुने छ । अन्नबलिमा झैँ भेटीबाट बाँकी रहेको जति सबै पुजारीको हुने छ’ ।”
14 ১৪ তেতিয়া যিহোৱাই মোচিক ক’লে,
अनि परमप्रभु मोशासँग यसो भनेर बोल्नुभयो,
15 ১৫ “যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।
“यदि कसैले अजानमा परमप्रभुका कुराहरूको सम्बन्धमा पाप गर्दछ र अविश्वासपूर्वक काम गर्दछ भने, त्यसले परमप्रभुकहाँ आफ्नो दोषबलि ल्याओस् । यो बलिचाहिँ दोषबलिको रूपमा बगालको निष्खोट भेडा होस्; जसको मूल्य पवित्रस्थानको चाँदीको शेकेल बराबरको हुनुपर्छ ।
16 ১৬ তেওঁ যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।
जे पवित्र छ त्यसको विरुद्ध गरेको पापको कारण त्यसले परमप्रभुलाई प्रसन्न तुल्याउनुपर्छ, र त्यसमा पाँचौँ भाग थपेर पुजारीलाई दिनुपर्छ । त्यसपछि दोषबलिको त्यो भेडा लिएर पुजारीले त्यस मानिसको निम्ति प्रायश्चित्त गर्ने छ, र त्यसलाई क्षमा हुने छ ।
17 ১৭ আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।
परमप्रभुले नगर्नू भनी आज्ञा गर्नुभएको कुनै कुरा कसैले गर्दछ भने, त्यसबारे त्यो अजान भए तापनि, त्यो दोषी हुने छ र आफ्नो दोषको भार त्यसले आफैँ बोक्नुपर्छ ।
18 ১৮ তেওঁ দোষাৰ্থক বলি দানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
त्यसले बगालबाट प्रचलित मूल्य बराबरको एउटा निष्खोट भेडा पुजारीकहाँ दोषबलिको रूपमा ल्याओस् । त्यसले अजानमा गरेको पापको निम्ति पुजारीले प्रायश्चित्त गर्ने छ, र त्यसलाई क्षमा हुने छ ।
19 ১৯ এয়ে হৈছে দোষাৰ্থক বলি; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী।”
यो दोषबलि हो, र त्यो निश्चय नै परमप्रभुको अगि दोषी छ ।”