< লেবীয় পুস্তক 4 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
१फिर यहोवा ने मूसा से कहा,
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘যেতিয়া কোনো এজন লোকে, যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি, নজনাকৈ পাপ কৰে, তেতিয়া তেওঁ এই ধৰণে কৰিব লাগিব;
२“इस्राएलियों से यह कह कि यदि कोई मनुष्य उन कामों में से जिनको यहोवा ने मना किया है, किसी काम को भूल से करके पापी हो जाए;
3 ৩ তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
३और यदि अभिषिक्त याजक ऐसा पाप करे, जिससे प्रजा दोषी ठहरे, तो अपने पाप के कारण वह एक निर्दोष बछड़ा यहोवा को पापबलि करके चढ़ाए।
4 ৪ তেওঁ সেই দমৰা ষাঁড়-গৰুটো সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখেৰে যিহোৱাৰ আগলৈ আনিব আৰু ষাঁড়-গৰুটোৰ মূৰত হাত দি, যিহোৱাৰ সন্মুখত তাক কাটিব।
४वह उस बछड़े को मिलापवाले तम्बू के द्वार पर यहोवा के आगे ले जाकर उसके सिर पर हाथ रखे, और उस बछड़े को यहोवा के सामने बलि करे।
5 ৫ তেতিয়া সেই অভিষিক্ত পুৰোহিত জনে দমৰা ষাঁড়-গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব।
५और अभिषिक्त याजक बछड़े के लहू में से कुछ लेकर मिलापवाले तम्बू में ले जाए;
6 ৬ আৰু পুৰোহিত জনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ তাৰ কিছু তেজ ছটিয়াই দিব।
६और याजक अपनी उँगली लहू में डुबो-डुबोकर और उसमें से कुछ लेकर पवित्रस्थान के बीचवाले पर्दे के आगे यहोवा के सामने सात बार छिड़के।
7 ৭ পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।
७और याजक उस लहू में से कुछ और लेकर सुगन्धित धूप की वेदी के सींगों पर जो मिलापवाले तम्बू में है यहोवा के सामने लगाए; फिर बछड़े के सब लहू को वेदी के पाए पर होमबलि की वेदी जो मिलापवाले तम्बू के द्वार पर है उण्डेल दे।
8 ৮ আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল,
८फिर वह पापबलि के बछड़े की सब चर्बी को उससे अलग करे, अर्थात् जिस चर्बी से अंतड़ियाँ ढपी रहती हैं, और जितनी चर्बी उनमें लिपटी रहती है,
9 ৯ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব।
९और दोनों गुर्दे और उनके ऊपर की चर्बी जो कमर के पास रहती है, और गुर्दों समेत कलेजे के ऊपर की झिल्ली, इन सभी को वह ऐसे अलग करे,
10 ১০ মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।
१०जैसे मेलबलिवाले चढ़ावे के बछड़े से अलग किए जाते हैं, और याजक इनको होमबलि की वेदी पर जलाए।
11 ১১ পাছত সেই ষাঁড়-গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে,
११परन्तु उस बछड़े की खाल, पाँव, सिर, अंतड़ियाँ, गोबर,
12 ১২ ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।
१२और सारा माँस, अर्थात् समूचा बछड़ा छावनी से बाहर शुद्ध स्थान में, जहाँ राख डाली जाएगी, ले जाकर लकड़ी पर रखकर आग से जलाए; जहाँ राख डाली जाती है वह वहीं जलाया जाए।
13 ১৩ ইস্ৰায়েলী লোকসকলে যদি নজনাকৈ পাপ কৰে আৰু যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে, আৰু তেওঁলোক যদি দোষী হয়,
१३“यदि इस्राएल की सारी मण्डली अज्ञानता के कारण पाप करे और वह बात मण्डली की आँखों से छिपी हो, और वे यहोवा की किसी आज्ञा के विरुद्ध कुछ करके दोषी ठहरे हों;
14 ১৪ আৰু ইস্ৰায়েলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে এটা দমৰা ষাঁড়-গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব।
१४तो जब उनका किया हुआ पाप प्रगट हो जाए तब मण्डली एक बछड़े को पापबलि करके चढ़ाए। वह उसे मिलापवाले तम्बू के आगे ले जाए,
15 ১৫ তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই ষাঁড়-গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।
१५और मण्डली के वृद्ध लोग अपने-अपने हाथों को यहोवा के आगे बछड़े के सिर पर रखें, और वह बछड़ा यहोवा के सामने बलि किया जाए।
16 ১৬ তেতিয়া অভিষিক্ত পুৰোহিত জনে ষাঁড়-গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব;
१६तब अभिषिक्त याजक बछड़े के लहू में से कुछ मिलापवाले तम्बू में ले जाए;
17 ১৭ আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
१७और याजक अपनी उँगली लहू में डुबो-डुबोकर उसे बीचवाले पर्दे के आगे सात बार यहोवा के सामने छिड़के।
18 ১৮ তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব।
१८और उसी लहू में से वेदी के सींगों पर जो यहोवा के आगे मिलापवाले तम्बू में है लगाए; और बचा हुआ सब लहू होमबलि की वेदी के पाए पर जो मिलापवाले तम्बू के द्वार पर है उण्डेल दे।
19 ১৯ তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।
१९और वह बछड़े की कुल चर्बी निकालकर वेदी पर जलाए।
20 ২০ তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
२०जैसे पापबलि के बछड़े से किया था वैसे ही इससे भी करे; इस भाँति याजक इस्राएलियों के लिये प्रायश्चित करे, तब उनका पाप क्षमा किया जाएगा।
21 ২১ তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।
२१और वह बछड़े को छावनी से बाहर ले जाकर उसी भाँति जलाए जैसे पहले बछड़े को जलाया था; यह तो मण्डली के निमित्त पापबलि ठहरेगा।
22 ২২ যেতিয়া কোনো শাসনকৰ্ত্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ যিহোৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে, আৰু তেওঁ যদি দোষী হয়,
२२“जब कोई प्रधान पुरुष पाप करके, अर्थात् अपने परमेश्वर यहोवा कि किसी आज्ञा के विरुद्ध भूल से कुछ करके दोषी हो जाए,
23 ২৩ পাছত নিজে কৰা সেই পাপৰ বিষয়ে তেওঁ যেতিয়া জ্ঞাত হ’ব, তেতিয়া তেওঁ নিজ উপহাৰ স্বৰূপে এটা নিৰ্ঘূণী মতা ছাগলী আনিব।
२३और उसका पाप उस पर प्रगट हो जाए, तो वह एक निर्दोष बकरा बलिदान करने के लिये ले आए;
24 ২৪ তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত যিহোৱাৰ সাক্ষাতে তাক কাটিব; সেয়ে পাপাৰ্থক বলি।
२४और बकरे के सिर पर अपना हाथ रखे, और बकरे को उस स्थान पर बलि करे जहाँ होमबलि पशु यहोवा के आगे बलि किए जाते हैं; यह पापबलि ठहरेगा।
25 ২৫ তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোমবেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোমবেদিৰ মূলত ঢালি দিব।
२५तब याजक अपनी उँगली से पापबलि पशु के लहू में से कुछ लेकर होमबलि की वेदी के सींगों पर लगाए, और उसका लहू होमबलि की वेदी के पाए पर उण्डेल दे।
26 ২৬ তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
२६और वह उसकी कुल चर्बी को मेलबलि की चर्बी के समान वेदी पर जलाए; और याजक उसके पाप के विषय में प्रायश्चित करे, तब वह क्षमा किया जाएगा।
27 ২৭ আৰু সাধাৰণ লোকসকলৰ মাজৰ যদি কোনোৱে নজনাকৈ পাপ কৰে; যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰে, আৰু সেই পাপত যদি তেওঁ দোষী হয়,
२७“यदि साधारण लोगों में से कोई अज्ञानता से पाप करे, अर्थात् कोई ऐसा काम जिसे यहोवा ने मना किया हो करके दोषी हो, और उसका वह पाप उस पर प्रगट हो जाए,
28 ২৮ তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ’ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিৰ্ঘূণী ছাগলী আনিব।
२८तो वह उस पाप के कारण एक निर्दोष बकरी बलिदान के लिये ले आए;
29 ২৯ তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত সেই পাপাৰ্থক বলি কাটিব।
२९और वह अपना हाथ पापबलि पशु के सिर पर रखे, और होमबलि के स्थान पर पापबलि पशु का बलिदान करे।
30 ৩০ তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ, হোমবেদিৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
३०और याजक उसके लहू में से अपनी उँगली से कुछ लेकर होमबलि की वेदी के सींगों पर लगाए, और उसके सब लहू को उसी वेदी के पाए पर उण्डेल दे।
31 ৩১ আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
३१और वह उसकी सब चर्बी को मेलबलि पशु की चर्बी के समान अलग करे, तब याजक उसको वेदी पर यहोवा के निमित्त सुखदायक सुगन्ध के लिये जलाए; और इस प्रकार याजक उसके लिये प्रायश्चित करे, तब उसे क्षमा मिलेगी।
32 ৩২ যদি তেওঁ পাপাৰ্থক বলিৰ উপহাৰ স্বৰূপে মেৰ-ছাগ পোৱালি আনে, তেন্তে তেওঁ এজনী নিৰ্ঘূণী চেঁউৰী মেৰ-ছাগ আনিব।
३२“यदि वह पापबलि के लिये एक मेम्ना ले आए, तो वह निर्दोष मादा हो,
33 ৩৩ তাৰ পাছত তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোমবলি কটা ঠাইত পাপাৰ্থক বলি স্বৰূপে তাক কাটিব।
३३और वह अपना हाथ पापबलि पशु के सिर पर रखे, और उसको पापबलि के लिये वहीं बलिदान करे जहाँ होमबलि पशुबलि किया जाता है।
34 ৩৪ পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম-বেদিৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
३४तब याजक अपनी उँगली से पापबलि के लहू में से कुछ लेकर होमबलि की वेदी के सींगों पर लगाए, और उसके सब लहू को वेदी के पाए पर उण्डेल दे।
35 ৩৫ তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।”
३५और वह उसकी सब चर्बी को मेलबलिवाले मेम्ने की चर्बी के समान अलग करे, और याजक उसे वेदी पर यहोवा के हवनों के ऊपर जलाए; और इस प्रकार याजक उसके पाप के लिये प्रायश्चित करे, और वह क्षमा किया जाएगा।