< লেবীয় পুস্তক 27 >
1 ১ আৰু এইদৰে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
Yahvé habló a Moisés, diciendo:
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহোৱাৰ উদ্দেশ্যে মানুহে দিয়া সঙ্কল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা।
“Habla a los hijos de Israel y diles: ‘Cuando un hombre consagre a una persona a Yahvé en un voto, según vuestra valoración,
3 ৩ তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
vuestra valoración de un varón de veinte a sesenta años será de cincuenta siclos de plata, según el siclo del santuario.
4 ৪ কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
Si se trata de una mujer, tu valoración será de treinta siclos.
5 ৫ আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
Si la persona tiene de cinco a veinte años, tu valoración será de veinte siclos para el varón y de diez siclos para la mujer.
6 ৬ আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
Si la persona tiene de un mes a cinco años, tu valoración será de cinco siclos de plata para el varón y de tres siclos de plata para la mujer.
7 ৭ আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
Si la persona es de sesenta años en adelante, si es varón, tu valoración será de quince siclos, y para la mujer de diez siclos.
8 ৮ কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
Pero si es más pobre que tu valuación, entonces será presentada ante el sacerdote, y éste le asignará un valor. El sacerdote le asignará un valor según su capacidad de pago.
9 ৯ আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
“‘Si se trata de un animal del que los hombres ofrecen una ofrenda a Yahvé, todo lo que un hombre da de él a Yahvé se convierte en santo.
10 ১০ তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
No lo alterará, ni lo cambiará, un bien por un mal, o un mal por un bien. Si se cambia un animal por otro, tanto éste como el que se cambia serán santos.
11 ১১ আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
Si se trata de un animal impuro, del que no se ofrece como ofrenda a Yahvé, entonces pondrá el animal delante del sacerdote;
12 ১২ সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
y el sacerdote lo evaluará, si es bueno o malo. Según lo evalúe el sacerdote, así será.
13 ১৩ গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
Pero si en verdad lo redime, entonces añadirá la quinta parte de él a su valoración.
14 ১৪ আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
“‘Cuando un hombre dedique su casa a ser santa para Yahvé, entonces el sacerdote la evaluará, si es buena o mala. Según la evalúe el sacerdote, así quedará.
15 ১৫ আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
Si el que la dedica quiere redimir su casa, entonces le añadirá la quinta parte del dinero de su evaluación, y será suya.
16 ১৬ আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
“‘Si un hombre dedica a Yahvé una parte del campo de su posesión, su valoración será según la semilla de la misma. La siembra de un homer de cebada se valorará en cincuenta siclos de plata.
17 ১৭ যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
Si él dedica su campo desde el Año del Jubileo, según tu valoración se mantendrá.
18 ১৮ আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
Pero si dedica su campo después del Jubileo, el sacerdote le contará el dinero según los años que falten para el Año del Jubileo, y se hará una rebaja de tu valoración.
19 ১৯ আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
Si el que dedicó el campo lo rescata, le agregará la quinta parte del dinero de tu valuación, y seguirá siendo suyo.
20 ২০ কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
Si no quiere rescatar el campo, o si lo ha vendido a otro hombre, ya no se rescatará;
21 ২১ কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
pero el campo, cuando salga en el jubileo, será sagrado para Yahvé, como campo consagrado. Será propiedad de los sacerdotes.
22 ২২ আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
“‘Si dedica a Yahvé un campo que ha comprado, que no es del campo de su posesión,
23 ২৩ তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
entonces el sacerdote le calculará el valor de su valoración hasta el Año del Jubileo; y le dará su valoración en ese día, como cosa sagrada para Yahvé.
24 ২৪ সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
En el Año del Jubileo el campo volverá al que lo compró, al que le pertenece la posesión de la tierra.
25 ২৫ আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
Todas vuestras valoraciones serán según el siclo del santuario: veinte gerahs al siclo.
26 ২৬ তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।
“‘Sin embargo, el primogénito entre los animales, que pertenece a Yahvé como primogénito, ningún hombre puede dedicarlo, ya sea un buey o una oveja. Es de Yahvé.
27 ২৭ যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব।
Si se trata de un animal impuro, lo recomprará según tu valoración, y le añadirá la quinta parte; o si no se redime, se venderá según tu valoración.
28 ২৮ তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
“‘Sin embargo, ninguna cosa consagrada que un hombre dedique a Yahvé de todo lo que tiene, sea de hombre o de animal, o del campo de su posesión, será vendida o redimida. Todo lo que se consagra permanentemente es santísimo para Yahvé.
29 ২৯ মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
“‘Ningún consagrado a la destrucción, que sea consagrado de entre los hombres, será rescatado. Será condenado a muerte.
30 ৩০ আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
“‘Todo el diezmo de la tierra, ya sea de la semilla de la tierra o del fruto de los árboles, es de Yahvé. Es sagrado para Yahvé.
31 ৩১ আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
Si un hombre rescata algo de su diezmo, le añadirá la quinta parte.
32 ৩২ আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
Todo el diezmo de las vacas o de los rebaños, todo lo que pase por debajo de la vara, el décimo será santo para el Señor.
33 ৩৩ তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নসলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ’ব। তাক মোকলোৱা নাযাব’।”
No examinará si es bueno o malo, ni lo cambiará. Si lo cambia, tanto él como aquello por lo que se cambie serán sagrados. No se canjeará”.
34 ৩৪ এইবোৰ আজ্ঞাই ইস্ৰায়েলৰ সন্তান সকলৰ বাবে যিহোৱাই চীনয় পৰ্ব্বতত মোচিক দিছিল।
Estos son los mandamientos que Yahvé ordenó a Moisés para los hijos de Israel en el Monte Sinaí.