< লেবীয় পুস্তক 24 >

1 পাছত যিহোৱাই মোচিক ক’লে,
Yehova anawuza Mose kuti,
2 “সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া।
“Lamula Aisraeli kuti akupatse mafuta anyale, a olivi wabwino kwambiri kuti nyalezo ziziyaka nthawi zonse.
3 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলি থকা নিয়ম-চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থ’ব লাগিব। এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
Kunja kwa nsalu yotchinga Bokosi la Chipangano, mʼchihema cha msonkhano, Aaroni azionetsetsa kuti nyale ikukhala chiyakire pamaso pa Yehova kuyambira madzulo mpaka mmawa, nthawi zonse. Limeneli ndi lamulo lamuyaya pa mibado yonse.
4 পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা।
Aaroni ayatse nyale zimene zili pa choyikapo nyale chagolide wabwino kwambiri kuti zikhale zoyaka nthawi zonse pamaso pa Yehova.
5 তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব।
“Mutenge ufa wosalala ndipo muphike makeke khumi ndi awiri ndipo keke iliyonse ikhale ya ufa wa makilogalamu awiri.
6 তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা।
Muwayike pa tebulo la golide wabwino kwambiri pamaso pa Yehova mʼmizere iwiri. Mzere uliwonse ukhale wa makeke asanu ndi imodzi.
7 আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
Pa mzere uliwonse muyikepo lubani wafungo lokoma kuti pamodzi ndi bulediyo akhale wachikumbutso cha nsembe yopsereza yopereka kwa Yehova.
8 আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব।
Sabata ndi sabata nthawi zonse Aaroni aziyika makeke amenewa pamaso pa Yehova mʼmalo mwa Aisraeli onse kuti akhale pangano lamuyaya.
9 আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।”
Chakudyacho ndi cha Aaroni ndi ana ake ndipo azidyera ku malo wopatulika chifukwa kwa iye chakudyacho ndi chopatulika kwambiri chochokera pa chopereka chopsereza cha Yehova.”
10 ১০ পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল।
Tsiku lina munthu wina wamwamuna amene amayi ake anali Mwisraeli koma abambo ake anali Mwigupto anapita kwa Aisraeli ndipo anakangana ndi Mwisraeli wina ku msasa.
11 ১১ তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।
Munthu uja ananyoza dzina la Yehova ndi kulitemberera. Choncho anabwera naye kwa Mose. Dzina la amayi ake linali Selomiti, mwana wa Dibiri, wa fuko la Dani.
12 ১২ লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল।
Anamuyika mʼndende mpaka atadziwa bwino chofuna cha Yehova.
13 ১৩ তেতিয়া যিহোৱাই মোচিক ক’লে,
Ndipo Yehova anawuza Mose kuti,
14 ১৪ “তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক।
“Pita naye kunja kwa msasa munthu wotembererayo. Onse amene anamumva akutemberera asanjike manja awo pamutu pake ndipo gulu lonse la anthu limugende miyala.
15 ১৫ আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব।
Choncho uza Aisraeli kuti, ‘Aliyense wotemberera Mulungu wake alangidwe.
16 ১৬ আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
Aliyense wonyoza dzina la Yehova, mlendo ngakhale mbadwa, aphedwe. Gulu lonse la anthu limuponye miyala.
17 ১৭ আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
“‘Ngati munthu wina aliyense achotsa moyo wa munthu mnzake, munthuyo ayenera kuphedwa.
18 ১৮ আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ।
Aliyense wopha chiweto cha mnzake ayenera kulipira china. Moyo kulipa moyo.
19 ১৯ আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;
Ngati munthu avulaza mnzake, nayenso amuchite zomwe wachitira mnzakeyo:
20 ২০ অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।
kuthyola fupa kulipira kuthyola fupa, diso kulipira diso, dzino kulipira dzino. Monga momwe anavulazira mnzake, amuvulaze chimodzimodzinso.
21 ২১ যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
Aliyense wopha chiweto cha mnzake, alipire chiweto china, koma aliyense wopha munthu ayenera kuphedwa.
22 ২২ তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
Lamulo la mlendo ndi mbadwa ndi limodzi lomweli. Ine ndine Yehova Mulungu wanu.’”
23 ২৩ তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।
Pamenepo Mose anawuza Aisraeli zimenezi, ndipo iwo anatulutsira munthu wotembererayo kunja kwa msasa ndi kumugenda miyala. Aisraeli anachita zimene Yehova analamula Mose.

< লেবীয় পুস্তক 24 >