< লেবীয় পুস্তক 23 >

1 যিহোৱাই মোচিক ক’লে,
Yehova anawuza Mose kuti,
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
“Yankhula ndi Aisraeli ndipo uwawuze kuti, ‘Awa ndi masiku anga osankhika a chikondwerero, masiku osankhika olemekeza Yehova amene uyenera kulengeza kuti akhale masiku opatulika a misonkhano.
3 ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
“‘Pa masiku asanu ndi limodzi muzigwira ntchito, koma tsiku lachisanu ndi chiwiri ndi Sabata lopuma, tsiku la msonkhano wopatulika. Kulikonse kumene inu mukukhala musamagwire ntchito iliyonse tsiku limeneli popeza ndi tsiku la Sabata la Yehova.
4 যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
“‘Awa ndiwo masiku osankhidwa a zikondwerero za Yehova, masiku woyera a misonkhano amene muti mudzalengeze pa nthawi yake:
5 প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধিয়া সময়ত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব হ’ব।
Chikondwerero cha Paska chiziyamba madzulo a tsiku la 14 la mwezi woyamba.
6 আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
Tsiku la 15 la mwezi womwewo ndi tsiku lolemekeza Yehova ndipo muziyamba Chikondwerero cha Buledi Wopanda Yisiti. Muzidya buledi wopanda yisiti kwa masiku asanu ndi awiri.
7 প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা।
Pa tsiku loyamba muzichita msonkhano wopatulika. Musamagwire ntchito iliyonse.
8 কিন্তু সাত দিন যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সপ্তম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা’।”
Pa masiku asanu ndi awiri muzipereka nsembe yopsereza kwa Yehova. Ndipo tsiku lachisanu ndi chiwiri muzikhala ndi msonkhano wopatulika ndipo musamagwire ntchito yolemetsa.’”
9 পাছে যিহোৱাই মোচিৰ সৈতে কথা পাতি এইদৰে ক’লে,
Yehova anawuza Mose kuti,
10 ১০ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া, তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা।
“Yankhula ndi Aisraeli ndipo uwawuze kuti, ‘Mukakalowa mʼdziko limene ndikukupatsanilo ndi kukolola za mʼminda mwanu, mudzabwere kwa wansembe ndi mtolo wa tirigu woyambirira kucha wa mʼminda mwanu.
11 ১১ তোমালোকে গ্ৰহণীয় হ’বৰ বাবে, তেওঁ যিহোৱাৰ আগত সেই ডাঙৰি দোলাব; বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব।
Wansembeyo auweyule mtolowo pamaso pa Yehova kotero mtolowo udzalandiridwa mʼmalo mwanu. Wansembe auweyule tsiku lotsatana ndi la Sabata.
12 ১২ আৰু যি দিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেই দিনা যিহোৱাৰ উদ্দেশ্য হোমৰ অৰ্থে এটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা।
Pa tsiku limene muweyula mtolowo, muperekenso mwana wankhosa wa mwamuna wa chaka chimodzi, wopanda chilema kuti akhale nsembe yopsereza ya kwa Yehova.
13 ১৩ তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।
Chopereka chachakudya chake chikhale cha makilogalamu awiri a ufa wosalala wosakaniza ndi mafuta kuti chikhale nsembe yopsereza yopereka kwa Yehova, ya fungo lokoma. Ndipo chopereka cha chakumwa chake chikhale vinyo wa malita anayi ndi theka.
14 ১৪ আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।
Musadye buledi aliyense kapena tirigu wokazinga, kapena wamuwisi mpaka tsiku limene mwabwera ndi chopereka ichi kwa Mulungu wanu. Limeneli ndi lamulo lamuyaya pa mibado yanu yonse, kulikonse kumene mukakhale.
15 ১৫ সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
“‘Kuyambira tsiku lotsatana ndi la Sabata lija, tsiku limene munabwera ndi mtolo wa nsembe yoweyula, muziwerenga masabata asanu ndi awiri athunthu.
16 ১৬ এইদৰে সপ্তম বিশ্ৰাম-বাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাশদিন লেখ কৰিবা। আৰু তেতিয়া যিহোৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
Ndiye kuti muwerenge masiku makumi asanu kuchokera pa tsiku lotsatana ndi Sabata la chisanu ndi chiwiri, ndipo kenaka mupereke nsembe ya tirigu watsopano kwa Yehova.
17 ১৭ তোমালোকে থকা ঠাইৰ পৰা দোলনীয় নৈবেদ্যৰ অৰ্থে ঐফাৰ দহভাগৰ দুভাগ দুটা পিঠা আনিবা; সেইবোৰ মিহি আটাগুৰিৰে যুগুত কৰা আৰু খমীৰ দি তন্দুৰত তাও দিয়া হ’ব লাগে; সেইবোৰ যিহোৱাৰ উদ্দেশ্যে প্ৰথমে পকা শস্যৰ আগভাগ হ’ব।
Kuchokera kulikonse kumene mukukhala, mubwere pamaso pa Yehova ndi buledi muwiri wa ufa wosalala wa makilogalamu awiri, ophikidwa ndi yisiti kuti akhale nsembe yoweyula ya zakudya zoyamba kucha.
18 ১৮ আৰু তোমালোকে সেই দুটা পিঠাৰ লগত সাতোটা এবছৰীয়া নিঘূণ মেৰ পোৱালি আৰু এটা দমৰা গৰু আৰু দুটা মতা মেৰ উৎসৰ্গ কৰিবা; সেইবোৰৰ নিজ নিজ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যৰে সৈতে সেইবোৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
Pamodzi ndi bulediyu muperekenso ana ankhosa aamuna asanu ndi awiri, aliyense akhale wa chaka chimodzi ndi wopanda chilema. Pakhalenso ngʼombe yayingʼono yayimuna ndi nkhosa zazimuna ziwiri. Zimenezi zidzakhala nsembe zopsereza zopereka kwa Yehova pamodzi ndi nsembe za zakudya ndi nsembe za zakumwa. Zonsezi zikhale nsembe zopsereza za fungo lokomera Yehova.
19 ১৯ আৰু তোমালোকে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰিবা।
Kenaka mupereke mbuzi imodzi yayimuna kuti ikhale nsembe yopepesera machimo ndiponso ana ankhosa awiri, aliyense wa chaka chimodzi kuti akhale nsembe yachiyanjano.
20 ২০ আৰু পুৰোহিতে সেই প্ৰথমে পকা শস্যৰ পিঠাৰে সৈতে যিহোৱাৰ আগত দোলনীয় নৈবেদ্য স্বৰূপে সেইবোৰ দোলাব আৰু মেৰ পোৱালি দুটাৰে সৈতে পুৰোহিতৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
Wansembe aweyule ana ankhosa awiriwo pamaso pa Yehova monga nsembe yoweyula, pamodzi ndi buledi wa tirigu woyambirira kucha. Zimenezi ndi zopereka zopatulika za Yehova zopatsidwa kwa ansembe.
21 ২১ আৰু সেই দিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; এইয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া সদাকালৰ বিধি।
Pa tsiku lomwelo mulengeze za msonkhano wopatulika ndipo musagwire ntchito zolemetsa. Limeneli ndi lamulo lamuyaya pa mibado yanu yonse, kulikonse kumene mukakhale.
22 ২২ আৰু তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ কালত, খেতিৰ চুকত থকা শস্যৰ সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। তুমি সেইবোৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
“‘Pamene mukukolola zinthu mʼmunda mwanu, musakolole munda wanu mpaka mʼmalire mwenimweni, ndipo musatole khunkha lake. Zimenezo musiyire anthu osauka ndi alendo. Ine ndine Yehova Mulungu wanu.’”
23 ২৩ পাছত যিহোৱাই মোচিক ক’লে,
Yehova anawuza Mose kuti,
24 ২৪ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোওৱা দিন আৰু পবিত্ৰ সভা হব।
“Uza Aisraeli kuti, ‘Tsiku loyamba la mwezi wachisanu ndi chiwiri, likhale tsiku lopumula, la msonkhano wopatulika, mulilengeze poyimba lipenga.
25 ২৫ সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা’।”
Musagwire ntchito zolemetsa koma mupereke nsembe yopsereza kwa Yehova.’”
26 ২৬ তাৰ পাছত যিহোৱাই মোচিক ক’লে,
Yehova anawuza Mose kuti,
27 ২৭ “সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
“Tsiku lakhumi la mwezi wachisanu ndi chiwiri ndi tsiku lochita Mwambo Wopepesera Machimo. Muzichita msonkhano wopatulika. Muzidzichepetsa pamaso pa Yehova ndi kupereka nsembe zopsereza kwa Yehova.
28 ২৮ আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
Tsiku limeneli musamagwire ntchito chifukwa ndi tsiku la Mwambo Wopepesera Machimo, kupepesera machimo anu pamaso pa Yehova Mulungu wanu.
29 ২৯ কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Munthu aliyense amene sasala zakudya pa tsiku limeneli ayenera kuchotsedwa pakati pa anthu a mtundu wake.
30 ৩০ আৰু যিকোনো লোকে সেই দিনা কোনো প্ৰকাৰৰ কাম কৰিব মই তেওঁক তেওঁৰ লোকসকলৰ মাজৰ পৰা বিনষ্ট কৰিম।
Aliyense wogwira ntchito tsiku limeneli ndidzamuwononga pakati pa anthu a mtundu wake.
31 ৩১ তোমালোকে সেই দিনা কোনো প্ৰকাৰৰ কাম নকৰিবা; এইটো তোমালোকৰ সকলো নিবাসৰ ঠাইত পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
Inu musadzagwire ntchito iliyonse. Limeneli ndi lamulo lamuyaya pa mibado yanu yonse, kulikonse kumene mukakhale.
32 ৩২ সেই দিন তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ’ব; সেই মাহৰ নৱম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধিয়া সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম-দিন পালন কৰিবা।”
Limeneli kwa inu ndi tsiku la Sabata lopumula, ndipo muyenera kusala zakudya. Kuyambira madzulo a tsiku lachisanu ndi chinayi la mwezi mpaka madzulo ena otsatirawo muzisunga tsikulo ngati Sabata lanu.”
33 ৩৩ আৰু যিহোৱাই মোচিক ক’লে,
Yehova anawuza Mose kuti,
34 ৩৪ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
“Uwawuze Aisraeli kuti pa masiku asanu ndi awiri kuyambira pa tsiku la 15 la mwezi wachisanu ndi chiwiri pazikhala Chikondwerero cha Misasa cholemekeza Yehova.
35 ৩৫ প্ৰথম দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
Tsiku loyamba ndi la msonkhano wopatulika, musagwire ntchito zolemetsa.
36 ৩৬ তোমালোকে সাত দিনালৈকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গা কৰিবা; অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সেয়ে ধৰ্ম-সভা; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
Pa masiku asanu ndi awiri muzipereka nsembe zopsereza kwa Yehova. Ndipo pa tsiku lachisanu ndi chitatu muzikhala ndi msonkhano wopatulika ndipo muzipereka nsembe yopsereza kwa Yehova. Kumeneku ndi kutsekera kwa msonkhano waukulu. Musagwire ntchito zolemetsa.
37 ৩৭ অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
(“‘Amenewa ndi masiku osankhika a chikondwerero cha Yehova, amene muziwalengeza kuti ndi nthawi ya msonkhano wopatulika. Masiku amenewa muzipereka nsembe zopsereza, nsembe za chakudya, nsembe zanyama ndi zopereka zachakumwa za tsiku ndi tsiku.
38 ৩৮ যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।
Zopereka zimenezi ndi zowonjezera pa zopereka za Yehova za pa Sabata, zopereka zanu zolumbira ndiponso mphatso zanu zaufulu zopereka kwa Yehova.)
39 ৩৯ ভুমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত, সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাতদিন তোমালোকে অৱশ্যে যিহোৱাৰ উদ্দেশ্যে পঁজা পৰ্ব্ব পালন কৰিবা; প্ৰথম আৰু অষ্টম দিন সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন হ’ব।
“‘Choncho kuyambira pa tsiku la 15 la mwezi wachisanu ndi chiwiri, mutakolola zinthu mʼmunda mwanu, muchite chikondwerero cha Yehova kwa masiku asanu ndi awiri. Tsiku loyamba ndi tsiku lopumula, ndipo tsiku lachisanu ndi chitatu ndi lopumulanso.
40 ৪০ আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।
Pa tsiku loyamba muzitenga zipatso zabwino kwambiri zothyola mʼmitengo, nthambi za kanjedza, nthambi zazikulu za mitengo ya masamba ambiri, ndi za misondozi yakumtsinje, ndipo muzikondwera pamaso pa Yehova Mulungu wanu kwa masiku asanu ndi awiri.
41 ৪১ আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।
Chaka chilichonse muzichita chikondwerero cha Yehova kwa masiku asanu ndi awiri. Limeneli ndi lamulo lamuyaya pa mibado yanu yonse. Muzichita chikondwerero chimenechi mwezi wachisanu ndi chiwiri.
42 ৪২ তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
Muzikhala mʼmisasa masiku asanu ndi awiri. Onse amene ali mbadwa mʼdziko la Israeli azikhala mʼmisasa
43 ৪৩ কিয়নো যি বিষয়ে তোমালোকৰ ভাবী-বংশই যেন জানে যে মই কিদৰে ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা সময়ত পঁজাত বাস কৰাইছিলোঁ। মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
kuti zidzukulu zanu zidzadziwe kuti ndine amene ndinakhazika Aisraeli mʼmisasa nditawatulutsa ku Igupto. Ine ndine Yehova Mulungu wanu.’”
44 ৪৪ তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক যিহোৱাৰ সকলো পৰ্ব্বৰ কথা এইদৰে জনালে।
Choncho Mose analengeza kwa Aisraeli masiku osankhika a zikondwerero za Yehova.

< লেবীয় পুস্তক 23 >