< লেবীয় পুস্তক 22 >
1 ১ যিহোৱাই মোচিক ক’লে, বোলে,
Hoe ty nitsara’ Iehovà amy Mosè:
2 ২ “ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
Saontsio amy Aharone naho amo ana’eo ty hidare soa o enga avì’ o ana’ Israeleo tsy mone ho tivae’ iereo ty añarako masiñe amo raha avì’ iareo ho amakoo; Izaho Iehovà.
3 ৩ তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা পবিত্ৰ বস্তুৰ ওচৰলৈ, পুৰুষানুক্ৰমে তোমালোকৰ বংশৰ মাজৰ যিকোনোৱে অশুচি হৈ ওচৰ চাপিব, তেওঁক মোৰ সন্মূখৰ পৰা উচ্ছন্ন কৰা হ’ব। মই যিহোৱা।
Ano ty hoe am’ iereo: Naho amy ze hene tarira’areo mifandimbe ty mitotok’ ami’ty enga miavake navì’ o ana’ Israeleo am’ Iehovà ie mbe aman-kaleorañe, le haitoañe tsy hiatrek’ ahiko indatiy: Izaho Iehovà.
4 ৪ হাৰোণৰ বংশৰ মাজত যিজন লোক কুষ্ঠৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ শুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব। আৰু মৰা শৱৰ দ্বাৰাই অশুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্য্যপাত হ’ব,
Tsy hikama amo enga miavakeo ze tarira’ i Aharone voa’ ty angamae ndra miori-tsiranoke ampara’ t’ie malio. Ze mitsapa ndra iaia nileore’ ty lolo, ndra t’indaty iakaran-drom-pilahia,
5 ৫ বা বস্তুৰ দ্বাৰাই মানুহ অশুচি হ’ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰ অশৌচ মানুহৰ পৰা লাগিব পৰা অৱস্থা, এনে অশৌচ থকা মানুহক যদি চুব,
ndra ze ‘ndaty mitsapa raha mifamorohotse mete handeotse aze ndra ze ondaty mete handeotse aze, amy ze haleorañe ama’e,
6 ৬ সেই চুৱা লগা মানুহজন সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু পানীত নিজৰ গা নুধুলে পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
le haleotse ampara’ te hariva indaty nitsapa zaiy le tsy ho kamae’e o raha miavakeo naho tsy miandro aman-drano hey.
7 ৭ বেলি মাৰ গলেহে তেওঁ শুচি হ’ব। বেলি মাৰ যোৱাৰ পাছত তেওঁ পবিত্ৰ বস্তু ভোজন কৰিব পাৰিব, কিয়নো সেইবোৰ তেওঁৰেই আহাৰ।
Ie tsofots’ àndro le halio re vaho azo’e kamaeñe o enga miavakeo, fa toe mahakama’e.
8 ৮ পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।
Tsy ho kamae’e ty raha mate a montoñe añe ndra ty nirimitem-biby amy te maleotse: Izaho Iehovà.
9 ৯ এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
Aa le hambena’ iareo o nafantokoo tsy mone hivave hakeo vaho hikoromake kanao nitivañe: Izaho i Iehovà mpampiavak’ iareo.
10 ১০ পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱৰিব; পুৰোহিতৰ ঘৰত থকা আলহী বা বেচ-খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
Tsy hikama amo miavakeo o borizàñeo; le sambe tsy hikama amo miavakeo ty mpifondro amy mpisoroñey, naho ty mpitoroñe tambezañe.
11 ১১ কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
Fe mete mikama ao t’indaty vinili’ i mpisoroñey an-drala, vaho mahazo mikama amy mahakama’ey o nasamak’ añ’anjomba’eo.
12 ১২ পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰ স্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব।
Naho tañanjomba’ t’indaty tsotra ty anak’ ampelam-pisoroñe le tsy hikama’e o navik’ amo raha miavakeoo.
13 ১৩ কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
Fe naho ramavoiñe ndra narian-dahy i anak’ ampelam-pisoroñey naho tsy manañ’ anake vaho mimpoly añ’ anjomban-drae’e ao manahake t’ie nitora’e, le hikama amy mahakaman-drae’ey. Fe tsy ho kamae’ ty tsotra.
14 ১৪ যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
Aa naho ikama’ t’indaty tsy satrie’e o enga miavakeo, le hitovoña’e ty ampaha-lime’e vaho hatolo’e amy mpisoroñey rekets’ i raha miavakey.
15 ১৫ এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
Asoao tsy ho tivà’ iareo ze enga’ miava’ o ana’ Israeleo engae’ iareo am’ Iehovà
16 ১৬ ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”
tsy mone hivave hakeo hampañengañe engan-dilatse amy fikama’ iareo o raha miava’ iareoo: amy te Izaho Iehovà Mpampiavak’ iareo.
17 ১৭ পাছে যিহোৱাই মোচিক ক’লে, বোলে,
Le hoe ty nitsarae’Iehovà amy Mosè,
18 ১৮ “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
Saontsio amy Aharone naho amo ana’eo naho amy ze hene ana’ Israele ty hoe: Ze ondaty amy anjomba’ Israeley ndra amo renetane mpimoneñe e Israeleo minday ty hengae’e, ke amo nifantà’eo, he amo engan-tsatrin’ trokeo ty ho banabanae’ iereo am’ Iehovà hisoroñañe,
19 ১৯ তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
soa t’ie ho no’e, le lahi’e tsy aman-kandra, ke amo añombeo ke amo añondrio he amo oseo.
20 ২০ কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
Le tsy hengae’ areo ndra inoñ’ inoñe aman-kandra; fa tsy ho no’e ho anahareo.
21 ২১ কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে, গৰু, কি মেৰ, কি ছাগলীৰ জাকৰ পৰা মঙ্গলাৰ্থক বলি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হবৰ বাবে সেয়ে নিৰ্ঘূণ হব লাগিব। তাত কোনো ঘূণ থাকিব নালাগিব।
Aa naho mañenga engam-pañanintsiñe am’Iehovà t’indaty, ke hibanabana ava-panta ke engan-tsatrie’e, he boak’ amo mpirai-trokeo ke amo mpirai-liao, le tsy ho aman-kandra t’ie ho no’e, vaho tsy ho aman-kila.
22 ২২ কণা, কি ঠেং ভগা, কি খুন হোৱা, কি পুঁজ-পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা; আৰু তাৰ একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা।
Aa ke te goa, he folake, ke mikotraitse, he ampàre, ke mandramboñe, hera aman-kezam-bae—le tsy hengaeñe am’ Iehovà vaho tsy ho soroñañe am’ Iehovà amy kitreliy.
23 ২৩ আৰু অধিক অঙ্গ কি কম অঙ্গ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা; কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ’ব।
Ke aman-kamba, he aman-tsihotse ty añombe ndra ty añondry le mete engaeñe ho engan-tsatrin’ arofo, fe tsy ho no’e t’ie am-panta.
24 ২৪ আৰু অণ্ডকোষ চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা। এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা,
Tsy hengaeñe am’ Iehovà ka ze vondròkoke ndra demoke ndra riatse ndra linily; tsy hanoe’ areo an-tane’ areo ka izay.
25 ২৫ আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ, সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
Le ko apo’ areo t’ie ho banabanaem-pità’ o anan-drenetaneo ho mahakaman’ Añahare’ areo, kanao ama’e ty hìla’e, ndra ama’e ty handra’e, fa tsy ho no’e ho anahareo.
26 ২৬ পাছত যিহোৱাই মোচিক ক’লে,
Le hoe ty nitsarae’ Iehovà amy Mosè:
27 ২৭ “গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
Ie terake ty añombe ndra añondry ndra ose le ho fito andro amy rene’ey hey, ie mifototse amy andro fahavaloy ro mete engaeñe hisoroñañe am’ Iehovà.
28 ২৮ গাই গৰু হওঁক, কি মাইকী মেৰ বা ছাগলী হওঁক, তাইক তাইৰ পোৱালিৰে সৈতে একেদিনাই মাৰিব নালাগে।
Aa naho añombe vave ndra añondry vave, le ko songa lentaeñe ami’ty andro raike, ie naho ty ana’e.
29 ২৯ তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
Ie misoroñe engam-pañandriañañe am’ Iehovà, mañengà ty ho no’e,
30 ৩০ সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
le ikamao amy àndro zay, vaho tsy anisañe ho ami’ty maraiñe: Izaho Iehovà.
31 ৩১ এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা। মই যিহোৱা।
Asoao hambena’ areo o lilikoo, vaho anoeñe; Izaho Iehovà.
32 ৩২ আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
Tsy ho tivae’ areo i añarako masiñey, fa havahe’ o ana’ Israeleo: Izaho Iehovà Mpampiavak’ anahareo,
33 ৩৩ তোমালোকৰ ঈশ্বৰ হবৰ বাবে যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে। মই যিহোৱা।”
nañakatse anahareo an-tane Mitsraimey, ho Andrianañahare’ areo: Izaho Iehovà.