< লেবীয় পুস্তক 21 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।
Jehovha akati kuna Mozisi, “Taura kuvaprista vanakomana vaAroni uti kwavari: ‘Muprista haafaniri kuzvisvibisa, achiitira kunyange ani zvake pakati pavanhu vake vanofa.
2 ২ কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ, অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ বাবে নিজকে অশুচি কৰিব পাৰে।
Kunze kwehama yepedyo yakaita samai kana baba vake, mwanakomana kana mwanasikana wake, mukoma kana mununʼuna wake,
3 ৩ আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে, তেওঁৰ বাবেও নিজকে অশুচি কৰিব পাৰে।
kana hanzvadzi yake isina kuroorwa yaanochengeta sezvo asina murume nokuda kwaiyeyu angagona kuzvisvibisa.
4 ৪ নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে, তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে।
Haafaniri kuzvisvibisa nokuda kwavanhu vano ukama naye hwokuwanana, akadaro azvisvibisa.
5 ৫ পুৰোহিতসকলে নিজ নিজ মুৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাট-কুট নকৰিব।
“‘Vaprista havafaniri kuveurwa misoro kana kudimburira ndebvu dzavo kana kutema miviri yavo nyora.
6 ৬ তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
Vanofanira kuva vatsvene kuna Mwari wavo uye havafaniri kumhura zita raMwari wavo. Nokuti vanouyisa kuna Jehovha zvipiriso zvinoitwa nomoto, nezvokudya zvaMwari wavo; naizvozvo vanofanira kuva vatsvene.
7 ৭ পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ।
“‘Havafaniri kuwana vakadzi vakasvibiswa noufeve kana kuti vakarambwa navarume vavo nokuti muprista mutsvene kuna Mwari wake.
8 ৮ এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ।
Mutsaurei somutsvene nokuti ndiye anouya nezvokudya zvaMwari wenyu. Mutsaurei somutsvene nokuti ini Jehovha ndiri mutsvene, ini ndinokuitai vatsvene.
9 ৯ কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।
“‘Kana mwanasikana womuprista akazvisvibisa nokuva chifeve, anonyadzisa baba vake; anofanira kupiswa mumoto.
10 ১০ আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
“‘Muprista mukuru, uyo ari pakati pamadzikoma ake navanunʼuna vake, akadirwa mafuta okuzodzwa pamusoro pake uye akagadzwa kuti apfeke nguo dzouprista, haafaniri kurega bvudzi rake risina kukamiwa, kana kubvarura nguo dzake.
11 ১১ তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
Haafaniri kupinda munzvimbo ine chitunha. Haafaniri kuzvisvibisa kunyange nokuda kwababa vake kana mai vake,
12 ১২ ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।
kana kubva munzvimbo tsvene yaMwari kana kuisvibisa, nokuti akakumikidzwa namafuta okuzodza aMwari wake. Ndini Jehovha.
13 ১৩ প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব।
“‘Mukadzi waanowana anofanira kunge ari mhandara izere.
14 ১৪ বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
Haafaniri kuwana chirikadzi, mukadzi akarambwa kana mukadzi akasvibiswa noufeve asi mhandara yakazara bedzi kubva kuvanhu vokwake,
15 ১৫ তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
kuitira kuti arege kuzosvibisa zvizvarwa zvake pakati pavanhu vokwake. Ndini Jehovha ndinomuita mutsvene.’”
16 ১৬ যিহোৱাই মোচিক আৰু ক’লে, বোলে,
Jehovha akati kuna Mozisi,
17 ১৭ “তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
“Uti kuna Aroni, ‘Kuzvizvarwa zvichatevera hakuna mumwe wezvizvarwa zvako akaremara angaswedera pedyo kuzopa zvokudya zvaMwari wake.
18 ১৮ কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
Hapana munhu ano urema hupi zvahwo angaswedera pedyo: hakuna bofu kana anokamhina kana akaremara;
19 ১৯ অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
hakuna munhu ane gumbo rakaremara kana ruoko rwakaremara,
20 ২০ কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।
kana ane musana wakakombama, munhu akapfupikisa kana ano urema hwamaziso kana ane mamota kana ane mhezi, kana akakuvara manhu ake.
21 ২১ আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Hapana wechizvarwa chaAroni akaremara neipi nzira angaswedera pedyo kuzopa zvipiriso zvinoitirwa Jehovha nomoto. Ano urema; haafaniri kuswedera pedyo kuzopa zvokudya zvaMwari wake.
22 ২২ ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব।
Angadya hake zvokudya zvitsvene-tsvene zvaMwari wake, pamwe chete nezvokudya zvitsvene;
23 ২৩ কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।”
asi nokuda kwourema hwake, haafaniri kusvika pedyo nechidzitiro kana kusvika paaritari, agosvibisa nzvimbo yangu tsvene. Ndini Jehovha ndinovaita vatsvene.’”
24 ২৪ এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।
Saka Mozisi akataura izvi kuna Aroni navanakomana vake nokuvaIsraeri vose.