< লেবীয় পুস্তক 18 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
Yahweh also said to Moses/me,
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
“Speak to the Israeli people and tell them [that I, Yahweh, say this] this: I am Yahweh, your God.
3 ৩ তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।
[So you must do what I want you to do]; you must not do the things that the people in Egypt, where you lived previously, do; and you must not do what is done by the people in Canaan, the land to which I am taking you. Do not imitate their behavior.
4 ৪ তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
You must obey all of my laws [DOU], because it is I, Yahweh your God, [who am commanding those laws].
5 ৫ এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰাণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা।
If you obey all my laws and decrees, you will continue to remain alive [for a long time]. I, Yahweh, [am the one who is promising that to you]. [These are some of my laws]:
6 ৬ তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা।
“Do not have sex with any of your close relatives. It is I, Yahweh, [who am commanding that].
7 ৭ তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা।
“Do not disgrace your father by having sex with your mother [DOU].
8 ৮ তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।
“Do not have sex with any of your father’s [other] wives, because that would disgrace your father.
9 ৯ তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা।
“Do not have sex with your sister or your stepsister; it does not matter whether she was born in your house or somewhere else.
10 ১০ তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা।
“Do not have sex with your granddaughter, because that would disgrace you.
11 ১১ তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী।
“Do not have sex with your half-sister, because she is your sister.
12 ১২ তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া।
“Do not have sex with your father’s sister, because she is your father’s close relative.
13 ১৩ তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া।
“Do not have sex with your mother’s sister, because she is your mother’s close relative.
14 ১৪ তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী।
“Do not disgrace your (uncle/father’s brother) by having sex with his wife, because she is your aunt.
15 ১৫ তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।
“Do not have sex with [DOU] your daughter-in-law, because she is your son’s wife.
16 ১৬ তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।
“Do not have sex with your brother’s wife, because that would disgrace your brother.
17 ১৭ কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা।
“Do not have sex with the daughter or granddaughter of any woman whom you have previously had sex with; they are [her] (OR, [your]) close relatives. Having sex with any of them would be a wicked thing to do.
18 ১৮ নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।
“While your wife is still living, do not marry your wife’s sister and have sex with her.
19 ১৯ আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা।
“Do not have sex with any woman while she is having her monthly menstrual period.
20 ২০ আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা।
“Do not (defile yourself/make yourself unacceptable to me) by having sex with someone else’s wife.
21 ২১ তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
“Do not give any of your children to be burned to be a sacrifice to the god Molech, because that would show that you do not revere me [MTY], Yahweh, your God.
22 ২২ তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।
“No man should have sex with another man; that is detestable.
23 ২৩ আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।
“No one, man or woman, should (defile himself/cause himself to become unacceptable to me) by having sex with an animal; that is a perverse act.
24 ২৪ তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল।
“Do not (defile yourselves/cause yourselves to become unacceptable to me) in any of those ways, because doing those things is how the people of the nations that I expelled as you advanced became (unacceptable to me/defiled).
25 ২৫ আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে।
They even caused the land to become defiled, so I punished them for their sins, and [it was as though] the land vomited out the people who lived there.
26 ২৬ এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা।
You must all obey my laws and decrees. That includes you people who were born here and the foreigners who live among you.
27 ২৭ কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।
All those detestable things were done by the people who lived in this land before you came here, and they caused the land to become defiled.
28 ২৮ কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।
So if you defile the land, I will get rid of [MET] you like I got rid of the people of those nations that were here before you came.
29 ২৯ কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
“You must not allow people who do any of those detestable things to associate with you who are my people.
30 ৩০ এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
Obey everything that I command you to do, and do not defile yourselves by practicing any of the detestable customs that were practiced [by the people who were there] before you came. I, Yahweh your God, [am the one who is commanding these things].”