< লেবীয় পুস্তক 17 >

1 পাছত যিহোৱাই মোচিক ক’লে,
و خداوند موسی را خطاب کرده، گفت:۱
2 “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা; এই বিষয়ে যিহোৱাই আজ্ঞা কৰি কৈছে,
«هارون و پسرانش و جمیع بنی‌اسرائیل را خطاب کرده، به ایشان بگو: این است کاری که خداوند می‌فرماید و می‌گوید:۲
3 ‘ইস্ৰায়েলৰ বংশৰ যি কোনো লোক এজনে গৰু, মেৰ-ছাগ বা ছাগলী, ছাউনিৰ ভিতৰত বা ছাউনিৰ বাহিৰত, যিহোৱাৰ উদ্দেশ্যে উপহাৰ স্বৰূপে উৎসৰ্গ কৰে-
هرشخصی از خاندان اسرائیل که گاو یا گوسفند یا بزدر لشکرگاه ذبح نماید، یا آنکه بیرون لشکرگاه ذبح نماید،۳
4 কিন্তু তেওঁ যদি সেই উপহাৰ যিহোৱাৰ আবাসৰ সন্মুখত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ নানে, তেতিয়া সেই লোকজনলৈ ৰক্তপাতৰ দোষ গণিত হ’ব; সেই লোকজনে ৰক্তপাত কৰাত, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
و آن را به در خیمه اجتماع نیاورد، تاقربانی برای خداوند پیش مسکن خداوندبگذراند، بر آن شخص خون محسوب خواهدشد. او خون ریخته است و آن شخص از قوم خود منقطع خواهد شد.۴
5 ইয়াৰ অভিপ্ৰায় এই, যে, ইস্ৰায়েলৰ সন্তান সকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি, যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰে।
تا آنکه بنی‌اسرائیل ذبایح خود را که در صحرا ذبح می‌کنند بیاورند، یعنی برای خداوند به در خیمه اجتماع نزد کاهن آنها را بیاورند، و آنها را بجهت ذبایح سلامتی برای خداوند ذبح نمایند.۵
6 পুৰোহিতে সেই মঙ্গলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দগ্ধ কৰিব।
و کاهن خون را برمذبح خداوند نزد در خیمه اجتماع بپاشد، و پیه را بسوزاند تا عطر خوشبو برای خداوند شود.۶
7 তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।
وبعد از این، ذبایح خود را برای دیوهایی که درعقب آنها زنا می‌کنند دیگر ذبح ننمایند. این برای ایشان در پشتهای ایشان فریضه دائمی خواهدبود.۷
8 আৰু তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল-বংশীয় যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশী জনে নিজৰ হোম-বলি বা মঙ্গলাৰ্থক বলি,
«و ایشان را بگو: هر کس از خاندان اسرائیل و از غریبانی که در میان شما ماوا گزینند که قربانی سوختنی یا ذبیحه بگذراند،۸
9 যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
و آن را به درخیمه اجتماع نیاورد، تا آن را برای خداوندبگذراند. آن شخص از قوم خود منقطع خواهدشد.۹
10 ১০ ইস্ৰায়েল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱা জনৰ পৰা বিমুখে থাকিম আৰু তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
و هر کس از خاندان اسرائیل یا از غریبانی که در میان شما ماوا گزینند که هر قسم خون رابخورد، من روی خود را بر آن شخصی که خون خورده باشد برمی گردانم، و او را از میان قومش منقطع خواهم ساخت.۱۰
11 ১১ কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক!
زیرا که جان جسد درخون است، و من آن را بر مذبح به شما داده‌ام تابرای جانهای شما کفاره کند، زیرا خون است که برای جان کفاره می‌کند.۱۱
12 ১২ এই হেতুকে মই ইস্ৰায়েলৰ সন্তান সকলক ক’লো বোলে, তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীয়েও তেজ খাব নালাগে।
بنابراین بنی‌اسرائیل را گفته‌ام: هیچکس از شما خون نخورد و غریبی که در میان شما ماوا گزیند خون نخورد.۱۲
13 ১৩ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো খাব পৰা পশু বা চৰাই চিকাৰত মাৰিব, তেওঁ তাৰ তেজ উলিয়াই ধুলিৰে ঢাকি থ’ব।
و هرشخص از بنی‌اسرائیل یا از غریبانی که در میان شما ماوا گزینند، که هر جانور یا مرغی را که خورده می‌شود صید کند، پس خون آن را بریزد وبه خاک بپوشاند.۱۳
14 ১৪ কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে; এই হেতুকে মই ইস্ৰায়েলৰ সন্তান সকলক ক’লোঁ, “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা; কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ; যিকোনোৱে তাক খাব, তেওঁ উচ্ছন্ন হ’ব।”
زیرا جان هر ذی جسد خون آن و جان آن یکی است، پس بنی‌اسرائیل راگفته‌ام خون هیچ ذی جسد را مخورید، زیرا جان هر ذی جسد خون آن است، هر‌که آن را بخوردمنقطع خواهد شد.۱۴
15 ১৫ স্বদেশীয় বা বিদেশীয় লোকসকলৰ মাজৰ যি কোনোৱে নিজে নিজেই মৰা, বা হিংসুক জন্তুৱে ছিৰা পশু ভোজন কৰিব তেওঁ নিজ বস্ত্ৰ ধুই পানীত গা ধুব আৰু সন্ধ্যালৈকে তেওঁ অশুচি হৈ থাকিব; তাৰ পাছত তেওঁ শুচি হ’ব।
و هر کسی از متوطنان یا ازغریبانی که میته یا دریده شده‌ای بخورد، رخت خود را بشوید، و به آب غسل کند و تا شام نجس باشد. پس طاهر خواهد شد.۱۵
16 ১৬ কিন্তু যদি তেওঁ নিজ বস্ত্ৰ বা গা নুধোৱে, তেতিয়া তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
و اگر آن را نشویدو بدن خود را غسل ندهد، متحمل گناه خودخواهد بود.»۱۶

< লেবীয় পুস্তক 17 >