< লেবীয় পুস্তক 17 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
I mluvil Hospodin Mojžíšovi, řka:
2 ২ “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা; এই বিষয়ে যিহোৱাই আজ্ঞা কৰি কৈছে,
Mluv k Aronovi a synům jeho i ke všechněm synům Izraelským, a rci jim: Tato jest věc, kterouž přikázal Hospodin, řka:
3 ৩ ‘ইস্ৰায়েলৰ বংশৰ যি কোনো লোক এজনে গৰু, মেৰ-ছাগ বা ছাগলী, ছাউনিৰ ভিতৰত বা ছাউনিৰ বাহিৰত, যিহোৱাৰ উদ্দেশ্যে উপহাৰ স্বৰূপে উৎসৰ্গ কৰে-
Kdož by koli z domu Izraelského zabil vola aneb beránka, neb kozu, buď mezi stany, aneb kdož by zabil vně za stany,
4 ৪ কিন্তু তেওঁ যদি সেই উপহাৰ যিহোৱাৰ আবাসৰ সন্মুখত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ নানে, তেতিয়া সেই লোকজনলৈ ৰক্তপাতৰ দোষ গণিত হ’ব; সেই লোকজনে ৰক্তপাত কৰাত, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
A ke dveřím stánku úmluvy nepřivedl by ho, aby obětoval obět Hospodinu před příbytkem Hospodinovým: vinen bude krví, nebo krev vylil; protož vyhlazen bude muž ten z prostředku lidu svého.
5 ৫ ইয়াৰ অভিপ্ৰায় এই, যে, ইস্ৰায়েলৰ সন্তান সকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি, যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰে।
Přivedou tedy synové Izraelští oběti své, kteréž by na poli zabíjeti chtěli, přivedou je, pravím, k Hospodinu ke dveřím stánku úmluvy, k knězi, a obětovati budou oběti pokojné Hospodinu.
6 ৬ পুৰোহিতে সেই মঙ্গলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দগ্ধ কৰিব।
A pokropí kněz krví na oltáři Hospodinovu u dveří stánku úmluvy, a páliti bude tuk u vůni líbeznou Hospodinu.
7 ৭ তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।
A nikoli více nebudou obětovati obětí svých ďáblům, po nichžto odcházejíce, oni smilní. Zákon tento bude jim věčný i všechněm potomkům jejich.
8 ৮ আৰু তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল-বংশীয় যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশী জনে নিজৰ হোম-বলি বা মঙ্গলাৰ্থক বলি,
Protož povíš jim: Kdož by koli z domu Izraelského aneb z příchozích, kteříž by pohostinu byli mezi vámi, obětoval zápal aneb jinou obět,
9 ৯ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
A ke dveřím stánku úmluvy nepřivedl by jí, aby ji obětoval Hospodinu: tedy vyhlazen bude člověk ten z lidu svého.
10 ১০ ইস্ৰায়েল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱা জনৰ পৰা বিমুখে থাকিম আৰু তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
A kdož by koli z domu Izraelského aneb z příchozích, kteříž jsou pohostinu mezi nimi, jedl jakou krev: postavím tvář svou proti člověku tomu, a vyhladím jej z prostředku lidu jeho.
11 ১১ কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক!
Nebo duše všelikého těla ve krvi jest, já pak oddal jsem vám ji k oltáři, k očišťování duší vašich. Nebo sama krev na duši očišťuje.
12 ১২ এই হেতুকে মই ইস্ৰায়েলৰ সন্তান সকলক ক’লো বোলে, তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীয়েও তেজ খাব নালাগে।
Protož řekl jsem synům Izraelským: Nižádný z vás nebude jísti krve; ani příchozí, kterýž pohostinu jest mezi vámi, nebude krve jísti.
13 ১৩ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো খাব পৰা পশু বা চৰাই চিকাৰত মাৰিব, তেওঁ তাৰ তেজ উলিয়াই ধুলিৰে ঢাকি থ’ব।
A kdož by koli z synů Izraelských aneb z příchozích, kteříž jsou pohostinu mezi vámi, honě, ulovil zvíře aneb ptáka, což se jísti může, tedy vycedí krev jeho a zasype ji prstí.
14 ১৪ কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে; এই হেতুকে মই ইস্ৰায়েলৰ সন্তান সকলক ক’লোঁ, “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা; কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ; যিকোনোৱে তাক খাব, তেওঁ উচ্ছন্ন হ’ব।”
Nebo duše všelikého těla jest krev jeho, kteráž jest v duši jeho. Protož jsem pověděl synům Izraelským: Krve žádného těla jísti nebudete, nebo duše všelikého těla jest krev jeho; kdož by koli jedl ji, vyhlazen bude.
15 ১৫ স্বদেশীয় বা বিদেশীয় লোকসকলৰ মাজৰ যি কোনোৱে নিজে নিজেই মৰা, বা হিংসুক জন্তুৱে ছিৰা পশু ভোজন কৰিব তেওঁ নিজ বস্ত্ৰ ধুই পানীত গা ধুব আৰু সন্ধ্যালৈকে তেওঁ অশুচি হৈ থাকিব; তাৰ পাছত তেওঁ শুচি হ’ব।
Kdož by pak koli jedl tělo mrtvé aneb udávené, buď on doma zrozený aneb příchozí: zpéře roucha svá, a umyje se vodou, a nečistý bude až do večera, potom pak čistý bude.
16 ১৬ কিন্তু যদি তেওঁ নিজ বস্ত্ৰ বা গা নুধোৱে, তেতিয়া তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
A pakli nezpéře roucha svého, a těla svého neumyje, tedy ponese nepravost svou.