< লেবীয় পুস্তক 16 >

1 হাৰোণৰ যি দুজন পুত্ৰ যিহোৱাৰ ওচৰলৈ গ’ল, তেওঁলোকৰ মৃত্যুৰ পাছত যিহোৱাই মোচিক কৈছিল।
И рече Господ Мојсију пошто погибоше два сина Аронова, а погибоше кад приступише пред Господа,
2 যিহোৱাই মোচিক এই কথা ক’লে, “হাৰোণ নমৰিবৰ বাবে, চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মূখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ-স্থানলৈ সকলো সময়ত নোসোমাবৰ বাবে আজ্ঞা কৰা; কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।
И каза Господ Мојсију: Реци Арону, брату свом, да не улази у свако доба у светињу за завес пред заклопац који је на ковчегу, да не погине, јер ћу се у облаку над заклопцем јављати.
3 হাৰোণে এইদৰে পবিত্ৰ স্থানত সোমাব লাগিব। তেওঁ পাপাৰ্থক বলিৰ বাবে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল’ব।
С овим нека улази Арон у светињу: с јунцем за жртву ради греха и с овном за жртву паљеницу.
4 তেওঁ শণ সুতাৰ পবিত্ৰ বস্ত্ৰখন গাত লব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু পাগটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ; তেওঁ পানীত গা ধুই, এইবোৰ পিন্ধিব।
Свету кошуљу ланену нека обуче, и гаће ланене нека су на телу његовом, и нека се опаше појасом ланеним и капу ланену нека метне на главу; то су хаљине свете, и нека опере тело своје водом, па онда нека их обуче.
5 পাছত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল’ব।
А од збора синова Израиљевих нека узме два јарца за жртву ради греха, и једног овна за жртву паљеницу.
6 আৰু হাৰোণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি, নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব।
И нека принесе Арон јунца свог на жртву за грех и очисти себе и дом свој.
7 তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল’ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ আগত উপস্থিত হ’ব।
Потом нека узме два јарца, и нека их метне пред Господа на врата шатора од састанка.
8 তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।
И нека Арон баци жреб за та два јарца, један жреб Господу а други жреб Азазелу.
9 তেতিয়া যি ছাগলী যিহোৱাৰ নামত উঠিব, হাৰোণে সেই ছাগলীটো লৈ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
И нека Арон принесе на жртву јарца на ког падне жреб Господњи, нека га принесе на жртву за грех.
10 ১০ কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে, তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সন্মূখত তাক জীয়াই উপস্থিত কৰিব লাগিব।
А јарца на ког падне жреб Азазелов нека метне жива пред Господа, да учини очишћење на њему, па нека га пусти у пустињу Азазелу.
11 ১১ তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।
И нека Арон принесе јунца свог на жртву за грех и очисти себе и дом свој, и нека закоље јунца свог на жртву за грех.
12 ১২ হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
И нека узме кадионицу пуну жеравице с олтара, који је пред Господом, и пуне прегршти када мирисног истуцаног, и нека унесе за завес.
13 ১৩ আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।
И нека метне кад на огањ пред Господом, да дим од када заклони заклопац који је на сведочанству; тако неће погинути.
14 ১৪ তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ, পূবফালে থকা পাপাবৰণত আঙুলিৰে ছঠিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ সাতবাৰ ছটিয়াব।
После нека узме крви од јунца и покропи с прста свог по заклопцу према истоку, а пред заклопцем нека седам пута покропи том крвљу с прста свог.
15 ১৫ তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।
И нека закоље јарца на жртву за грех народни, и нека учини с крвљу његовом као што је учинио с крвљу јунчијом, и покропи њом по заклопцу и пред заклопцем.
16 ১৬ এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।
И тако ће очистити светињу од нечистота синова Израиљевих и од преступа њихових у свим гресима њиховим; тако ће учинити и у шатору од састанка, који је међу њима усред нечистота њихових.
17 ১৭ আৰু প্ৰায়শ্চিত্ত কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইস্ৰায়েলৰ গোটেই সমাজক প্ৰায়শ্চিত্ত সম্পূৰ্ণকৈ প্ৰায়শ্চিত্ত নকৰালৈকে, কোনো কোনো লোক সেই সাক্ষাৎ কৰা তম্বুত নাথাকিব।
А нико да не буде у шатору од састанка кад он уђе да чини очишћење у светињи, докле не изађе и сврши очишћење за се и за дом свој и за сав збор израиљски.
18 ১৮ তেওঁ যিহোৱাৰ সন্মূখত থকা বেদীৰ ওচৰলৈ ওলাই গৈ তাক প্ৰায়শ্চিত্ত কৰিব। তেওঁ সেই দমৰাটোৰ অলপ তেজ আৰু ছাগলীটোৰ অলপ তেজ লৈ বেদীৰ চাৰিওফালৰ শিং কেইটাত লগাই দিব।
А нека изађе к олтару који је пред Господом, и очисти га; и узевши крви од јунца и крви од јарца нека помаже рогове олтару унаоколо;
19 ১৯ আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰৰ অশৌচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব।
И нека га покропи одозго истом крвљу с прста свог седам пута; тако ће га очистити и посветити га од нечистота синова Израиљевих.
20 ২০ এইদৰে পবিত্ৰ স্থান, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰাৰ পাছত, হাৰোণে সেই জীয়া ছাগলীটো আনিব।
А кад очисти светињу и шатор од састанка и олтар, тада нека доведе јарца живог.
21 ২১ পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।
И метнувши Арон обе руке своје на главу јарцу живом, нека исповеди над њим сва безакоња синова Израиљевих и све преступе њихове у свим гресима њиховим, и метнувши их на главу јарцу нека га да човеку спремном да га истера у пустињу.
22 ২২ আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জ্জন ঠাইলৈ বৈ নিব। আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব।
И јарац ће однети на себи сва безакоња њихова у пустињу; и пустиће оног јарца у пустињу.
23 ২৩ তেতিয়া হাৰোণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি শণৰ বস্ত্ৰবোৰ পিন্ধে তাক সোলোকাই সেই ঠাইতে থ’ব।
Потом нека опет уђе Арон у шатор од састанка и свуче хаљине ланене које је обукао када је ишао у светињу, и онде нека их остави.
24 ২৪ পাছত তেওঁ কোনো পবিত্ৰ ঠাইত গা ধুই, নিজ বস্ত্ৰ পিন্ধি ওলাব; আৰু নিজৰ হোম-বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰিব।
Па нека опере тело своје на светом месту и обуче своје хаљине; и изашав нека принесе своју жртву паљеницу, и очисти себе и народ.
25 ২৫ আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব।
А сало од жртве за грех нека запали на олтару.
26 ২৬ আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব, তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
А ко одведе јарца за Азазела, нека опере хаљине своје и окупа тело своје у води, па онда нека уђе у логор.
27 ২৭ আৰু পাপাৰ্থক বলিৰ অর্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ’ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰ জুইত পুৰি ভস্ম কৰা হ’ব।
А јунца за грех и јарца за грех, од којих је крв унесена да се учини очишћење у светињи, нека изнесу напоље из логора, и нека спале огњем коже њихове и месо њихово и балегу њихову.
28 ২৮ আৰু যিজনে সেইবোৰ পুৰিব, তেওঁ নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
А ко их спали, нека опере хаљине своје и окупа тело своје у води, па онда нека дође у логор.
29 ২৯ তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।
И ово нека вам буде вечна уредба: десети дан седмог месеца мучите душе своје, и не радите никакав посао, ни домородац ни дошљак који се бави међу вама.
30 ৩০ কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।
Јер у тај дан бива очишћење за вас, да се очистите; бићете очишћени од свих греха својих пред Господом.
31 ৩১ সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোন দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।
То нека вам је почивање суботно, и мучите душе своје по уредби вечној.
32 ৩২ পিতৃৰ সলনি পুৰোহিত কৰ্ম কৰিবলৈ যিজনক অভিষিক্ত আৰু নিযুক্ত কৰা হ’ব, সেই পুৰোহিতে প্ৰায়শ্চিত্ত কৰিব আৰু শণ সুতাৰ বস্ত্ৰ অৰ্থাৎ পবিত্ৰ বস্ত্ৰবোৰ পিন্ধিব।
А свештеник који буде помазан и који буде освећен да врши службу свештеничку на место оца свог, он нека очишћа обукавши се у хаљине ланене, хаљине свете.
33 ৩৩ আৰু তেওঁ পবিত্ৰ-স্থান প্ৰায়শ্চিত্ত কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰিব। আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্রায়শ্চিত্ত কৰিব।
И нека очисти светињу свету и шатор од састанка; и олтар нека очисти; и свештенике и сав народ сабрани нека очисти.
34 ৩৪ ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।
И ово нека вам је вечна уредба да очишћате синове Израиљеве од свих греха њихових један пут у години. И учини Мојсије како му заповеди Господ.

< লেবীয় পুস্তক 16 >