< লেবীয় পুস্তক 15 >
1 ১ যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
Und der HERR redete mit Mose und Aaron und sprach:
2 ২ “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
Redet mit den Kindern Israel und sprecht zu ihnen: Wenn ein Mann an seinem Fleisch einen Fluß hat, derselbe ist unrein.
3 ৩ সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
Dann aber ist er unrein an diesem Fluß, wenn sein Fleisch eitert oder verstopft ist.
4 ৪ সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
Alles Lager, darauf er liegt, und alles, darauf er sitzt, wird unrein werden.
5 ৫ যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und wer sein Lager anrührt, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
6 ৬ আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und wer sich setzt, wo er gesessen hat, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
7 ৭ আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Wer sein Fleisch anrührt, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
8 ৮ সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Wenn er seinen Speichel wirft auf den, der rein ist, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
9 ৯ আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
Und der Sattel, darauf er reitet, wird unrein werden.
10 ১০ আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und wer anrührt irgend etwas, das er unter sich gehabt hat, der wird unrein sein bis auf den Abend. Und wer solches trägt, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
11 ১১ সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und welchen er anrührt, ehe er die Hände wäscht, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
12 ১২ আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
Wenn er ein irdenes Gefäß anrührt, das soll man zerbrechen; aber das hölzerne Gefäß soll man mit Wasser spülen.
13 ১৩ পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
Und wenn er rein wird von seinem Fluß, so soll er sieben Tage zählen, nachdem er rein geworden ist, und seine Kleider waschen und sein Fleisch mit fließendem Wasser baden, so ist er rein.
14 ১৪ অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
Und am achten Tage soll er zwei Turteltauben oder zwei junge Tauben nehmen und vor den HERRN bringen vor die Tür der Hütte des Stifts und dem Priester geben.
15 ১৫ তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
Und der Priester soll aus einer ein Sündopfer, aus der andern ein Brandopfer machen und ihn versöhnen vor dem HERRN seines Flusses halben.
16 ১৬ যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Wenn einem Mann im Schlaf der Same entgeht, der soll sein ganzes Fleisch mit Wasser baden und unrein sein bis auf den Abend.
17 ১৭ আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Und alles Kleid und alles Fell, das mit solchem Samen befleckt ist, soll er waschen mit Wasser und unrein sein bis auf den Abend.
18 ১৮ আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Ein Weib, bei welchem ein solcher liegt, die soll sich mit Wasser baden und unrein sein bis auf den Abend.
19 ১৯ যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Wenn ein Weib ihres Leibes Blutfluß hat, die soll sieben Tage unrein geachtet werden; wer sie anrührt, der wird unrein sein bis auf den Abend.
20 ২০ আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
Und alles, worauf sie liegt, solange sie ihre Zeit hat, und worauf sie sitzt, wird unrein sein.
21 ২১ আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Und wer ihr Lager anrührt, der soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
22 ২২ আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und wer anrührt irgend etwas, darauf sie gesessen hat, soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
23 ২৩ আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Und wer anrührt irgend etwas, das auf ihrem Lager gewesen ist oder da, wo sie gesessen hat soll unrein sein bis auf den Abend.
24 ২৪ আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
Und wenn ein Mann bei ihr liegt und es kommt sie ihre Zeit an bei ihm, der wird sieben Tage unrein sein, und das Lager, auf dem er gelegen hat wird unrein sein.
25 ২৫ আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
Wenn aber ein Weib den Blutfluß eine lange Zeit hat, zu ungewöhnlicher Zeit oder über die gewöhnliche Zeit, so wird sie unrein sein, solange sie ihn hat; wie zu ihrer gewöhnlichen Zeit, so soll sie auch da unrein sein.
26 ২৬ সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
Alles Lager, darauf sie liegt die ganze Zeit ihres Flußes, soll sein wie ihr Lager zu ihrer gewöhnlichen Zeit. Und alles, worauf sie sitzt, wird unrein sein gleich der Unreinigkeit ihrer gewöhnlichen Zeit.
27 ২৭ আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Wer deren etwas anrührt, der wird unrein sein und soll seine Kleider waschen und sich mit Wasser baden und unrein sein bis auf den Abend.
28 ২৮ পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
Wird sie aber rein von ihrem Fluß, so soll sie sieben Tage zählen; darnach soll sie rein sein.
29 ২৯ পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
Und am achten Tage soll sie zwei Turteltauben oder zwei junge Tauben nehmen und zum Priester bringen vor die Tür der Hütte des Stifts.
30 ৩০ পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
Und der Priester soll aus einer machen ein Sündopfer, aus der andern ein Brandopfer, und sie versöhnen vor dem HERRN über den Fluß ihrer Unreinigkeit.
31 ৩১ ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
So sollt ihr die Kinder Israel warnen vor ihrer Unreinigkeit, daß sie nicht sterben in ihrer Unreinigkeit, wenn sie meine Wohnung verunreinigen, die unter ihnen ist.
32 ৩২ গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
Das ist das Gesetz über den, der einen Fluß hat und dem der Same im Schlaf entgeht, daß er unrein davon wird,
33 ৩৩ ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”
und über die, die ihren Blutfluß hat, und wer einen Fluß hat, es sei Mann oder Weib, und wenn ein Mann bei einer Unreinen liegt.