< লেবীয় পুস্তক 14 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
Ubangiji ya ce wa Musa,
2 ২ “কুষ্ঠৰোগী লোক জন সুস্থ হোৱাৰ দিনা তেওঁৰ শুচি হোৱা নিয়ম এই; তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
“Waɗannan su ne ƙa’idodi domin mutumin da yake da cuta a lokacin tsabtaccewarsa, sa’ad da aka kawo shi ga firist.
3 ৩ তেতিয়া পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগী জনৰ কুষ্ঠৰোগ যদি সুস্থ হৈছে, তেনেহলে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব।
Firist zai fita waje da sansani ya bincike shi. In mutumin ya warke daga cutar fatar jiki mai yaɗuwa,
4 ৪ তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
firist zai umarta a kawo tsuntsaye biyu masu rai, masu tsabta da itacen al’ul, jan ƙyalle da kuma hizzob saboda mutumin da za a tsabtacce.
5 ৫ আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব।
Sa’an nan firist zai umarta a kashe ɗaya daga cikin tsuntsayen a bisa ruwa mai kyau a tukunyar laka.
6 ৬ তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব।
Zai ɗauki tsuntsu mai rai ya tsoma shi tare da itacen al’ul, jan ƙyalle da kuma hizzob cikin jinin tsuntsun da aka yanka a bisa ruwa mai kyau.
7 ৭ তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ’বলগীয়া লোক জনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব, আৰু তেওঁক শুচি বুলি ঘোষণা কৰিব। তাৰ পাছত পুৰোহিত জনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব।
Sau bakwai zai yayyafa wa mutumin da za a tsabtacce daga cutar mai yaɗuwa ya kuma furta shi tsarkakakke. Sa’an nan ya saki tsuntsu mai rai ɗin ya tafi.
8 ৮ আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
“Dole mutumin da aka tsabtaccen ya wanke rigunansa, ya aske dukan gashinsa ya kuma yi wanka; sa’an nan zai tsabtacce. Bayan wannan zai iya zo cikin sansani, amma dole yă tsaya waje da tentinsa kwana bakwai.
9 ৯ পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি, দাড়ি, চেলাউৰি আদি গোটেই গাৰ নোম খুৰাব, আৰু নিজ বস্ত্ৰ ধুই, নিজেও পানীত গা ধুব; তেতিয়া তেওঁ শুচি হ’ব।
A rana ta bakwai ɗin dole yă aske dukan gashinsa; dole yă aske kansa, gemunsa, gashin girarsa da sauran gashinsa. Dole yă wanke rigunansa ya kuma yi wanka, zai kuwa tsabtacce.
10 ১০ অষ্টম দিনা তেওঁ দুটা নঘূণ মতা মেৰ-ছাগ পোৱালি, এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটা গুড়ি ঐফাৰ দহ ভাগৰ তিনিভাগ, আৰু এক “লোগ” তেল ল’ব।
“A rana ta takwas dole yă kawo ɗan rago da’yar tunkiya bana ɗaya, kowane marar lahani, tare da rabin garwan gari mai laushi haɗe da mai domin hadaya ta gari, da kuma moɗa ɗaya na mai.
11 ১১ তাৰ পাছত শুচি কৰোঁতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব।
Firist da ya furta shi tsarkakakke zai miƙa da wanda za a tsabtaccen da kuma hadayunsa a gaban Ubangiji a ƙofar Tentin Sujada.
12 ১২ পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।
“Sa’ad da firist zai ɗauki ɗaya daga cikin ragunan ya kuma miƙa shi kamar hadaya don laifi, tare da moɗan mai; zai kaɗa su a gaban Ubangiji kamar hadaya kaɗawa.
13 ১৩ আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম-বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ-ছাগৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ, আৰু সেয়ে অতি পবিত্ৰ।
Zai yanka ɗan ragon a tsattsarkan wuri inda ake yanka hadaya don zunubi da hadaya ta ƙonawa. Gama yadda hadaya ta zunubi ta firist ne, haka hadaya domin laifi ma, hadaya ce mafi tsarki.
14 ১৪ পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, সেই শুচি হবলগীয়া মানুহটোৰ সোঁ কাণৰ মুৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
Firist ɗin zai ɗiba jinin hadaya don laifin ya zuba a leɓatun kunnen dama na wanda za a tsabtacce, a babbar yatsar hannunsa na dama a kuma a babbar yatsar ƙafa damansa.
15 ১৫ তাৰ পাছত পুৰোহিতে সেই “লোগ” তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব;
Firist ɗin zai ɗiba daga moɗan mai ɗin ya zuba a tafin hannunsa na hagu,
16 ১৬ আৰু সেই বাওঁ হাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবুৰিয়াই, আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
ya tsoma yatsarsa ta dama cikin man da yake a tafin hannunsa, kuma da yatsar zai yayyafa man a gaban Ubangiji sau bakwai.
17 ১৭ পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ, শুচি হ’বলগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া দোষাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব।
Firist zai sa sauran mai da yake cikin tafinsa a leɓatun kunnen dama na wanda za a tsabtacce, a babbar yatsarsa na dama da kuma a babbar yatsar ƙafarsa ta dama, a bisa jinin hadaya don laifin.
18 ১৮ পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেল খিনি সেই শুচি হ’বলগীয়া লোক জনৰ মূৰত দিব, আৰু পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব।
Sauran man a tafin hannunsa firist zai sa a kan wanda za a tsabtaccen ya kuma yi kafara dominsa a gaban Ubangiji.
19 ১৯ তাৰ পাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব, আৰু সেই শুচি হ’বলগীয়া লোকজনৰ অশৌচৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; তাৰ পাছত হোমবলিটো কাটিব।
“Sa’an nan firist ɗin zai miƙa hadaya don zunubi ya kuma yi kafara saboda wannan da za a tsabtacce daga rashin tsarkinsa. Bayan haka, firist zai yanka hadaya ta ƙonawa
20 ২০ যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব।
ya miƙa ta a bagade, tare da hadaya ta gari, ya kuma yi kafara dominsa, zai kuwa tsabtacce.
21 ২১ কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল,
“In kuwa mutumin matalauci ne ba zai iya samu waɗannan ba, to, dole yă ɗauki ɗan rago guda kamar hadaya don laifi a kaɗa don a yi kafara dominsa, tare da humushin garwa gari mai laushi haɗe da mai don hadaya ta gari, da moɗa na mai,
22 ২২ আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব।
da kurciyoyi biyu ko tattabarai biyu, wanda zai iya samu, ɗaya domin hadaya don zunubi ɗayan kuma domin hadaya ta ƙonawa.
23 ২৩ পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব।
“A rana ta takwas dole yă kawo su domin tsabtaccewarsa ga firist a ƙofar Tentin Sujada, a gaban Ubangiji.
24 ২৪ তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই মেৰ-ছাগ পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব।
Firist zai ɗauki ɗan rago na hadaya don laifi tare da moɗa na mai, ya kaɗa su a gaban Ubangiji kamar hadaya ta kaɗawa.
25 ২৫ পাছত তেওঁ সেই দোষাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
Zai yanka ɗan rago domin hadaya don laifi ya kuma ɗibi jinin ya sa a leɓatun kunnen dama na wanda za a tsabtaccen, a babban yatsar hannun damansa da kuma a babban yatsar ƙafarsa na dama.
26 ২৬ তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব,
Firist zai zuba man a tafin hannunsa na hagu,
27 ২৭ আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব।
da yatsarsa na dama zai yayyafa man daga tafinsa sau bakwai a gaban Ubangiji.
28 ২৮ আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব।
Daga cikin man da yake a tafinsa zai zuba a wuri da ya zuba jinin hadaya don laifi, a leɓatun kunnen dama na wanda za a tsabtaccen, a babban yatsar hannun damansa da kuma a babban yatsar ƙafa damansa.
29 ২৯ আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
Sauran man da yake cikin tafinsa firist ɗin zai zuba a kan wannan da za a tsabtaccen don a yi kafara dominsa a gaban Ubangiji.
30 ৩০ পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব;
Sa’an nan zai miƙa kurciyoyi ko tattabarai, waɗanda mutumin zai iya,
31 ৩১ অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব।
ɗaya kamar hadaya don zunubi ɗayan kuma kamar hadaya ta ƙonawa, tare da hadaya ta gari. Ta haka firist zai yi kafara a gaban Ubangiji a madadin wanda za a tsabtacce.”
32 ৩২ কুষ্ঠৰোগৰ ঘা থকা যি লোক জনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ, তাৰ এই নিয়ম।”
Waɗannan su ne ƙa’idodi domin mutumin da yake da cutar fatar jiki wanda kuma ba zai iya samun abubuwan hadaya ta kullum domin tsabtaccewarsa ba.
33 ৩৩ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Ubangiji ya ce wa Musa da Haruna,
34 ৩৪ “মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ,
“Sa’ad da kuka shiga ƙasar Kan’ana, wadda nake ba ku kamar gādonku, na kuma sa yaɗuwa cutar fatar jiki a riga a cikin gida a wannan ƙasa,
35 ৩৫ তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক’ব যে, ‘মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছোঁ’।
dole maigidan ya tafi ya faɗa wa firist ya ce, ‘Na ga wani abu da ya yi kamar cutar fatar jikin da take a riga a cikin gidana.’
36 ৩৬ তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এই কাৰণে, সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পুৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব; তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব।
Firist zai umarci a fitar da kome a gidan kafin ya shiga ya bincike cutar fatar jiki da take a rigar, saboda babu abin da yake gidan da za a furta marar tsarki ne. Bayan haka firist zai shiga ya dudduba gidan.
37 ৩৭ তেওঁ সেই দাগৰ বিষয়ে চাব; যদি সেই দাগ ঘৰৰ দেৱালত অলপ কেঁচা বৰণীয়া বা ৰঙচীয়া চকলা-চকলী হয় আৰু দেৱালতকৈ দ যেন বোধ হয়,
Zai bincike cutar fatar jiki da take a riga a bangaye, in kuma yana da tabon kore-kore ko ja-ja da suka bayyana da suka yi zurfi fiye da saman bangon,
38 ৩৮ আৰু যদি সঁচাকৈ সেই ঘৰত কুষ্ঠ ৰোগৰ দাগ আছে, তেতিয়া পুৰোহিতে ঘৰৰ পৰা দুৱাৰ-মুখলৈ ওলাই সাতদিন সেই ঘৰ বন্ধ কৰি ৰাখিব।
firist ɗin zai fita a bakin ƙofar gidan ya rufe ta na kwana bakwai.
39 ৩৯ সপ্তমদিনা পুৰোহিতে পুনৰায় আহি সেই ঘৰৰ দেৱালত সেই দাগ বিয়পি যোৱা বিষয়ে চাব;
A rana ta bakwai ɗin firist zai dawo don yă dudduba gidan. In cutar fatar jiki da take a riga ta yaɗu a bangayen,
40 ৪০ আৰু এনে যদি হয়, তেনেহলে মানুহে যেন সেই দাগ থকা শিলবোৰ উলিয়াই নগৰৰ বাহিৰত অশুচি ঠাইত পেলাই দিয়ে, পুৰোহিতে এনে আজ্ঞা কৰিব।
zai umarta a ciccire duwatsun da suke da cutar a zubar a wuri marar tsarki waje da birnin.
41 ৪১ পাছত সেই ঘৰৰ ভিতৰৰ চাৰিওফালৰ দেৱাল তেওঁ চোঁচাই পেলোব লাগিব, আৰু চুঁচি পেলোৱাৰ কৰালবোৰ তেওঁলোকে নগৰৰ বাহিৰত সেই অশুচি ঠাইত পেলাব লাগিব।
Dole yă sa a kankare duka shafen bangon cikin gidan a kuma zuba kayan da aka kankare a wurin marar tsarki waje da birnin.
42 ৪২ তেওঁলোকে আন শিল লৈ সেই শিলৰ ঠাইত বহুৱাব, আৰু নতুন কৰাল লৈ পুনৰায় সেই ঘৰ লিপিব।
Sai su ɗebi waɗansu duwatsu su sa a wuraren da suka ciccire waɗancan, su kuma ɗiba sabon laka su yi shafen gidan.
43 ৪৩ এইদৰে শিল উলিওৱা আৰু ঘৰ চোঁচা আৰু লিপাৰ পাছত, যদি পুনৰায় ঘৰত সেই দাগ ওলাই,
“In cutar fatar jiki da take ta rigar ta sāke bayyana a gidan bayan an ciccire duwatsu aka kankare gidan aka kuma yi shafe,
44 ৪৪ তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেনেহলে সেই ঘৰত সংহাৰক কুষ্ঠ আছে; আৰু সেই ঘৰখন অশুচি।
firist zai je ya bincika shi, in kuwa cutar ta bazu a gidan, to, muguwar cuta ce; gidan marar tsarki ne.
45 ৪৫ তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ’ব। তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব।
Dole a rushe gidan, a fid da duwatsun, katakai da kuma dukan shafen daga birnin zuwa wuri marar tsarki.
46 ৪৬ তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
“Duk wanda ya shiga gidan yayinda aka rufe shi zai ƙazantu har yamma.
47 ৪৭ আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেৱোঁ নিজ বস্ত্ৰ ধুব লাগিব।
Duk wanda ya kwana ko ya ci abinci a gidan dole yă wanke rigunansa.
48 ৪৮ আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
“Amma in firist ya zo ya bincika gidan kuma cutar fatar jiki da take ta rigar ba tă bazu ba bayan an yi wa gidan shafe, zai furta gidan tsarkakakke, domin cutar ta tafi.
49 ৪৯ পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব।
Don a tsabtacce gidan, zai ɗauki tsuntsaye biyu da itacen al’ul, jan ƙyalle da hizzob.
50 ৫০ মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব।
Zai yanka ɗaya daga cikin tsuntsayen a bisa ruwa mai kyau a cikin tukunyar laka.
51 ৫১ তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব।
Sa’an nan zai ɗauki itacen al’ul, hizzob, jan ƙyalle da kuma tsuntsu mai ran ya tsoma su cikin jinin tsuntsun da aka yanka da kuma cikin ruwa mai kyau, ya yayyafa wa gida sau bakwai.
52 ৫২ এইদৰে তেওঁ চৰাইৰ তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচোব বন আৰু ৰঙা নোম, এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব।
Zai tsabtacce gidan da jinin tsuntsun, ruwa mai kyau, tsuntsu mai ran, itacen al’ul, hizzob da kuma jan ƙyalle.
53 ৫৩ কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব; এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ত কৰিব; তাতে সেই ঘৰ শুচি হ’ব।
Sa’an nan zai saki tsuntsu mai rai ɗin a fili waje da birnin ya tafi. Ta haka zai yi kafara saboda gidan, gidan kuwa zai zama tsarkakakke.”
54 ৫৪ এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চিনৰ নিয়ম যেনে ছালত খজুৱতি ধৰা চুলি দাড়ি সৰা,
Waɗannan su ne ƙa’idodi saboda duk wani cuta mai yaɗuwa, don ƙaiƙayi,
55 ৫৫ কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ,
don cutar fatar jiki da take a riga ko a cikin gida,
56 ৫৬ ছাল উখহি উঠা, চোকোৰা বন্ধা, জিলিকা দাগ।
da kuma don kumburi, ɓamɓaroki ko tabo,
57 ৫৭ এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি, সেই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়; এইয়ে কুষ্ঠৰোগ আৰু কুষ্ঠৰোগৰ দাগৰ নিয়ম।”
don a tabbatar sa’ad da wani abu mai tsarki da marar tsarki. Waɗannan su ne ƙa’idodi domin cutar fatar jiki mai yaɗuwa da cutar fatar jikin da take a riga.