< লেবীয় পুস্তক 12 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
Pǝrwǝrdigar Musaƣa sɵz ⱪilip mundaⱪ dedi: —
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।
Israillarƣa sɵz ⱪilip mundaⱪ degin: — «Ayal kixi ⱨamilidar bolup oƣul tuƣsa, adǝt kɵrüp aƣriⱪ bolƣan künliridikidǝk yǝttǝ küngiqǝ napak sanalsun.
3 ৩ পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
Sǝkkizinqi küni oƣli bolsa hǝtnǝ ⱪilinsun.
4 ৪ আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব।
Ayal bolsa xuningdin keyin ottuz üq küngiqǝ «ⱪan paklinix»ta tursun; paklinix künliri tamam bolmiƣuqǝ ⱨeqbir muⱪǝddǝs nǝrsigǝ tǝgmisun, muⱪǝddǝs jayƣimu kirmisun.
5 ৫ যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।
Əgǝr u ⱪiz tuƣsa undaⱪta adǝt künliridikidǝk ikki ⱨǝptigiqǝ napak turup, andin atmix altǝ küngiqǝ «ⱪan paklinix»ta tursun.
6 ৬ পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
Mǝyli oƣul yaki ⱪiz tuƣsun, ⱪan paklinix künliri tamam bolƣandin keyin u ayal kɵydürmǝ ⱪurbanliⱪ üqün bir yaxⱪa kirgǝn ⱪozini, gunaⱨ ⱪurbanliⱪi üqün bir baqka yaki pahtǝkni elip jamaǝt qedirining kirix aƣziƣa, kaⱨinning ⱪexiƣa kǝltürsun.
7 ৭ তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম।
Kaⱨin uni Pǝrwǝrdigarning aldida sunup, xu ayal üqün kafarǝt kǝltüridu; xuning bilǝn u hunidin pak bolidu. Oƣul yaki ⱪiz tuƣⱪan ayal toƣrisidiki ⱪanun-bǝlgilimǝ mana xudur.
8 ৮ যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”
Əgǝr uning ⱪoziƣa ⱪurbi yǝtmisǝ, u ikki pahtǝk yaki ikki baqka kǝltürsun; ularning biri kɵydürmǝ ⱪurbanliⱪ üqün, yǝnǝ biri gunaⱨ ⱪurbanliⱪi üqün bolidu; xu yol bilǝn kaⱨin uning üqün kafarǝt kǝltüridu; u ayal pak bolidu.