< লেবীয় পুস্তক 12 >

1 পাছত যিহোৱাই মোচিক ক’লে,
І Господь промовляв до Мойсея, говорячи:
2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।
„Промовляй до Ізра́їлевих синів, говорячи: Коли жінка зачне́, і породить дитя чоловічої статі, то буде нечиста сім день; як за днів нечистоти місячного її, буде нечиста вона.
3 পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
А во́сьмого дня буде обрі́зане тіло крайньої плоті його.
4 আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব।
І буде вона сидіти в кро́ві очи́щення тридцять день і три дні. До всякої святощі не буде вона доторкатися, а до святині не вві́йде аж до ви́повнення днів очи́щення її.
5 যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।
А якщо породить дитя жіночої статі, то буде нечиста вона два тижні, як за нечистости її місячної, і буде сидіти вона на крові очи́щення шістдеся́т день і шість день.
6 পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
А по ви́повненні днів очищення її за сина або за дочку, принесе вона однорічне ягня на цілопа́лення, та голубеня́ або го́рлицю на жертву за гріх, до входу скинії заповіту до священика.
7 তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম।
І він принесе це перед Господнє лице, і очистить її, і вона очи́ститься від джерела́ своєї кро́ви. Це зако́н про породі́ллю дитини чоловічої або жіночої статі.
8 যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”
А коли рука її не спромо́жеться на ягня, то ві́зьме вона дві го́рлиці або двоє голубеня́т, — одне на цілопа́лення й одне на жертву за гріх, й очи́стить її священик, — і вона стане чиста“.

< লেবীয় পুস্তক 12 >