< লেবীয় পুস্তক 10 >

1 পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।
Men Arons Sønner Nadab og Abihu tog hver sin Pande, kom Ild i dem og lagde Røgelse derpå og frembar for HERRENs Åsyn fremmed Ild, som han ikke havde pålagt dem.
2 তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।
Da for Ild ud fra HERRENs Åsyn og fortærede dem, så de døde for HERRENs Åsyn.
3 তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
Moses sagde da til Aron: "Det er det, HERREN talede om, da han sagde: Jeg viser min Hellighed på dem, der står mig nær, og min Herlighed for alt Folkets Øjne!" Og Aron tav.
4 মোচিয়ে হাৰোণৰ দদায়েক উজ্জীয়েলৰ পুত্ৰ মিচায়েল আৰু ইলিচাফনক মাতি নি ক’লে, “ইয়ালৈ আহাঁ আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মূখৰ পৰা ছাউনিৰ বাহিৰলৈ লৈ যোৱা।”
Da kaldte Moses Misjael og Elzafan, Arons Farbroder, Uzziels Sønner, til sig og sagde til dem: "Kom og bær eders Frænder bort fra Helligdommen uden for Lejren!"
5 আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল।
Og de kom og bar dem uden for Lejren i deres Kjortler, som Moses havde sagt.
6 তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
Men Moses sagde til Aron og hans Sønner Eleazar og Itamar: "I må hverken lade eders Hår vokse frit eller sønderrive eders Klæder, ellers skal I dø og Vrede komme over hele Menigheden; lad eders Brødre, hele Israels Hus, begræde den Brand, HERREN har antændt;
7 আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে।
og vig ikke fra Åbenbaringsteltets indgang, ellers skal I dø, thi HERRENs Salveolie er på eder!" Og de gjorde som Moses sagde.
8 তেতিয়া যিহোৱাই হাৰোণক ক’লে,
Og HERREN talede til Aron og sagde:
9 “তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি,
Vin og stærk Drik må hverken du eller dine Sønner drikke, når I gået ind i Åbenbaringsteltet, for at I ikke skal dø. Det skal være eder en evig gyldig Anordning fra Slægt til Slægt,
10 ১০ আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,
for at I kan gøre Skel mellem det hellige og det, der ikke er helligt, og mellem det urene og det rene,
11 ১১ আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
og for at I kan vejlede Israeliterne i alle de Love, HERREN har kundgjort dem ved Moses.
12 ১২ মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।
Og Moses sagde til Aron og hans tilbageblevne Sønner Eleazar og Itamar: "Tag Afgrødeofferet, der er levnet fra HERRENs Ildoffer, og spis det usyret ved Siden af Alteret, thi det er højhelligt;
13 ১৩ কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।
I skal spise det på et helligt Sted; det er jo din og dine Sønners retmæssige Del af HERRENs Ildofre; thi således er det mig påbudt.
14 ১৪ আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।
Og Svingningsbrystet og Offerydelseskøllen skal I spise på et rent Sted, du, dine Sønner og Døtre, thi de er givet dig tillige med dine Sønner som en retmæssig Del af Israeliternes Takofre;
15 ১৫ অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
Offerydelseskøllen og Svingningsbrystet skal man frembære sammen med de til Ildofre bestemte Fedtdele, for at Svingningen kan udføres for HERRENs Åsyn, og de skal tilfalde dig og dine Sønner tillige med dig som en evig gyldig Rettighed, således som HERREN har påbudt!"
16 ১৬ তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,
Og Moses spurgte efter Syndofferbukken, men se, den var opbrændt. Da blev han fortørnet på Eleazar og Itamar, Arons tilbageblevne Sønner, og sagde:
17 ১৭ “তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
"Hvorfor har I ikke spist Syndofferet på det hellige Sted? Det er jo dog højhelligt, og han har givet eder det. for at I skal borttage Menighedens Skyld og således skaffe dem Soning for HERRENs Åsyn.
18 ১৮ চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।”
Se, Blodet deraf er ikke blevet bragt ind i Helligdommens Indre, derfor havde det været eders Pligt at spise det på det hellige Sted, således som jeg har påbudt!"
19 ১৯ তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?”
Men Aron svarede Moses: "Se, de har i Dag frembåret deres Syndoffer og Brændoffer for HERRENs Åsyn, og en sådan Tilskikkelse har ramt mig! Om jeg i Dag havde spist Syndofferkød, vilde HERREN da have billiget det?"
20 ২০ মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।
Da Mose's hørte dette, billigede han det.

< লেবীয় পুস্তক 10 >