< বিলাপ-গাথা 1 >

1 যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে! যদিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল! প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ’ল!
Mint maradt magánosan a város, a népben bővelkedő! Olyan lett mint özvegy; aki nagy volt a nemzetek közt, úrnő az országok közt, robotolóvá lett!
2 তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
Sírva sír az éjszakában s könnye az orczáján, nincs vigasztalója néki mind a szeretői közt, mind a barátai hűtelenek hozzá, lettek neki ellenségeivé.
3 দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল। তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে। তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।
Elbujdosott Jehúda az inség és nagy szolgaság miatt; leült a nemzetek közt, nyugalmat nem talált; mind az üldözői utólérték őt a szorosok közepette.
4 নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে। তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে। তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
Czión útjai gyászosak, ünnepre érkezők hián, mind a kapui elpusztulva, papjai sóhajtanak, hajadonai bánkódók s ő – keserve van.
5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
Szorongatói fejjé lettek, ellenségei boldogok, mert az Örökkévaló megbúsította sok bűntette miatt, kisdedei foglyul mentek a szorongató előtt.
6 আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে। তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল, আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।
Eltűnt Czión leányától minden ékessége; olyanok lettek nagyjai mint a szarvasok, melyek legelőt nem találtak, s mentek erőtlenül az üldöző előtt.
7 যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত, পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে। যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে। শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে।
Megemlékezett Jeruzsálem nyomorúsága és hontalansága napjaiban mind a drágaságairól, melyek voltak a hajdan napjaitól fogva; midőn népe szorongatónak kezébe esett, s nem volt segítője, látták őt a szorongatók, nevettek elenyésztén.
8 যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
Vétket vétett Jeruzsálem, azért lett fertőzetté; mind a tisztelői lekicsinyelték, mert látták meztelenségét, sóhajtott is ő és hátrafordult.
9 তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
Tisztátalansága az uszályain, nem gondolt végére, csodálatosan hanyatlott, nincs neki vigasztalója: lásd, Örökkévaló, nyomorúságomat, mert fennhéjázott az ellenség!
10 ১০ শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
Kezét vetette rá a szorongató mind a drágaságaira; bizony látott bemenni szentélyébe nemzeteket, melyekről parancsoltad: ne jussanak be a te gyülekezetedbe!
11 ১১ তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।
Mind az emberei sóhajtanak, kenyeret koldulnak, odaadták drágaságaikat ételért, hogy lelküket üdíthessék; lásd, Örökkévaló, és tekintsd, hogy lekicsinyelt vagyok!
12 ১২ হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
Ne nektek, ti úton járók mind! Tekintsetek ide és lássátok: van-a fájdalom mint az én fájdalmam, mely nekem okoztatott, kit megbúsított az Örökkévaló, haragja föllobbanásának napján?
13 ১৩ তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে। তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে। তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
Magasból küldött tüzet csontjaimba és gyötörte őket; hálót terített lábaimnak, hátra vetett engem, tett engem pusztulttá, egész napon sínylővé.
14 ১৪ মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
Összerovatott keze által bűn tetteim járma, egybefonódnak, nyakamra szállnak, elgyengítette erőmet; odaadott engem az Úr olyannak kezeibe, ki előtt nem állhatok meg.
15 ১৫ মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
Elvette az Úr mind az erőseimet én bennem, hirdetett ellenem gyülekezést, hogy megtörje ifjaimat, prést tiprott az Úr Jehúda a szűz leányának.
16 ১৬ এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
Ezek miatt sirok én, szemem, víztől folyik szét, mert távol van tőlem vigasztaló, lelkemet üdítő; lettek fiaim pusztultakká, hogy győzelmeskedett az ellenség.
17 ১৭ চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই। যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে। তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
Kitárta Czión a kezeit, nincs neki vigasztalója, Jákóbra rendelte az Örökkévaló körülötte szorongatóit; lett Jeruzsálem fertőzetté közöttük.
18 ১৮ যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
Igazságos ő, az Örökkévaló, mert parancsa iránt engedetlen voltam; halljátok csak, oh népek mind és lássátok fájdalmamat: hajadonaim és ifjaim fogságba mentek.
19 ১৯ মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল। যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল; তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
Hívtam szeretőimet, ők megcsaltak engem, papjaim és véneim a városban múltak ki; mert ételt kerestek maguknak, hogy felüdíthessék lelköket.
20 ২০ হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
Lásd, Örökkévaló, hogy megszorúltam, beleim megtüzesedtek, megfordult szívem én bennem, mert fölötte engedetlen voltam; kivülről öldös a kard, a házban mintha halál volna.
21 ২১ মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই। মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে। আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে, সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ’ব।
Hallották, hogy sóhajtok, nincs nekem vigasztalóm, ellenségeim mind hallották veszedelmemet, örvendeztek, hogy te cselekedted; ha majd elhoztad a napot, melyet hirdettél, olyanok lesznek mint én!
22 ২২ তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক, মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক; কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।
Jusson minden rosszaságuk te eléd, s bánj velök, amint velem bántál mind a bűntetteim miatt; mert sok a sóhajtásom és sínylő a szivem.

< বিলাপ-গাথা 1 >