< বিলাপ-গাথা 5 >
1 ১ হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
Kom i hu, Herre, det som har hendt oss, sku og se hvor vi blir hånet!
2 ২ আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।
Vår arv er gått over til fremmede, våre hus til utlendinger.
3 ৩ আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
Vi er blitt farløse, har ingen far; våre mødre er som enker.
4 ৪ আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
Vi må kjøpe det vann vi drikker, vår ved må vi betale.
5 ৫ আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
Våre forfølgere er på nakken av oss; vi er trette, vi får ingen hvile.
6 ৬ আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
Til Egypten har vi overgitt oss, og til Assyria, for å bli mettet med brød.
7 ৭ আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
Våre fedre har syndet, de er ikke mere; vi bærer deres misgjerninger.
8 ৮ আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
Træler hersker over oss; ingen river oss ut av deres hånd.
9 ৯ আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,
Med fare for vårt liv henter vi vårt brød, truet av ørkenens sverd.
10 ১০ দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
Vår hud brenner som en ovn av hungerens luer.
11 ১১ শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
Kvinner har de krenket i Sion, jomfruer i Judas byer.
12 ১২ প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
Fyrster har de hengt, de gamles åsyn har de ikke hedret.
13 ১৩ ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
Unge menn bar kvernen, og gutter segnet under vedbøren.
14 ১৪ বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে।
De gamle sitter ikke mere i porten, de unge menn ikke mere ved sin strengelek.
15 ১৫ আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
Med vårt hjertes glede er det forbi, vår dans er omskiftet til sorg.
16 ১৬ আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
Kronen er falt av vårt hode; ve oss, vi har syndet.
17 ১৭ এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
Derfor er vårt hjerte sykt, derfor er våre øine blitt dimme,
18 ১৮ কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
for Sions bergs skyld, som er øde; rever løper om på det.
19 ১৯ হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
Du, Herre, troner til evig tid, din trone blir fra slekt til slekt.
20 ২০ তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
Hvorfor skulde du glemme oss evig, forlate oss for så lang en tid?
21 ২১ হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
Herre, før oss atter til dig, så vi kan komme tilbake! Forny våre dager, så de blir som i fordums tid!
22 ২২ যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
For skulde du rent ha forkastet oss? Skulde du være så storlig vred på oss?