< বিলাপ-গাথা 4 >

1 সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
πῶς ἀμαυρωθήσεται χρυσίον ἀλλοιωθήσεται τὸ ἀργύριον τὸ ἀγαθόν ἐξεχύθησαν λίθοι ἅγιοι ἐπ’ ἀρχῆς πασῶν ἐξόδων
2 উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
υἱοὶ Σιων οἱ τίμιοι οἱ ἐπηρμένοι ἐν χρυσίῳ πῶς ἐλογίσθησαν εἰς ἀγγεῖα ὀστράκινα ἔργα χειρῶν κεραμέως
3 শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়, কিন্তু মোৰ নিজৰ লোকসকলৰ জীয়ৰীসকলে হ’লে অৰণ্যত থকা উট পক্ষীৰ নিচিনা নিষ্ঠুৰ হ’ল।
καί γε δράκοντες ἐξέδυσαν μαστούς ἐθήλασαν σκύμνοι αὐτῶν θυγατέρες λαοῦ μου εἰς ἀνίατον ὡς στρουθίον ἐν ἐρήμῳ
4 পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল; শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।
ἐκολλήθη ἡ γλῶσσα θηλάζοντος πρὸς τὸν φάρυγγα αὐτοῦ ἐν δίψει νήπια ᾔτησαν ἄρτον ὁ διακλῶν οὐκ ἔστιν αὐτοῖς
5 সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে; ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।
οἱ ἔσθοντες τὰς τρυφὰς ἠφανίσθησαν ἐν ταῖς ἐξόδοις οἱ τιθηνούμενοι ἐπὶ κόκκων περιεβάλοντο κοπρίας
6 মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক, যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।
καὶ ἐμεγαλύνθη ἀνομία θυγατρὸς λαοῦ μου ὑπὲρ ἀνομίας Σοδομων τῆς κατεστραμμένης ὥσπερ σπουδῇ καὶ οὐκ ἐπόνεσαν ἐν αὐτῇ χεῖρας
7 তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল। তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
ἐκαθαριώθησαν ναζιραῖοι αὐτῆς ὑπὲρ χιόνα ἔλαμψαν ὑπὲρ γάλα ἐπυρρώθησαν ὑπὲρ λίθους σαπφείρου τὸ ἀπόσπασμα αὐτῶν
8 এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়। তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।
ἐσκότασεν ὑπὲρ ἀσβόλην τὸ εἶδος αὐτῶν οὐκ ἐπεγνώσθησαν ἐν ταῖς ἐξόδοις ἐπάγη δέρμα αὐτῶν ἐπὶ τὰ ὀστέα αὐτῶν ἐξηράνθησαν ἐγενήθησαν ὥσπερ ξύλον
9 ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য, কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোচা যেন হৈ ক্ষীণাই গৈছে।
καλοὶ ἦσαν οἱ τραυματίαι ῥομφαίας ἢ οἱ τραυματίαι λιμοῦ ἐπορεύθησαν ἐκκεκεντημένοι ἀπὸ γενημάτων ἀγρῶν
10 ১০ স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে; মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।
χεῖρες γυναικῶν οἰκτιρμόνων ἥψησαν τὰ παιδία αὐτῶν ἐγενήθησαν εἰς βρῶσιν αὐταῖς ἐν τῷ συντρίμματι τῆς θυγατρὸς λαοῦ μου
11 ১১ যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
συνετέλεσεν κύριος θυμὸν αὐτοῦ ἐξέχεεν θυμὸν ὀργῆς αὐτοῦ καὶ ἀνῆψεν πῦρ ἐν Σιων καὶ κατέφαγεν τὰ θεμέλια αὐτῆς
12 ১২ ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।
οὐκ ἐπίστευσαν βασιλεῖς γῆς πάντες οἱ κατοικοῦντες τὴν οἰκουμένην ὅτι εἰσελεύσεται ἐχθρὸς καὶ ἐκθλίβων διὰ τῶν πυλῶν Ιερουσαλημ
13 ১৩ সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্মিকসকলৰ ৰক্তপাত কৰিছিল।
ἐξ ἁμαρτιῶν προφητῶν αὐτῆς ἀδικιῶν ἱερέων αὐτῆς τῶν ἐκχεόντων αἷμα δίκαιον ἐν μέσῳ αὐτῆς
14 ১৪ সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।
ἐσαλεύθησαν ἐγρήγοροι αὐτῆς ἐν ταῖς ἐξόδοις ἐμολύνθησαν ἐν αἵματι ἐν τῷ μὴ δύνασθαι αὐτοὺς ἥψαντο ἐνδυμάτων αὐτῶν
15 ১৫ লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!” সিহঁতে পলাই ভ্ৰমণ কৰোঁতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”
ἀπόστητε ἀκαθάρτων καλέσατε αὐτούς ἀπόστητε ἀπόστητε μὴ ἅπτεσθε ὅτι ἀνήφθησαν καί γε ἐσαλεύθησαν εἴπατε ἐν τοῖς ἔθνεσιν οὐ μὴ προσθῶσιν τοῦ παροικεῖν
16 ১৬ যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব। লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
πρόσωπον κυρίου μερὶς αὐτῶν οὐ προσθήσει ἐπιβλέψαι αὐτοῖς πρόσωπον ἱερέων οὐκ ἔλαβον πρεσβύτας οὐκ ἠλέησαν
17 ১৭ আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গ’ল, ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী-ঘৰত চাই আছিলোঁ।
ἔτι ὄντων ἡμῶν ἐξέλιπον οἱ ὀφθαλμοὶ ἡμῶν εἰς τὴν βοήθειαν ἡμῶν μάταια ἀποσκοπευόντων ἡμῶν ἀπεσκοπεύσαμεν εἰς ἔθνος οὐ σῷζον
18 ১৮ শত্ৰুবোৰে আমাৰ খোজলৈ এনেকৈ খাপ দি আছিল যে, আমাৰ চকবোৰত আমি ফুৰিব নোৱাৰিলোঁ। আমাৰ অন্তিম ওচৰ, আমাৰ দিন ওৰ পৰিল; কিয়নো আমাৰ অন্তিম উপস্থিত।
ἐθηρεύσαμεν μικροὺς ἡμῶν τοῦ μὴ πορεύεσθαι ἐν ταῖς πλατείαις ἡμῶν ἤγγικεν ὁ καιρὸς ἡμῶν ἐπληρώθησαν αἱ ἡμέραι ἡμῶν πάρεστιν ὁ καιρὸς ἡμῶν
19 ১৯ আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ পক্ষীতকৈও বেগী আছিল। সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।
κοῦφοι ἐγένοντο οἱ διώκοντες ἡμᾶς ὑπὲρ ἀετοὺς οὐρανοῦ ἐπὶ τῶν ὀρέων ἐξήφθησαν ἐν ἐρήμῳ ἐνήδρευσαν ἡμᾶς
20 ২০ আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
πνεῦμα προσώπου ἡμῶν χριστὸς κυρίου συνελήμφθη ἐν ταῖς διαφθοραῖς αὐτῶν οὗ εἴπαμεν ἐν τῇ σκιᾷ αὐτοῦ ζησόμεθα ἐν τοῖς ἔθνεσιν
21 ২১ হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা, কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।
χαῖρε καὶ εὐφραίνου θύγατερ Ιδουμαίας ἡ κατοικοῦσα ἐπὶ γῆς καί γε ἐπὶ σὲ διελεύσεται τὸ ποτήριον κυρίου καὶ μεθυσθήσῃ καὶ ἀποχεεῖς
22 ২২ হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
ἐξέλιπεν ἡ ἀνομία σου θύγατερ Σιων οὐ προσθήσει ἔτι ἀποικίσαι σε ἐπεσκέψατο ἀνομίας σου θύγατερ Εδωμ ἀπεκάλυψεν ἐπὶ τὰ ἀσεβήματά σου

< বিলাপ-গাথা 4 >