< বিলাপ-গাথা 3 >
1 ১ যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।
I am the man that hath seen affliction under the rod of His wrath;
2 ২ তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।
He hath led me and brought me into darkness, and not into light;
3 ৩ নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়।
Yea, against me doth he again and again turn his hand all the day long.
4 ৪ তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে।
My flesh and my skin hath he made old; he hath broken my bones.
5 ৫ তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।
He hath builded against me, and encompassed me with bitterness and woe.
6 ৬ বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।
He hath set me in dark places, as those that have long been dead.
7 ৭ মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।
He hath hedged me about, so that I cannot get out; he hath made my chain heavy;
8 ৮ যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
Yea, when I cry and call aloud, he shutteth out my prayer.
9 ৯ তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।
He blocketh up my way with hewn stone; he maketh my paths crooked.
10 ১০ মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে।
A bear lying in wait hath he been to me, a lion in lurking-places.
11 ১১ তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে।
He hath turned aside my ways, and torn me in pieces; he hath made me desolate.
12 ১২ তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে।
He hath bent his bow, and set me as a mark for the arrow.
13 ১৩ তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে।
He hath caused the sons of his quiver to pierce my reins.
14 ১৪ মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।
I have been a laughing-stock to all my people, their song all the day.
15 ১৫ তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।
He hath filled me with bitterness; he hath made me drunk with wormwood.
16 ১৬ খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে।
He hath also broken my teeth with gravel-stones; He hath covered me with ashes.
17 ১৭ তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ।
Yea, thou hast removed my soul far from peace; I have forgotten prosperity.
18 ১৮ গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”
And I say, “My confidence and my hope in Jehovah are gone!”
19 ১৯ মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।
Remember my affliction and my misery, the wormwood and the gall!
20 ২০ মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।
Yea, thou wilt remember them, for my soul sinketh within me!
21 ২১ কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।
This I recall to my mind; therefore have I hope;
22 ২২ আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
It is of the mercy of Jehovah that we are not consumed; yea, his compassion faileth not;
23 ২৩ তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
It is new every morning; great is thy faithfulness.
24 ২৪ মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
Jehovah is my portion, saith my soul, therefore do I hope in him.
25 ২৫ যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
Jehovah is good to them that trust in him, to the soul that seeketh him.
26 ২৬ যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।
It is good that a man hope, and quietly wait for salvation from Jehovah.
27 ২৭ যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।
It is good for a man that he bear the yoke in his youth;
28 ২৮ তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।
That he sit alone and keep silence, since He layeth it upon him;
29 ২৯ সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।
That he put his mouth in the dust, [[saying to himself, ]] “Perhaps there may be hope!”
30 ৩০ সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,
That he offer his cheek to the smiter; that he be filled with reproach.
31 ৩১ যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!
For the Lord will not cast off forever;
32 ৩২ যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।
For though he cause grief, yet doth he have compassion according to his great mercy;
33 ৩৩ কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।
For he doth not willingly afflict and grieve the children of men.
34 ৩৪ পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা,
Doth one trample under foot all the prisoners of the earth,
35 ৩৫ সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,
Doth he bend the right of a man before the face of the Most High,
36 ৩৬ আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?
Doth he subvert a man in his cause, and shall not the Lord behold it?
37 ৩৭ প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?
Who is he that saith, and it cometh to pass, when the Lord hath not commanded?
38 ৩৮ সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
Cometh not evil, as well as good, from the mouth of the Most High?
39 ৩৯ জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
Wherefore then murmureth the living man? Let him murmur at his own sin!
40 ৪০ আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।
Let us search and try our ways, and turn again to Jehovah!
41 ৪১ স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।
Let us lift up our hearts with our hands to God in the heavens!
42 ৪২ “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।
We have transgressed; we have rebelled; thou hast not forgiven!
43 ৪৩ তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।
Thou hast hidden thyself in anger, and hast pursued us; thou hast slain and hast not spared;
44 ৪৪ তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে।
Thou hast hidden thyself in a cloud, that our prayer may not pass through;
45 ৪৫ তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা।
Thou hast made us the offscouring and refuse in the midst of the nations.
46 ৪৬ আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।
All our enemies have opened their mouths against us;
47 ৪৭ সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।”
Terror and the pit have come upon us, desolation and destruction;
48 ৪৮ মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।
Mine eye runneth down with streams of water for the destruction of the daughter of my people.
49 ৪৯ মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে;
Mine eye trickleth down and ceaseth not, without any intermission,
50 ৫০ যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।
Until Jehovah look down and behold from heaven.
51 ৫১ মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।
Mine eye is painful to me on account of all the daughters of my city.
52 ৫২ শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে।
They that are my enemies without cause hunt me down like a bird;
53 ৫৩ তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।
They take away my life in the dungeon; they cast a stone upon me;
54 ৫৪ মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!”
Waters flow over my head; I say, “I am undone!”
55 ৫৫ হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ।
I call upon thy name, O Jehovah, from the deep dungeon;
56 ৫৬ যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।
Hear thou my voice! hide not thine ear from my cry for relief!
57 ৫৭ তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”
Be near to me, when I call upon thee! Say, “Fear not!”
58 ৫৮ হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।
Thou maintainest my cause, O Lord; thou redeemest my life!
59 ৫৯ হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।
Thou, O Jehovah, seest the wrong done to me; Maintain thou my cause!
60 ৬০ তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা।
Thou seest all their vengeance, all their devices against me.
61 ৬১ হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা।
Thou hearest their reproach, O Jehovah, all their devices against me,
62 ৬২ তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা।
The words of my adversaries, and their machinations against me all the day long!
63 ৬৩ তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।
Behold their sitting down and their rising up! I am their song.
64 ৬৪ হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।
Render to them a recompense, O Jehovah, according to the work of their hands!
65 ৬৫ তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।
Give them blindness of mind! thy curse be upon them!
66 ৬৬ তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।
Pursue them in thine anger, and destroy them from under Jehovah's heaven!