< বিলাপ-গাথা 2 >
1 ১ প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
Hélas! Comme le Seigneur, dans sa colère, assombrit la fille de Sion! Comme il a précipité du ciel jusqu’à terre la gloire d’Israël, sans songer à l’escabeau de ses pieds au jour de son courroux!
2 ২ প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে; তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।
Le Seigneur a bouleversé sans pitié toutes les habitations de Jacob; il a démoli, dans son indignation, les forteresses de la fille de Juda, en les rasant jusqu’au sol; il a rejeté royauté et dignitaires.
3 ৩ তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে। তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁ হাত কোঁচালে। আৰু চাৰিওফালে সকলো গ্ৰাস কৰোঁতা জ্বলন্ত অগ্নিশিখাৰ দৰে তেওঁ যাকোবক দগ্ধ কৰিলে।
Il a abattu, dans le feu de sa colère, toute grandeur en Israël; il a fait reculer sa droite devant l’ennemi et allumé dans Jacob un feu flamboyant, dévorant tout à la ronde.
4 ৪ শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে। চিয়োন-জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে।
Il a bandé son arc comme un ennemi, brandi sa droite comme un adversaire; il a fait périr tous ceux qui étaient un délice pour les yeux; dans la tente de la fille de Sion il a déversé comme un feu son courroux.
5 ৫ প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে। তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধংস কৰিলে। তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
Le Seigneur s’est comporté comme un ennemi, il a bouleversé Israël, il a bouleversé tous ses palais, détruit ses forteresses; il a multiplié chez la fille de Juda plaintes et lamentations.
6 ৬ তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
II a dévasté son pavillon comme on fait d’un jardin, ruiné son lieu de rendez-vous; l’Eternel a fait tomber dans l’oubli fêtes et sabbat et rejeté, dans sa furieuse colère, roi et prêtre.
7 ৭ প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে। তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।
Le Seigneur a délaissé son autel, dégradé son sanctuaire; il a livré aux mains de l’ennemi les remparts de ses châteaux-forts. On a poussé des cris dans la maison de l’Eternel comme en un jour de fête.
8 ৮ যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে। আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
L’Eternel avait résolu de détruire le mur de la fille de Sion: il a tendu le cordeau et n’a pas détourné sa main de l’œuvre de ruine; il a mis en deuil murs et remparts: ensemble ils sont dans la désolation.
9 ৯ চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
Les portes de Sion se sont enfoncées dans le sol; il en a détruit; fracassé les verrous; son roi et ses princes vivent au milieu des nations, sevrés de la Loi; ses prophètes non plus n’obtiennent de visions de la part de l’Eternel.
10 ১০ চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
Ils sont assis à terre, frappés de stupeur, les vieillards de la fille de Sion; ils ont répandu de la poussière sur leur tête, revêtu des cilices; les vierges de Jérusalem penchent leur front vers le sol.
11 ১১ মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
Mes yeux se consument dans les larmes, mes entrailles sont brûlantes, mon cœur se fond en moi à cause du désastre de la fille de mon peuple, car enfants et nourrissons sont tombés en défaillance sur les places de la cité.
12 ১২ “আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে। সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে, আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।
Ils disaient à leurs mères: "Où trouver du blé et du vin?" Et ils languissaient comme des blessés à mort dans les rues de la ville, exhalant leur dernier souffle sur le sein de leurs mères.
13 ১৩ হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী, কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?
Qui te citerai-je comme exemple? Qui te comparerai-je, ô fille de Jérusalem? Qui mettrai-je en parallèle avec toi pour te consoler, vierge, fille de Sion? Car ton désastre est grand comme la mer: qui pourrait te guérir?
14 ১৪ তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
Tes prophètes t’ont communiqué des visions trompeuses et insipides, ils n’ont pas mis en lumière tes crimes, en vue de défourner ta ruine; ils ont inventé pour toi des oracles de mensonge et de déception.
15 ১৫ আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনেই নে?”
Tous les passants battent des mains à ton sujet; ils ricanent, hochent la tête sur la fille de Jérusalem: "Est-ce là disent-ils la ville qu’on appelait un centre de beauté, les délices de toute la terre?"
16 ১৬ তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
A ton aspect, ils ont la bouche béante, tous tes ennemis; ils sifflent, grincent des dents et disent: "Nous avons consommé la ruine! Ah! Ce jour que nous espérions, nous l’avons atteint, nous le tenons!"
17 ১৭ যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
L’Eternel a fait ce qu’il avait résolu; il a accompli son arrêt qu’il avait rendu dès les temps antiques; il a démoli sans ménagement; il a excité à ton sujet la joie de l’ennemi, grandi la puissance de tes adversaires.
18 ১৮ তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে, “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা।
Que leur cœur crie vers le Seigneur! O rempart de la fille de Sion, fais couler tes larmes comme un torrent jour et nuit! Ne t’accorde aucun répit! Que ta pupille ne s’arrête pas de pleurer!
19 ১৯ উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”
Lève-toi, pousse des sanglots la nuit, au commencement des veilles. Répands ton cœur comme de l’eau à la face du Seigneur; élève tes bras vers lui en faveur de la vie de tes jeunes enfants, qui gisent défaillants de faim à l’entrée de toutes les rues.
20 ২০ হে যিহোৱা, বিবেচনা কৰি চোৱা, তুমি যি জনলৈ এনে ব্যৱহাৰ কৰিছা। মহিলাসকলে হাত নিচুকুৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে? পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰ স্থানত বধ কৰা হ’ব নে?
Vois, ô Eternel, et regarde qui tu as traité de la sorte! Se peut-il que des femmes dévorent le fruit de leurs entrailles, leurs jeunes enfants, objet de leurs tendres soins? Que dans le sanctuaire du Seigneur soient massacrés prêtres et prophètes?
21 ২১ ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
Ils sont étendus sur le sol des rues, le jeune homme et le vieillard, mes vierges et mes adolescents sont tombés sous le glaive. Tu as fait tout périr au jour de ta colère, égorgé sans pitié.
22 ২২ তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা; আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, আৱশিষ্ট কোনো নাছিল। মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে।
Comme pour un jour de fête, tu as convoqué mes épouvantes tout à la ronde; au jour de la colère de l’Eternel, nul n’a échappé, nul n’est demeuré sain et sauf. Les enfants que j’avais soignés et élevés, l’ennemi les a anéantis!