< বিলাপ-গাথা 2 >

1 প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
Balae tih ka Boeipa loh Zion nu te a thintoek neh a yaal thil? Israel kah a boeimang khaw vaan lamloh diklai la a voeih pah coeng. Te dongah a kho kah khotloeng pataeng a thintoek hnin ah a poek moenih.
2 প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে; তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।
Ka Boeipa loh a dolh phoeiah Jakob toitlim boeih te lungma a ti moenih. A thinpom neh Judah nu kah hmuencak khaw a koengloeng pah. A ram neh a mangpa te diklai la a khueh pah tih a poeih pah.
3 তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে। তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁ হাত কোঁচালে। আৰু চাৰিওফালে সকলো গ্ৰাস কৰোঁতা জ্বলন্ত অগ্নিশিখাৰ দৰে তেওঁ যাকোবক দগ্ধ কৰিলে।
Thintoek thinling ah Israel ki khaw boeih a ngun sak. A thunkha mikhmuh ah a hnuk la bantang kut a maelh vaengah Jakob dongah hmaisai hmai bangla a dom tih a kaepvai a hlawp pah.
4 শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে। চিয়োন-জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে।
Thunkha bangla a lii a phuk tih rhal bangla amah bantang ah pai. A mik ah ngailaemnah boeih te a ngawn tih Zion nu kah dap ah hmai bangla kosi a hawk pah.
5 প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে। তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধংস কৰিলে। তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
Ka Boeipa he thunkha bangla om. Israel a dolh tih a impuei boeih khaw a dolh pah. A hmuencak a phae pah tih Judah nu kah rhahdueknah neh ngueknah a ping sak.
6 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
A po te dum bangla a hlaih tih a tingtunnah khaw a phae pah. BOEIPA loh Zion kah khoning neh Sabbath khaw a hnilh sak. A thintoek neh kosi dongah manghai neh khosoih khaw a tlaitlaek.
7 প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে। তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।
Ka Boeipa loh a hmueihtuk a hlahpham tih a rhokso khaw a hai coeng. Impuei vongtung khaw thunkha kut ah a det. Te dongah tingtunnah khohnin bangla BOEIPA im ah ol a huel uh.
8 যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে। আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
BOEIPA loh Zion nu kah vongtung phae ham a moeh rhilam a toe coeng. A dolh lamloh a kut poem pawt tih rhalmahvong khaw a nguekcoi sak dongah vongtung khaw rhenten tahah.
9 চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
A vongka te diklai la buek tih muelh. A thohkalh khaw tlawt coeng. A manghai neh a mangpa rhoek khaw namtom taengah om. Olkhueng khaw tal tih a tonghma rhoek loh BOEIPA lamkah a mangthui te hmu uh pawh.
10 ১০ চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
Zion nu patong loh diklai ah ngol uh tih ngam uh. A lu ah laipi a phul uh tih tlamhni a vah uh. Jerusalem rhoek oila loh a lu te diklai la a buluk uh.
11 ১১ মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
Mikphi lamloh ka mik thana coeng. Ka pilnam nu kah pocinah, khorha toltung ah camoe neh cahni kah a rhae dongah ka ko he noong tih ka thin khaw diklai la a kingling.
12 ১২ “আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে। সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে, আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।
A manu rhoek taengah tah, “Cangpai neh misurtui ta?” a tiuh. Khopuei toltung ah rhok bangla rhae uh tih a hinglu te a manu kah rhang dongah a kingling uh.
13 ১৩ হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী, কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?
Jerusalem nu nang te metlam kang hih eh? Nang taengah metlam kan lutlat eh? Nang taengah ba nen lae ka tluk eh? Zion nu oila nang kan hloep ham akhaw na pocinah loh tuitunli bangla len tih unim nang aka hoeih sak ve.
14 ১৪ তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
Na tonghma rhoek loh nang ham a poeyoek neh a rhorhap ni a. hmuh uh. Na thongtlak kawng dongah thongtla la na mael ham vaengah nang kathaesainah te a phoe uh moenih. Nang ham a poeyoek neh vuelvaeknah kah olrhuh ni a. hmuh.
15 ১৫ আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনেই নে?”
Longpuei kah aka cet boeih loh nang taengah kut a paeng uh tih kut a ving uh. Jerusalem nu nang taengah a lu a huen uh tih, “He khopuei tah Diklai pum kah omthennah sakthen rhuemtuet dae la nama?” a ti uh.
16 ১৬ তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
Na thunkha boeih loh nang taengah a ka a ang uh tih hlip uh. No a tah uh tih, “N'dolh coeng, he khohnin he n'lamtawn bangla n'dang uh tih m'hmuh uh.
17 ১৭ যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
A olthui neh aka mueluem kah a mangtaeng te BOEIPA loh a saii. Hlamat kum lamloh a uen te a koengloeng coeng. Tedae lungma ti pawt dongah na rhal kah ki te a pomsang tih thunkha loh nang soah ko a khah.
18 ১৮ তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে, “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা।
A lungbuei tah ka Boeipa taengah pang. Zion nu vongtung aw, mikphi te soklong bangla suntla saeh. Namah te khoyin khothaih ah hilsangnah khueh boeh. Na mik mikhlang khaw ngam sak boeh.
19 ১৯ উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”
Khoyin khoyin ah thoo lamtah tamhoe laeh. Hlaemhmah pukthung ah na lungbuei te ka Boeipa mikhmuh ah tui bangla bueih. Longpuei takuem kah longrhai ah khokha lamloh aka rhae na camoe rhoek kah hinglu ham khaw amah taengah na kut phuel lah.
20 ২০ হে যিহোৱা, বিবেচনা কৰি চোৱা, তুমি যি জনলৈ এনে ব্যৱহাৰ কৰিছা। মহিলাসকলে হাত নিচুকুৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে? পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰ স্থানত বধ কৰা হ’ব নে?
BOEIPA aw u taengah na poelyoe khaw so lamtah paelki. Huta loh amah thaihtae camoe hnatuem te ca tangkhuet saeh a? Ka Boeipa kah rhokso ah khosoih neh tonghma te ngawn saeh a?
21 ২১ ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
Camoe patong loh tollong diklai dongah yalh uh. Ka oila rhoek neh ka tongpang rhoek khaw cunghang dongah cungku uh. Na thintoek hnin kah na ngawn tih lungma na ti kolla na ngawn.
22 ২২ তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা; আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, আৱশিষ্ট কোনো নাছিল। মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে।
Tingtunnah khohnin bangla ka rhihnah te ka kaepvai ah na hueh. BOEIPA kah thintoek khohnin ah hlangyong neh rhaengnaeng om pawh. Ka poeh tih ka pom te ka thunkha loh a khah coeng.

< বিলাপ-গাথা 2 >