< বিচারকচরিত 1 >
1 ১ যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
По смерти Иисуса вопрошали сыны Израилевы Господа, говоря: кто из нас прежде пойдет на Хананеев - воевать с ними?
2 ২ উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”
И сказал Господь: Иуда пойдет; вот, Я предаю землю в руки его.
3 ৩ এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
Иуда же сказал Симеону, брату своему: войди со мною в жребий мой, и будем воевать с Хананеями; и я войду с тобою в твой жребий. И пошел с ним Симеон.
4 ৪ যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
И пошел Иуда, и предал Господь Хананеев и Ферезеев в руки их, и побили они из них в Везеке десять тысяч человек.
5 ৫ বেজকত তেওঁলোকে অদুনী বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
В Везеке встретились они с Адони-Везеком, сразились с ним и разбили Хананеев и Ферезеев.
6 ৬ কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
Адони-Везек побежал, но они погнались за ним и поймали его и отсекли большие пальцы на руках его и на ногах его.
7 ৭ তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
Тогда сказал Адони-Везек: семьдесят царей с отсеченными на руках и на ногах их большими пальцами собирали крохи под столом моим; как делал я, так и мне воздал Бог. И привели его в Иерусалим, и он умер там.
8 ৮ যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
И воевали сыны Иудины против Иерусалима и взяли его, и поразили его мечом и город предали огню.
9 ৯ তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
Потом пошли сыны Иудины воевать с Хананеями, которые жили на горах и на полуденной земле и на низменных местах.
10 ১০ তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
И пошел Иуда на Хананеев, которые жили в Хевроне имя же Хеврону было прежде Кириаф-Арбы, и поразили Шешая, Ахимана и Фалмая от рода Енакова.
11 ১১ তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
Оттуда пошел он против жителей Давира; имя Давиру было прежде Кириаф-Сефер.
12 ১২ কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”
И сказал Халев: кто поразит Кириаф-Сефер и возьмет его, тому отдам Ахсу, дочь мою, в жену.
13 ১৩ তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
И взял его Гофониил, сын Кеназа, младшего брата Халевова, и Халев отдал в жену ему Ахсу, дочь свою.
14 ১৪ অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
Когда надлежало ей идти, Гофониил научил ее просить у отца ее поле, и она сошла с осла. Халев сказал ей: что тебе?
15 ১৫ তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
Ахса сказала ему: дай мне благословение; ты дал мне землю полуденную, дай мне и источники воды. И дал ей Халев по желанию ее источники верхние и источники нижние.
16 ১৬ মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
И сыны Иофора Кенеянина, тестя Моисеева, пошли из города Пальм с сынами Иудиными в пустыню Иудину, которая на юг от Арада, и пришли и поселились среди народа.
17 ১৭ যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
И пошел Иуда с Симеоном, братом своим, и поразили Хананеев, живших в Цефафе, и предали его заклятию, и оттого называется город сей Хорма.
18 ১৮ যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
Иуда взял также Газу с пределами ее, Аскалон с пределами его, и Екрон с пределами его и Азот с окрестностями его.
19 ১৯ যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
Господь был с Иудою, и он овладел горою; но жителей долины не мог прогнать, потому что у них были железные колесницы.
20 ২০ মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।
И отдали Халеву Хеврон, как говорил Моисей, и получил он там в наследие три города сынов Енаковых и изгнал оттуда трех сынов Енаковых.
21 ২১ কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
Но Иевусеев, которые жили в Иерусалиме, не изгнали сыны Вениаминовы, и живут Иевусеи с сынами Вениамина в Иерусалиме до сего дня.
22 ২২ যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
И сыны Иосифа пошли также на Вефиль, и Господь был с ними.
23 ২৩ তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
И остановились и высматривали сыны Иосифовы Вефиль имя же городу было прежде Луз.
24 ২৪ পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
И увидели стражи человека, идущего из города, и взяли его и сказали ему: покажи нам вход в город, и сделаем с тобою милость.
25 ২৫ তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
Он показал им вход в город, и поразили они город мечом, а человека сего и все родство его отпустили.
26 ২৬ তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
Человек сей пошел в землю Хеттеев, и построил там город и нарек имя ему Луз. Это имя его до сего дня.
27 ২৭ মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
И Манассия не выгнал жителей Бефсана и зависящих от него городов, Фаанаха и зависящих от него городов, жителей Дора и зависящих от него городов, жителей Ивлеама и зависящих от него городов, жителей Мегиддона и зависящих от него городов; и остались Хананеи жить в земле сей.
28 ২৮ পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
Когда Израиль пришел в силу, тогда сделал он Хананеев данниками, но изгнать не изгнал их.
29 ২৯ ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।
И Ефрем не изгнал Хананеев, живущих в Газере; и жили Хананеи среди их в Газере и платили им дань.
30 ৩০ জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
И Завулон не изгнал жителей Китрона и жителей Наглола, и жили Хананеи среди их и платили им дань.
31 ৩১ আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।
И Асир не изгнал жителей Акко которые платили ему дань, и жителей Дора и жителей Сидона и Ахлава, Ахзива, Хелвы, Афека и Рехова.
32 ৩২ তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।
И жил Асир среди Хананеев, жителей земли той, ибо не изгнал их.
33 ৩৩ নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
И Неффалим не изгнал жителей Вефсамиса и жителей Бефанафа и жил среди Хананеев, жителей земли той; жители же Вефсамиса и Бефанафа были его данниками.
34 ৩৪ ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।
И стеснили Аморреи сынов Дановых в горах, ибо не давали им сходить на долину.
35 ৩৫ ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
И остались Аморреи жить на горе Херес где медведи и лисицы, в Аиалоне и Шаалвиме; но рука сынов Иосифовых одолела Аморреев, и сделались они данниками им.
36 ৩৬ ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।
Пределы Аморреев от возвышенности Акравим и от Селы простирались и далее.