< বিচারকচরিত 9 >

1 যিৰুব্বালৰ পুত্র অবীমেলকে চিখিমলৈ নিজৰ মোমায়েকহঁতৰ ওচৰলৈ গ’ল আৰু তেওঁলোকৰ সৈতে মাকৰ পৰিয়ালৰ আনবোৰ ফৈদকে ক’লে,
Abimelech son of Jerub Baal went to his mother's relatives at Shechem and he said to them and to the whole clan of his mother's family,
2 “দয়া কৰি চিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক: ‘আপোনালোকৰ কাৰণে কোনটো ভাল? যিৰুব্বালৰ সত্তৰজন পুত্র আপোনালোকৰ শাসনকর্তা হ’ব নে এজনে শাসন কৰা ভাল?’ পাহৰি নাযাব, মই আপোনালোকৰে হাড় আৰু মঙহ।”
“Please say this, so that all the leaders in Shechem may hear, 'Which is better for you, that all seventy sons of Jerub Baal rule over you, or that just one rule over you?' Remember that I am your bone and your flesh.”
3 তেতিয়া অবীমেলকৰ মাকৰ পৰিয়ালবোৰে তেওঁৰ হৈ চিখিমৰ নেতাসকলৰ আগত কথা কোৱাত তেওঁলোকে অবীমেলকৰ পক্ষত থাকিবলৈ একমত হ’ল। তেওঁলোকে ক’লে “অবীমেলক আমাৰে ভাই।”
His mother's relatives spoke for him to the leaders of Shechem, and they agreed to follow Abimelech, for they said, “He is our brother.”
4 তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু: সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।
They gave him seventy pieces of silver out of the house of Baal-Berith, and Abimelech used it to hire men of lawless and reckless character, who followed him.
5 অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।
Abimelech went to his father's house at Ophrah, and upon one stone he murdered his seventy brothers, the sons of Jerub Baal. Only Jotham was left, the youngest son of Jerub Baal, for he hid himself.
6 তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
All the leaders of Shechem and Beth Millo came together and they went and made Abimelech king, beside the oak near the pillar which is in Shechem.
7 যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব।
When Jotham was told about this, he went and stood on the top of Mount Gerizim. He shouted and said to them, “Listen to me, you leaders of Shechem, so that God may listen to you.
8 এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জিত গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’
The trees once went out to anoint a king over them. For they said to the olive tree, 'Reign over us.'
9 কিন্তু জিত গছে সিহঁতক ক’লে, ‘মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে?’
But the olive tree said to them, 'Should I give up my oil, which is used to honor gods and mankind, so I may go return, just to sway over the other trees?'
10 ১০ গছবোৰে ডিমৰু গছক ক’লে, ‘আহাঁ তুমিয়েই আমাৰ ৰজা হোৱা।’
The trees said to the fig tree, 'Come and reign over us.'
11 ১১ কিন্তু ডিমৰু গছে সিহঁতক ক’লে, ‘মই জানো মোৰ মিঠা সোৱাদ আৰু উত্তম ফল ত্যাগ কৰি আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যাম?’
But the fig tree said to them, 'Should I give up my sweetness and my good fruit, just so I could return and sway over the other trees?'
12 ১২ পাছে গছবোৰে দ্ৰাক্ষালতাক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
The trees said to the vine, 'Come and reign over us.'
13 ১৩ কিন্তু দ্ৰাক্ষালতাই সিহঁতক ক’লে, ‘মোৰ যি ন-ৰসে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে?
The vine said to them, 'Should I give up my new wine, which cheers gods and mankind, and return and sway over the other trees?'
14 ১৪ তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
Then said all the trees to the thornbush, 'Come and reign over us.'
15 ১৫ কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্রয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানোনৰ এৰচ গছবোৰকো পুৰি পেলাব।’
The thornbush said to the trees, 'If you truly want to anoint me as king over you, then come and find safety under my shade. If not, then let fire come out of the thornbush and let it burn up the cedars of Lebanon.'
16 ১৬ এতিয়া সেয়ে শুনক, অবীমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কার্য কৰিছে? আপোনালোকে জানো যিৰুব্বাল আৰু তেওঁৰ পৰিয়ালৰ প্রতি সুবিচাৰ কৰিছে?
Now therefore, if you have acted in truth and honesty, when you made Abimelech king, and if you have done well concerning Jerub Baal and his house, and if you have punished him as he deserves—
17 ১৭ মোৰ পিতৃয়ে আপোনালোকৰ কাৰণে যুদ্ধ কৰিলে, তেওঁ নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি মিদিয়নীয়াসকলৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিলে;
—and to think that my father fought for you, risked his life, and rescued you out of the hand of Midian—
18 ১৮ কিন্তু আজি আপোনালোকে মোৰ পিতৃ-বংশৰ বিৰুদ্ধে বিদ্রোহ কৰিছে; একেটা শিলৰ ওপৰতে তেওঁৰ সত্তৰজন পুত্রক বধ কৰিলে আৰু তেওঁৰ দাসীৰ পুত্র অবীমেলকক চিখিমৰ লোক সকলৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়।
but today you have risen up against my father's house and have killed his sons, seventy persons, upon one stone. Then you have made Abimelech, the son of his female servant, king over the leaders of Shechem, because he is your relative.
19 ১৯ আজি যদি আপোনালোকে যিৰুব্বাল আৰু তেওঁৰ বংশলৈ ন্যায়পৰায়ণতা আৰু সততাৰে কার্য কৰি থাকে, তেন্তে অবীমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেৱোঁ আপোনালোকত আনন্দ কৰক।
If you acted with honesty and integrity with Jerub Baal and his house, then you should rejoice in Abimelech, and let him also rejoice in you.
20 ২০ কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”
But if not, let fire come out from Abimelech and burn up the men of Shechem and Beth Millo. Let fire come out from the men of Shechem and Beth Millo, to burn up Abimelech.”
21 ২১ ইয়াকে কৈ যোথমে ল’ৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ’ল। তেওঁ নিজৰ ভায়েক অবীমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে।
Jotham fled and ran away, and he went to Beer. He lived there because it was far away from Abimelech, his brother.
22 ২২ অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।
Abimelech ruled over Israel for three years.
23 ২৩ তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।
God sent an evil spirit between Abimelech and the leaders of Shechem. The leaders of Shechem betrayed the trust they had with Abimelech.
24 ২৪ ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।
God did this so the violence done to the seventy sons of Jerub Baal might be avenged, and Abimelech their brother would be held responsible for murdering them, and the men of Shechem would be held responsible because they helped him murder his brothers.
25 ২৫ সেয়ে চিখিমৰ লোকসকলে অবীমেলকৰ বিৰুদ্ধে পাহাৰৰ ওপৰত মানুহ ৰাখিলে আৰু তেওঁলোকে লুকাই থাকি সেই পথেৰে যিসকল লোক যায় তেওঁলোকক লুট-পাট কৰে। এই বিষয়ে অবীমেলকক জনোৱা হ’ল।
So the leaders of Shechem positioned men to lie in wait on the hilltops that they might ambush him, and they robbed all who passed by them along that road. This was reported to Abimelech.
26 ২৬ সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি-কুতুম্বসকলৰ সৈতে চিখিমলৈ আহিল আৰু চিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে।
Gaal son of Ebed came with his relatives and they went over to Shechem. The leaders of Shechem had confidence in him.
27 ২৭ তেওঁলোকে খেতিলৈ গৈ দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
They went out into the field and gathered grapes from the vineyards, and they trampled on them. They held a festival in the house of their god, where they ate and drank, and they cursed Abimelech.
28 ২৮ এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?
Gaal son of Ebed, said, “Who is Abimelech, and who is Shechem, that we should serve him? Is he not the son of Jerub Baal? Is Zebul not his officer? Serve the men of Hamor, Shechem's father! Why should we serve Abimelech?
29 ২৯ এই লোকসকল মোৰ বশত থকাহেতেঁন কেনে ভাল হ’লহেতেন! তেতিয়াতো মই অবীমেলকক দুৰ কৰি দিলোঁহেঁতেন। তেওঁ অবীমেলকক সকলো সৈন্য লৈ আহিবলৈ ক’লে।”
I wish that this people were under my command! Then would I remove Abimelech. I would say to Abimelech, 'Call out all your army.'”
30 ৩০ এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।
When Zebul, the official of the city, heard the words of Gaal son of Ebed his anger was kindled.
31 ৩১ তেতিয়া তেওঁ অবীমেলকৰ গুৰিলৈ বার্তাবাহকৰ দ্বাৰাই কৈ পঠালে, “এবদৰ পুতেক গাল আৰু তেওঁৰ জ্ঞাতি-কুতুম্বসকলে চিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে।
He sent messengers to Abimelech in order to deceive, saying, “See, Gaal son of Ebed and his relatives are coming to Shechem, and they are stirring up the city against you.
32 ৩২ সেয়ে, আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব।
Now, get up during the night, you and the soldiers with you, and prepare an ambush in the fields.
33 ৩৩ পাছদিনা ৰাতিপুৱা সুৰ্য্য উদয় হোৱা মাত্ৰেই আপোনালোকে উঠি আহি নগৰ আক্ৰমণ কৰিব; যেতিয়া গাল আৰু তেওঁৰ লোকসকল আপোনাৰ বিৰুদ্ধে ওলাই আহিব, তেতিয়া আপোনালোকে যিহকে কৰিব পাৰে তাকে তেওঁলোকলৈ কৰিব।”
Then in the morning, as soon as the sun is up, rise early and make a raid on the city. When he and the people with him come out against you, do whatever you can to them.”
34 ৩৪ যেতিয়া, অবীমেলক আৰু তেওঁৰ সকলো সৈন্যদলে ৰাতিতে উঠিল আৰু চাৰিটা দলত ভাগ হৈ চিখিমৰ ওচৰত লুকাই থকিল।
So Abimelech got up during the night, he and all the men who were with him, and they set an ambush against Shechem—dividing into four units.
35 ৩৫ নগৰৰ পৰা ওলাই আহি এবদৰ পুতেক গাল প্রৱেশদ্বাৰৰ ওচৰত থিয় হৈ আছিল। তেনেতে অবীমেলক আৰু তেওঁৰ সৈন্যসকল লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।
Gaal son of Ebed went out and stood in the entrance of the city gate. Abimelech and the men who were with him came out of their hiding place.
36 ৩৬ গালে তেওঁলোকক দেখি জবুলক ক’লে, “চাওঁক, পাহাৰৰ ওপৰৰ পৰা লোক সমূহ নামি আহিছে!” জবুলে উত্তৰত ক’লে, “আপুনি পাহাৰৰ ছাঁবোৰকে মানুহ যেন দেখিছে।”
When Gaal saw the men, he said to Zebul, “See, men are coming down from the hilltops!” Zebul said to him, “You are seeing the shadows on the hills like they are men.”
37 ৩৭ কিন্তু গালে পুনৰায় ক’লে, “চাওঁক, লোকসকল দেশৰ মধ্যস্থানলৈ নামি আহিছে; আৰু এটা দল মোনইনীমৰ বাটেদি আহিছে।”
Gaal spoke again and said, “Look, men are coming down in the middle of the land, and one unit is coming by way of the oak of the diviners.”
38 ৩৮ তেতিয়া জবুলে তেওঁক ক’লে, “এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ’ল? আপুনিয়ে কৈছিলে, ‘অবীমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম?’ এই লোকসকলকেই আপুনি তুচ্ছ জ্ঞান কৰা নাছিল নে? এতিয়া ওলাই গৈ তেওঁলোকৰে সৈতে যুদ্ধ কৰক।”
Then Zebul said to him, “Where are your proud words now, you who said, 'Who is Abimelech that we should serve him?' Are these not the men you despised? Go out now and fight against them.”
39 ৩৯ তেতিয়া চিখিমৰ নেতা গালে লোকসকলক পৰিচালনা কৰি বাহিৰলৈ ওলাই গ’ল, আৰু অবীমেলকেৰে সৈতে যুদ্ধ কৰিলে।
Gaal went out and he was leading the men of Shechem, and he fought Abimelech.
40 ৪০ অবীমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ’ল; আৰু তেওঁৰ দলৰ অনেকেই নগৰৰ প্ৰৱেশ দুৱাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল।
Abimelech chased him, and Gaal fled before him. Many fell with deadly wounds before the entrance to the city gate.
41 ৪১ অবীমেলক অৰূমাত থাকিল আৰু জবুলে চিখিমৰ পৰা গাল আৰু তেওঁৰ জ্ঞাতি-কুটুম্বসকলক খেদি বাহিৰ কৰি দিলে।
Abimelech stayed in Arumah. Zebul forced Gaal and his relatives out of Shechem.
42 ৪২ পাছদিনাখন চিখিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ’ল আৰু এই বাতৰি অবীমেলকক জনোৱা হ’ল।
On the next day the people of Shechem went out into the field, and this was reported to Abimelech.
43 ৪৩ অবীমেলকে তেওঁৰ লোকসকলক লৈ তিনিটা দলত ভাগ কৰি খেতিৰ মাজত লুকাই থাকিল; যেতিয়া নগৰৰ পৰা লোক সমূহক বাহিৰ হৈ অহা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক আক্রমণ কৰি বধ কৰিলে।
He took his people, divided them into three units, and they set an ambush in the fields. He looked and saw the people coming out from the city and he attacked and killed them.
44 ৪৪ অবীমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্রৱেশ-দুৱাৰৰ ওচৰত থিয় হৈ থাকিল; আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে।
Abimelech and the units that were with him attacked and blocked the entrance to the city gate. The other two units attacked all who were in the field and killed them.
45 ৪৫ সেইদিনা ওৰে দিনটো অবীমেলকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে আৰু সেই ঠাইৰ লোক সমূহক বধ কৰি নগৰ অধিকাৰ কৰিলে। তাৰ পাছত নগৰৰ দেৱাল ধ্বংস কৰি তাৰ ওপৰত নিমখ চতিয়াই দিলে।
Abimelech fought against the city all that day. He captured the city, and killed the people who were in it. He tore down the city walls and spread salt over it.
46 ৪৬ এই খবৰ শুনি চিখিমৰ দুৰ্গৰ নেতাসকলে এল-বৰীৎ দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ।
When all the leaders of the tower of Shechem heard of it, they entered the stronghold of the house of El-Berith.
47 ৪৭ অবীমেলকে যেতিয়া শুনিলে যে লোকসকলে চিখিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে,
Abimelech was told that all the leaders had gathered together at the tower of Shechem.
48 ৪৮ তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”
Abimelech went up to Mount Zalmon, he and all the men who were with him. Abimelech took an ax and cut off branches. He put it on his shoulder and ordered the men with him, “What you have seen me do, hurry and do as I have done.”
49 ৪৯ সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।
So every one cut off branches and followed Abimelech. They piled them against the wall of the tower, and they set it on fire, so that all the people of the tower of Shechem also died, about a thousand men and women.
50 ৫০ তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে।
Then Abimelech went to Thebez, and he encamped against Thebez and captured it.
51 ৫১ সেই নগৰৰ ভিতৰত এটা দৃঢ় দুৰ্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ।
But there was a strong tower in the city, and all the men and women and all the leaders of the city fled to it and shut themselves in. Then they went up to the roof of the tower.
52 ৫২ অবীমেলকে সেই দুর্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে; তেওঁ দুৰ্গত জুই লগাবৰ বাবে দুৰ্গৰ দুৱাৰৰ ওচৰলৈকে আহিল।
Abimelech came to the tower and fought against it, and he came up near to the door of the tower to burn it.
53 ৫৩ কিন্তু তাত এগৰাকী মহিলাই জাঁতৰ ওপৰৰ শিলচটা লৈ অবীমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁৰ মূৰৰ খোলা ভাঙিলে।
But a woman dropped an upper millstone on Abimelech's head and it cracked his skull.
54 ৫৪ তেতিয়া অবীমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্রবহনকাৰী যুবকক মাতি ক’লে, “তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা যাতে কোনেও মোৰ বিষয়ে এইদৰে ক’ব নোৱাৰে যে ‘এগৰাকী মহিলাই মোক বধ কৰিলে’।” তেতিয়া সেই যুবকে তেওঁক তৰোৱালেৰে খুচিলে আৰু তেওঁৰ মৃত্যু হ’ল।
Then he called urgently to the young man who was his armor-bearer, and said to him, “Draw your sword and kill me, so no one will say about me, 'A woman killed him.'” So his young man pierced him through, and he died.
55 ৫৫ অবীমেলকৰ মৃত্যু হোৱা দেখি ইস্ৰায়েলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ’ল।
When the men of Israel saw that Abimelech was dead, they went home.
56 ৫৬ এই দৰে সত্তৰজন ভায়েকক বধ কৰি অবীমেলকে নিজৰ বাপেকৰ বিৰুদ্ধে যি কুকৰ্ম কৰিলে, ঈশ্বৰে তাৰ সমুচিত দণ্ড তেওঁক দিলে।
So God avenged the evil of Abimelech that he did to his father by murdering his seventy brothers.
57 ৫৭ চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।
God made all the evil of the men of Shechem turn back on their own heads and on them came the curse of Jotham son of Jerub Baal.

< বিচারকচরিত 9 >