< বিচারকচরিত 8 >
1 ১ ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
Muži pak Efraim řekli jemu: Co jsi nám to učinil, že jsi nepovolal nás, když jsi táhl k boji proti Madianským? A tuze se na něj domlouvali.
2 ২ তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
Jimž odpověděl: Zdaž jsem co takového provedl, jako vy? Zdaliž není lepší paběrování Efraimovo, než vinobraní Abiezerovo?
3 ৩ ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
V ruce vaše dal Bůh knížata Madianská Goréba a Zéba, a co jsem já mohl takového učiniti, jako vy? I spokojil se duch jejich k němu, když mluvil ta slova.
4 ৪ গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
Když pak přišel Gedeon k Jordánu, přešel jej, a tři sta mužů, kteříž byli s ním, ustalí, honíce nepřátely.
5 ৫ সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
Protož řekl mužům Sochot: Dejte, prosím, po pecníku chleba lidu, kterýž za mnou jde, nebo ustali, a já honím Zebaha a Salmuna, krále ty Madianské.
6 ৬ তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
I řekl jemu jeden z knížat Sochot: Což již moc Zebahova a Salmunova jest v ruce tvé, abychom dali vojsku tvému chleba?
7 ৭ তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
Jimž řekl Gedeon: Z té příčiny, když dá Hospodin Zebaha a Salmuna v ruku mou, tehdy zmrskám těla vaše trním a bodláčím z pouště té.
8 ৮ তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
I táhl odtud do Fanuel, a podobně mluvil k nim, ale obyvatelé Fanuel odpověděli jemu tolikéž, jako muži Sochot.
9 ৯ তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
I řekl obyvatelům Fanuel: Když se navrátím v pokoji, zbořím věži tuto.
10 ১০ সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
Zebah pak a Salmun byli v Karkara spolu s vojsky svými, takměř patnácte tisíců, všickni, což jich bylo pozůstalo ze všeho vojska národů východních, zbitých pak bylo sto a dvadceti tisíc mužů bojovníků.
11 ১১ পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
I táhna Gedeon cestou bydlících v staních od východní strany Nobe a Jegbaa, udeřil na to vojsko, kteréžto vojsko sobě počínalo bezpečně.
12 ১২ জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
Když pak utíkali Zebah a Salmun, honil je, a jal oba dva ty krále Madianské, Zebaha a Salmuna, a všecko vojsko jejich předěsil.
13 ১৩ তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
I navracel se Gedeon syn Joasův z bitvy před východem slunce.
14 ১৪ গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
I jav mládence z obyvatelů Sochotských, vyptával se ho; kterýž sepsal mu knížata Sochot a starší jeho, sedmdesáte sedm mužů.
15 ১৫ গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
Přišed pak k obyvatelům Sochot, řekl: Aj, Zebah a Salmun, pro něž jste mi utrhali, řkouce: Zdali moc Zebaha a Salmuna jest v ruce tvé, abychom dali ustalým mužům tvým chleba?
16 ১৬ এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে।
Protož vzav starší města a trní s bodláčím z pouště té, dal na nich příklad jiným mužům Sochot.
17 ১৭ তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
I věži Fanuel rozbořil, a pobil muže města.
18 ১৮ তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
Potom řekl Zebahovi a Salmunovi: Jací to byli muži, kteréž jste pobili na hoře Tábor? Odpověděli oni: Takoví jako ty, jeden každý na pohledění byl jako syn královský.
19 ১৯ গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
I dí: Bratří moji, synové matky mé byli. Živť jest Hospodin, byste byli živili je, nepobil bych vás.
20 ২০ তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
Tedy řekl k Jeter prvorozenému svému: Vstaň, pobí je. Ale mládenček nevytáhl meče svého, proto že se bál, nebo byl ještě mládenček.
21 ২১ তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
I řekl Zebah a Salmun: Vstaň ty a oboř se na nás, nebo jaký jest muž, taková i síla jeho. Vstav tedy Gedeon, zabil Zebaha a Salmuna, a vzal halže, kteréž byly na hrdlech velbloudů jejich.
22 ২২ পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
Potom řekli muži Izraelští Gedeonovi: Panuj nad námi i ty i syn tvůj, také syn syna tvého, nebo vysvobodil jsi nás z ruky Madianských.
23 ২৩ তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
I odpověděl jim Gedeon: Nebuduť já panovati nad vámi, aniž panovati bude nad vámi syn můj, Hospodin panovati bude nad vámi.
24 ২৪ গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
Řekl jim také Gedeon: Žádost tuto vzložím toliko na vás, abyste mi dali jeden každý náušnici z loupeží svých; (nebo náušnice zlaté měli, proto že Izmaelitští byli.)
25 ২৫ তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
I odpověděli: Rádi dáme. A prostřevše roucho, metali na ně každý náušnici z loupeží svých.
26 ২৬ তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
Byla pak váha náušnic zlatých, kteréž vyžádal, tisíc a sedm set lotů zlata, kromě halží a zlatých jableček, i roucha šarlatového, kteréž na sobě měli králové Madianští, a kromě halží, kteréž byly na hrdlech velbloudů jejich.
27 ২৭ তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
I udělal z toho Gedeon efod, a složil jej v městě svém Ofra. I smilnil tam všecken Izrael, chodě za ním, a byl Gedeonovi i domu jeho osídlem.
28 ২৮ এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
Madianští pak sníženi jsou před syny Izraelskými, aniž potom pozdvihli hlavy své; a tak byla v pokoji země za čtyřidceti let ve dnech Gedeonových.
29 ২৯ তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
A odšed Jerobál syn Joasův, přebýval v domě svém.
30 ৩০ গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
Měl pak Gedeon sedmdesáte synů, kteříž pošli z bedr jeho; nebo měl žen mnoho.
31 ৩১ চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
Ženina také jeho, kterouž měl v Sichem, i ta porodila jemu syna, a dala mu jméno Abimelech.
32 ৩২ যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্রাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ’ল।
A když umřel Gedeon syn Joasův v starosti dobré, pochován jest v hrobě Joasa otce svého v Ofra Abiezeritského.
33 ৩৩ গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
Stalo se pak po smrti Gedeonově, že se odvrátili synové Izraelští a smilnili, jdouce za modlami, a vzali sobě Bále Berit za boha.
34 ৩৪ তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
A nerozpomenuli se synové Izraelští na Hospodina Boha svého, kterýž je vytrhl z ruky všech nepřátel jejich vůkol.
35 ৩৫ যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।
A neučinili milosrdenství s domem Jerobále Gedeona, jako on všecko dobré činil Izraelovi.