< বিচারকচরিত 7 >
1 ১ যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
И урани Јеровал, то је Гедеон, и сав народ што беше с њим, и стадоше у логор код извора Арода; а војска мадијанска беше му са севера крај горе Мореха у долини.
2 ২ যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
А Господ рече Гедеону: Много је народа с тобом, зато им нећу дати Мадијане у руке, да се не би хвалио Израиљ супрот мени говорећи: Моја ме рука избави.
3 ৩ সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”
Него сада огласи да чује народ и реци: Ко се боји и кога је страх, нека се врати и нек иде одмах ка гори Галаду. И врати се из народа двадесет и две хиљаде; а десет хиљада оста.
4 ৪ যিহোৱাই গিদিয়োনক ক’লে, “এতিয়াও লোকসকল অধিক আছে; তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাচনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক’ম এইজন লোক তোমাৰ লগত যাব, তেওঁ যাব; কিন্তু যদি মই কওঁ, এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব।”
Опет рече Господ Гедеону: Још је много народа; сведи их на воду, и онде ћу ти их пребрати; за ког ти год кажем: Тај нека иде с тобом, нека иде с тобом; а за кога ти год кажем: Тај нека не иде с тобом, нека не иде.
5 ৫ তেতিয়া গিদিয়োনে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ’ল। তাতে যিহোৱাই গিদিয়োনক ক’লে, “যি সকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব তেওঁলোকৰ পৰা যি সকলে পানী পিবৰ কাৰণে আঠু কাঢ়িব তেওঁলোকক পৃথক কৰা।”
И сведе народ на воду; а Господ рече Гедеону: Који стане лаптати језиком воду, као што лапће пас, метни га на страну; тако и сваког који клекне на колена да пије.
6 ৬ তিনি শ মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল’লে।
И оних који лапташе, руком својом к устима принесавши воду, беше три стотине људи; а сав остали народ клече на колена своја да пију воде.
7 ৭ তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
Тада рече Господ Гедеону: С тих триста људи који лапташе воду избавићу вас и предаћу ти у руке Мадијане; нека дакле одлази сав овај народ свако на своје место.
8 ৮ সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।
И народ узе брашњенице и трубе; и Гедеон отпусти све људе Израиљце да иду сваки у свој шатор, а оних триста људи задржа. А логор мадијански беше ниже њега у долини.
9 ৯ সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলোঁ।
И ону ноћ рече му Господ: Устани, сиђи у логор, јер ти га дадох у руке.
10 ১০ যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।
Ако ли се бојиш сам сићи, сиђи у логор са Фуром момком својим,
11 ১১ সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
И чућеш шта говоре, па ће ти осилити руке и ударићеш на логор. И сиђе он и Фура момак његов до краја војске која беше у логору.
12 ১২ সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
А Мадијани и Амалици и сав народ источни лежаху по долини као скакавци, тако их беше много; и камилама њиховим не беше броја; беше их много као песка по брегу морском,
13 ১৩ গিদিয়োন যেতিয়া সেই ঠাইত উপস্থিত হ’ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক’লে, “মই এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিদিয়নীয়াসকলৰ ছাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিদিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো উলোটা হৈ চেপেটা খাই পৰিল।”
И кад дође Гедеон, а то један приповедаше другу свом сан и говораше: Гле усних, а то печен хлеб јечмен котрљаше се к логору мадијанском и дође до шатора и стаде ударати о њих, те падаху, и испремета их, и попадаше шатори.
14 ১৪ লগৰীয়াজনে ক’লে, “এইটো ইস্ৰায়েলীয়া যোৱাচৰ পুত্ৰ গিদিয়োনৰ তৰোৱালৰ বাহিৰে আন একো নহয়; ঈশ্বৰে মিদিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়োনৰ হাতত তুলি দিছে।”
А друг му одговори и рече: То није друго него мач Гедеона сина Јоасовог човека Израиљца; предао му је у руке Бог Мадијане и сав овај логор.
15 ১৫ গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”
И кад Гедеон чу како онај приповеди сан и како га овај истумачи, поклони се и врати се у логор израиљски и рече: Устајте, јер вам даде Господ у руке логор мадијански.
16 ১৬ সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
Потом раздели триста људи у три чете, и даде свакоме по трубу у руку и по празан жбан и по луч у жбан.
17 ১৭ তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।
И рече им: На мене гледајте, па тако чините; гле, је ћу доћи на крај логора, па шта ја ушчиним, то чините.
18 ১৮ মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”
Кад ја затрубим у трубу и сви који буду са мном, тада и ви затрубите у трубе око свега логора, и вичите: Мач Господњи и Гедеонов.
19 ১৯ মধ্যপ্ৰহৰৰ আৰম্ভণীতে মিদিয়নীয়াসকলে যেতিয়া সুৰক্ষাপ্রহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়োন আৰু তেওঁৰ লগৰ এশ লোকে ছাউনিৰ কাষলৈ গ’ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলহবোৰ ভাঙি পেলালে।
И дође Гедеон и сто људи што беху с њим на крај логора, у почетак средње страже, истом беху променили стражу; а они затрубеше у трубе и полупаше жбанове које имаху у рукама.
20 ২০ এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
Тако три чете затрубише у трубе и полупаше жбанове, и држаху у левој руци лучеве а у десној трубе трубећи, и повикаше: Мач Господњи и Гедеонов.
21 ২১ গিদিয়োনৰ লোকসকল ছাউনিৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল। তেতিয়া সকলো মিদিয়নীয়া সৈন্যই লৰা-ঢাপৰা কৰি চিঞঁৰি পলাবলৈ ধৰিলে।
И стадоше сваки на свом месту око војске; а сва се војска смете и стадоше викати и бежати.
22 ২২ তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
А кад затрубише у трубе оних три стотине, Господ обрати мач свакоме на друга његовог по свему логору, те побеже војска до Вет-Асете, у Зерерат, до обале авел-меолске код Тавата.
23 ২৩ তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি ফৈদৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।
А Израиљци из племена Нефталимовог и Асирова и из свега племена Манасијиног стекоше се и гонише Мадијане.
24 ২৪ পাছত গিদিয়োনে ইফ্ৰয়িমৰ পাহাৰীয়া এলেকাৰ সকলো ফালে বার্তাবাহক পঠাই ক’লে, “আপোনালোক নামি আহঁক আৰু মিদিয়নৰ বিৰুদ্ধে আক্রমণ কৰক। মিদিয়নীয়াসকল গৈ পোৱাৰ আগেয়ে সিহঁতক ভেটিবলৈ বৈৎ-বাৰা পর্যন্ত আৰু যৰ্দ্দন নদী দখল কৰি লওঁক।” তেতিয়া ইফ্ৰয়িমৰ সকলো লোকে গোট খাই বৈৎ-বাৰালৈকে সকলো সৰু সৰু নদী আৰু যৰ্দ্দনৰ পাৰ-ঘাট দখল কৰি ল’লে।
И Гедеон посла гласнике по свој гори Јефремовој говорећи: Сиђите пред Мадијане и ухватите им воде до Ветваре дуж Јордана. И стекоше се сви људи из племена Јефремовог и ухватише воде до Ветваре дуж Јордана.
25 ২৫ তেওঁলোকে ওৰেব আৰু জেব নামৰ দুজন মিদিয়নীয়া নেতাক ধৰিলে; ওৰেবক ‘ওৰেবৰ শিলত’ বধ কৰিলে আৰু জেবক ‘জেবৰ দ্ৰাক্ষাগুটি মৰা ক্ষেত্র’ত বধ কৰিলে। তেওঁলোকে মিদিয়নীয়াসকলক খেদি পঠালে আৰু যৰ্দ্দনৰ সিপাৰে থকা গিদিয়োনৰ ওচৰলৈ ওৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।
И ухватише два кнеза мадијанска, Орива и Зива, и убише Орива на стени Оривовој, а Зива убише код теснаца Зивовог; и гонише Мадијане, и донесоше главу Оривову и Зивову ка Гедеону преко Јордана.