< বিচারকচরিত 6 >
1 ১ পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
Копиий луй Исраел ау фэкут че ну плэчя Домнулуй, ши Домнул й-а дат ын мыниле луй Мадиан тимп де шапте ань.
2 ২ মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।
Мына луй Мадиан а фост путерникэ ымпотрива луй Исраел. Ка сэ скапе де Мадиан, копиий луй Исраел фуӂяу ын вэгэуниле мунцилор, ын пештерь ши пе стынчь ынтэрите.
3 ৩ ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
Дупэ че семэна Исраел, Мадиан се суя ку Амалек ши фиий Рэсэритулуй ши порняу ымпотрива луй.
4 ৪ তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।
Тэбэрау ын фаца луй, нимичяу роаделе цэрий пынэ спре Газа ши ну лэсау ын Исраел нич меринде, нич ой, нич бой, нич мэгарь.
5 ৫ তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
Кэч се суяу ымпреунэ ку турмеле ши кортуриле лор, сосяу ка о мулциме де лэкусте, ерау фэрэ нумэр, ей ши кэмилеле лор, ши веняу ын царэ ка с-о пустияскэ.
6 ৬ মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।
Исраел а ажунс фоарте ненорочит дин причина луй Мадиан, ши копиий луй Исраел ау стригат кэтре Домнул.
7 ৭ ইস্ৰায়েলৰ সন্তান সকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।
Кынд копиий луй Исраел ау стригат кэтре Домнул дин причина луй Мадиан,
8 ৮ তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
Домнул а тримис копиилор луй Исраел ун пророк. Ел ле-а зис: „Аша ворбеште Домнул Думнезеул луй Исраел: ‘Еу в-ам скос дин Еӂипт, Еу в-ам скос дин каса робией.
9 ৯ মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
В-ам скэпат дин мына еӂиптенилор ши дин мына тутурор челор че вэ апэсау, й-ам изгонит динаинтя воастрэ ши в-ам дат воуэ цара лор.
10 ১০ মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
В-ам зис: «Еу сунт Домнул Думнезеул востру; сэ ну вэ темець де думнезеий аморицилор, ын а кэрор царэ локуиць.» Дар вой н-аць аскултат гласул Меу.’”
11 ১১ সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।
Апой а венит Ынӂерул Домнулуй ши С-а ашезат суб стежарул дин Офра, каре ера ал луй Иоас, дин фамилия луй Абиезер. Гедеон, фиул сэу, бэтя грыу ын тяск, ка сэ-л аскундэ де Мадиан.
12 ১২ এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
Ынӂерул Домнулуй и С-а арэтат ши й-а зис: „Домнул есте ку тине, витязуле!”
13 ১৩ গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”
Гедеон Й-а зис: „Рогу-те, домнул меу, дакэ Домнул есте ку ной, пентру че ни с-ау ынтымплат тоате ачесте лукрурь? Ши унде сунт тоате минуниле ачеля пе каре ни ле историсеск пэринций ноштри кынд спун: ‘Ну не-а скос оаре Домнул дин Еӂипт?’ Акум, Домнул не пэрэсеште ши не дэ ын мыниле луй Мадиан!”
14 ১৪ যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”
Домнул С-а уйтат ла ел ши а зис: „Ду-те ку путеря ачаста пе каре о ай ши избэвеште пе Исраел дин мына луй Мадиан. Оаре ну те тримит Еу?”
15 ১৫ গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”
Гедеон Й-а зис: „Рогу-те, домнул меу, ку че сэ избэвеск пе Исраел? Ятэ кэ фамилия мя есте чя май сэракэ дин Манасе ши еу сунт чел май мик дин каса татэлуй меу.”
16 ১৬ যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”
Домнул й-а зис: „Еу вой фи ку тине ши вей бате пе Мадиан ка пе ун сингур ом.”
17 ১৭ গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।
Гедеон Й-а зис: „Дакэ ам кэпэтат тречере ынаинтя Та, дэ-мь ун семн ка сэ-мь арэць кэ Ту ымь ворбешть.
18 ১৮ দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
Ну Те депэрта де аич пынэ мэ вой ынтоарче ла Тине сэ-мь адук дарул ши сэ-л пун ынаинтя Та.” Ши Домнул а зис: „Вой рэмыне пынэ те вей ынтоарче.”
19 ১৯ তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
Гедеон а интрат ын касэ, а прегэтит ун ед ши а фэкут азиме динтр-о ефэ де фэинэ. А пус карня ынтр-ун кош ши зяма а турнат-о ынтр-о оалэ, ле-а адус суб стежар ши И ле-а пус ынаинте.
20 ২০ তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।
Ынӂерул луй Думнезеу й-а зис: „Я карня ши азимиле, пуне-ле пе стынка ачаста ши варсэ зяма.” Ши ел а фэкут аша.
21 ২১ তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।
Ынӂерул Домнулуй а ынтинс вырфул тоягулуй пе каре-л авя ын мынэ ши а атинс карня ши азимиле. Атунч, с-а ридикат дин стынкэ ун фок каре а мистуит карня ши азимиле. Ши Ынӂерул Домнулуй С-а фэкут невэзут динаинтя луй.
22 ২২ গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”
Гедеон, вэзынд кэ фусесе Ынӂерул Домнулуй, а зис: „Вай де мине, Стэпыне Доамне! Ам вэзут пе Ынӂерул Домнулуй фацэ-н фацэ.”
23 ২৩ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”
Ши Домнул й-а зис: „Фий пе паче, ну те теме, кэч ну вей мури.”
24 ২৪ তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।
Гедеон а зидит аколо ун алтар Домнулуй ши й-а пус нумеле „Домнул пэчий”. Алтарул ачеста есте ши астэзь ла Офра, каре ера а фамилией луй Абиезер.
25 ২৫ সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।
Ын ачеяшь ноапте, Домнул а зис луй Гедеон: „Я вицелул татэлуй тэу ши ун алт таур де шапте ань. Дэрымэ алтарул луй Баал, каре есте ал татэлуй тэу, ши тае парул ынкинат Астартеей, каре есте дясупра.
26 ২৬ তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।
Сэ зидешть апой ши сэ ынтокмешть пе вырфул ачестей стынчь ун алтар Домнулуй Думнезеулуй тэу. Сэ ей таурул ал дойля ши сэ адучь о ардере-де-тот ку лемнул дин стылпул идолулуй пе каре-л вей тэя.”
27 ২৭ তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”
Гедеон а луат зече оамень динтре служиторий луй ши а фэкут че спусесе Домнул, дар, фииндкэ се темя де каса татэлуй сэу ши де оамений дин четате, а фэкут лукрул ачеста ноаптя, ну зиуа.
28 ২৮ ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ভতৰাটোৰ বলি উৎসর্গ কৰা হৈছে।
Кынд с-ау скулат оамений дин четате дис-де-диминяцэ, ятэ кэ алтарул луй Баал ера дэрымат, парул ынкинат идолулуй де дясупра луй ера тэят ши ал дойля таур ера адус ка ардере-де-тот пе алтарул каре фусесе зидит.
29 ২৯ তেতিয়া তেওঁলোকে এজনে আন জনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।
Ей шь-ау зис унул алтуя: „Чине а фэкут лукрул ачеста?” Ши ау ынтребат ши ау фэкут черчетэрь. Ли с-а спус: „Гедеон, фиул луй Иоас, а фэкут лукрул ачеста.”
30 ৩০ তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”
Атунч, оамений дин четате ау зис луй Иоас: „Скоате пе фиул тэу ка сэ моарэ, кэч а дэрымат алтарул луй Баал ши а тэят парул сфынт каре ера дясупра луй.”
31 ৩১ তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সঁচাই দেৱতা হয়, তেন্তে কোনোবাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”
Иоас а рэспунс тутурор челор че с-ау ынфэцишат ынаинтя луй: „Оаре датория воастрэ есте сэ апэраць пе Баал? Вой требуе сэ-й вениць ын ажутор? Орьчине ва луа апэраря луй Баал сэ моарэ пынэ диминяцэ. Дакэ Баал есте ун думнезеу, сэ-шь апере ел причина, фииндкэ й-ау дэрымат алтарул.”
32 ৩২ এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰুব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
Ын зиуа ачея ау пус луй Гедеон нумеле Иерубаал, кэч ау зис: „Апере-се Баал ымпотрива луй, фииндкэ й-а дэрымат алтарул.”
33 ৩৩ পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।
Тот Мадианул, Амалек ши фиий Рэсэритулуй с-ау стрынс ымпреунэ, ау трекут Йорданул ши ау тэбэрыт ын валя Изреел.
34 ৩৪ তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
Гедеон а фост ымбрэкат ку Духул Домнулуй; а сунат дин трымбицэ ши Абиезер а фост кемат ка сэ мяргэ дупэ ел.
35 ৩৫ তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।
А тримис соль ын тот Манасе, каре, де асеменя, а фост кемат сэ мяргэ дупэ ел. А тримис соль ын Ашер, ын Забулон ши ын Нефтали, каре с-ау суит сэ ле ясэ ынаинте.
36 ৩৬ তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,
Гедеон а зис луй Думнезеу: „Дакэ врей сэ избэвешть пе Исраел прин мына мя, кум ай спус,
37 ৩৭ তেন্তে চাওঁক, মই মৰণা মৰা খলাত মেৰ-ছাগৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”
ятэ, вой пуне ун вал де лынэ ын арие; дакэ нумай лына ва фи акоперитэ де роуэ, ши тот пэмынтул ва рэмыне ускат, вой куноаште кэ вей избэви пе Исраел прин мына мя, кум ай спус.”
38 ৩৮ পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।
Ши аша с-а ынтымплат. Ын зиуа урмэтоаре, ел с-а скулат дис-де-диминяцэ, а сторс лына ши а скос роуа дин еа, каре а дат ун пахар плин ку апэ.
39 ৩৯ তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।
Гедеон а зис луй Думнезеу: „Сэ ну Те апринзь де мыние ымпотрива мя ши ну вой май ворби декыт де дата ачаста. Аш вря нумай сэ май фак о ынчеркаре ку лына: нумай лына сэ рэмынэ ускатэ, ши тот пэмынтул сэ се акопере ку роуэ.”
40 ৪০ পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।
Ши Думнезеу а фэкут аша ын ноаптя ачея. Нумай лына а рэмас ускатэ, ши тот пэмынтул с-а акоперит ку роуэ.