< বিচারকচরিত 6 >

1 পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
Again the Israelites did evil in the sight of the LORD; so He delivered them into the hand of Midian for seven years,
2 মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।
and the hand of Midian prevailed against Israel. Because of the Midianites, the Israelites prepared shelters for themselves in the mountains, caves, and strongholds.
3 ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
Whenever the Israelites would plant their crops, the Midianites, Amalekites, and other people of the east would come up and invade them,
4 তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।
encamping against them as far as Gaza and destroying the produce of the land. They left Israel with no sustenance, neither sheep nor oxen nor donkeys.
5 তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
For the Midianites came with their livestock and their tents like a great swarm of locusts. They and their camels were innumerable, and they entered the land to ravage it.
6 মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।
Israel was greatly impoverished by Midian, and the Israelites cried out to the LORD.
7 ইস্ৰায়েলৰ সন্তান সকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।
Now when the Israelites cried out to the LORD because of Midian,
8 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
He sent them a prophet, who told them, “This is what the LORD, the God of Israel, says: I brought you up out of Egypt, out of the house of slavery.
9 মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
I delivered you out of the hands of Egypt and all your oppressors. I drove them out before you and gave you their land.
10 ১০ মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
And I said to you: ‘I am the LORD your God. You must not fear the gods of the Amorites, in whose land you dwell.’ But you did not obey Me.”
11 ১১ সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।
Then the angel of the LORD came and sat down under the oak in Ophrah that belonged to Joash the Abiezrite, where his son Gideon was threshing wheat in a winepress to hide it from the Midianites.
12 ১২ এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
And the angel of the LORD appeared to Gideon and said, “The LORD is with you, O mighty man of valor.”
13 ১৩ গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”
“Please, my Lord,” Gideon replied, “if the LORD is with us, why has all this happened to us? And where are all His wonders of which our fathers told us, saying, ‘Has not the LORD brought us up out of Egypt?’ But now the LORD has forsaken us and delivered us into the hand of Midian.”
14 ১৪ যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”
The LORD turned to him and said, “Go in the strength you have and save Israel from the hand of Midian. Am I not sending you?”
15 ১৫ গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”
“Please, my Lord,” Gideon replied, “how can I save Israel? Indeed, my clan is the weakest in Manasseh, and I am the youngest in my father’s house.”
16 ১৬ যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”
“Surely I will be with you,” the LORD replied, “and you will strike down all the Midianites as one man.”
17 ১৭ গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।
Gideon answered, “If I have found favor in Your sight, give me a sign that it is You speaking with me.
18 ১৮ দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
Please do not depart from this place until I return to You. Let me bring my offering and set it before You.” And the LORD said, “I will stay until you return.”
19 ১৯ তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
So Gideon went in and prepared a young goat and unleavened bread and an ephah of flour. He placed the meat in a basket and the broth in a pot and brought them out to present to Him under the oak.
20 ২০ তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।
And the angel of God said to him, “Take the meat and the unleavened bread, lay them on this rock, and pour out the broth.” And Gideon did so.
21 ২১ তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।
Then the angel of the LORD extended the tip of the staff that was in his hand and touched the meat and the unleavened bread. And fire flared from the rock and consumed the meat and the unleavened bread. Then the angel of the LORD vanished from his sight.
22 ২২ গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”
When Gideon realized that it was the angel of the LORD, he said, “Oh no, Lord GOD! I have seen the angel of the LORD face to face!”
23 ২৩ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”
But the LORD said to him, “Peace be with you. Do not be afraid, for you will not die.”
24 ২৪ তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।
So Gideon built an altar to the LORD there and called it The LORD Is Peace. To this day it stands in Ophrah of the Abiezrites.
25 ২৫ সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।
On that very night the LORD said to Gideon, “Take your father’s young bull and a second bull seven years old, tear down your father’s altar to Baal, and cut down the Asherah pole beside it.
26 ২৬ তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।
Then build a proper altar to the LORD your God on the top of this stronghold. And with the wood of the Asherah pole you cut down, take the second bull and offer it as a burnt offering.”
27 ২৭ তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”
So Gideon took ten of his servants and did as the LORD had told him. But because he was too afraid of his father’s household and the men of the city, he did it by night rather than in the daytime.
28 ২৮ ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ভতৰাটোৰ বলি উৎসর্গ কৰা হৈছে।
When the men of the city got up in the morning, there was Baal’s altar torn down, with the Asherah pole cut down beside it and the second bull offered up on the newly built altar.
29 ২৯ তেতিয়া তেওঁলোকে এজনে আন জনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।
“Who did this?” they said to one another. And after they had investigated thoroughly, they were told, “Gideon son of Joash did it.”
30 ৩০ তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”
Then the men of the city said to Joash, “Bring out your son. He must die, because he has torn down Baal’s altar and cut down the Asherah pole beside it.”
31 ৩১ তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সঁচাই দেৱতা হয়, তেন্তে কোনোবাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”
But Joash said to all who stood against him, “Are you contending for Baal? Are you trying to save him? Whoever pleads his case will be put to death by morning! If Baal is a god, let him contend for himself with the one who has torn down his altar.”
32 ৩২ এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰুব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
So on that day Gideon was called Jerubbaal, that is to say, “Let Baal contend with him,” because he had torn down Baal’s altar.
33 ৩৩ পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।
Then all the Midianites, Amalekites, and other people of the east gathered together, crossed over the Jordan, and camped in the Valley of Jezreel.
34 ৩৪ তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
So the Spirit of the LORD came upon Gideon, who blew the ram’s horn and rallied the Abiezrites behind him.
35 ৩৫ তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।
Calling them to arms, Gideon sent messengers throughout Manasseh, as well as Asher, Zebulun, and Naphtali, so that they came up to meet him.
36 ৩৬ তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,
Then Gideon said to God, “If You are going to save Israel by my hand, as You have said,
37 ৩৭ তেন্তে চাওঁক, মই মৰণা মৰা খলাত মেৰ-ছাগৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”
then behold, I will place a fleece of wool on the threshing floor. If there is dew only on the fleece and all the ground is dry, then I will know that You are going to save Israel by my hand, as You have said.”
38 ৩৮ পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।
And that is what happened. When Gideon arose the next morning, he squeezed the fleece and wrung out the dew—a bowlful of water.
39 ৩৯ তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।
Then Gideon said to God, “Do not be angry with me; let me speak one more time. Please allow me one more test with the fleece. This time let it be dry, and the ground covered with dew.”
40 ৪০ পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।
And that night God did so. Only the fleece was dry, and dew covered the ground.

< বিচারকচরিত 6 >