< বিচারকচরিত 5 >
1 ১ সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
その日デボラとアビノアムの子バラク謳ひていはく
2 ২ “নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
イスラエルの首長みちびきをなし民また好んで出でたればヱホバを頌美よ
3 ৩ হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
もろもろの王よ聽けもろもろの伯よ耳をかたぶけよ我はそのヱホバに謳はん我はイスラエルの神ヱホバを讚へん
4 ৪ হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
ああヱホバよ汝セイルより出でエドムの野より進みたまひしとき地震ひ天また滴りて雲水を滴らせたり
5 ৫ যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
もろもろの山はヱホバのまへに撼動ぎ彼のシナイもイスラエルの神ヱホバのまへに撼動げり
6 ৬ চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
アナテの子シヤムガルのときまたヤエルの時には大路は通行る者なく途行く人は徑を歩み
7 ৭ মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
イスラエルの村莊には住者なく住む者あらずなりけるがつひに我デボラ起れり我起りてイスラエルに母となる
8 ৮ লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
人々新しき神を選みければ戰鬪門におよべりイスラエルの四萬人のうちに盾或は鎗の見しことあらんや
9 ৯ মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
吾が心は民のうちに好んでいでたるイスラエルの有司等に傾けり汝らヱホバを頌美よ
10 ১০ তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
しろき驢馬に乗るもの毛氈に坐するものおよび路歩む人よ汝ら謳ふべし
11 ১১ তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
矢叫の聲に遠かり水汲むところにおいてヱホバの義しき所爲をとなへそのイスラエルを治理めたまふ義しき所爲を唱へよその時ヱホバの民は門に下れり
12 ১২ সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
興よ起よデボラ興よ起よ歌を謳ふべし起てよバラク汝の俘虜を擄きたれアビノアムの子よ
13 ১৩ তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
其時民の首長等の殘餘者くだり來るヱホバ勇士の中にいまして我にくだりたまふ
14 ১৪ কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
エフライムより出る者ありその根アマレクにありベニヤミン汝のあとにつきて汝の民の中にありマキルよりは牧伯下りゼブルンよりは采配を執るものいたる
15 ১৫ ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
イッサカルの伯たちはデボラとともに居るイッサカルはバラクとおなじく足の進みて平地に至るルベンの河邊にて大に心にはかる事あり
16 ১৬ তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
何故に汝は圈のうちに止まりて羊の群に笛吹くを聽くやルベンの河邊にて大に心に考ふることあり
17 ১৭ গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
ギレアデはヨルダンの彼方に臥し居る何故にダンは舟のかたはらに止まりしやアセルは濱邊に坐してその港に臥し居る
18 ১৮ জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
ゼブルンは生命を捐て死を冒せる民なり野の高きところに居るナフタリまた是の如し
19 ১৯ ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
もろもろの王來りて戰へる時にカナンのもろもろの王メギドンの水の邊においてタアナクに戰へり彼ら一片の貨幣をも獲ざりき
20 ২০ আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
天よりこれを攻るものありもろもろの星其の道を離れてシセラを攻む
21 ২১ কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
キシオンの河之を押し流しぬ是彼の古への河キシオンの河なりわが靈魂よ汝ますます勇みて進め
22 ২২ তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
その時馬の蹄は強きももの馳に馳るに由りて地を踏鳴せり
23 ২৩ যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
ヱホバの使いひけるはメロズを詛ふべし汝ら重ね重ねその民を詛ふべきなり彼等來りてヱホバを助けずヱホバを助けて猛者を攻めざればなり
24 ২৪ কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
ケニ人ヘベルの妻ヤエルは婦女のうちの最も頌むべき者なり彼は天幕に居る婦女のうち最も頌むべきものなり
25 ২৫ চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
シセラ水を乞ふにヤエル乳を與ふ即ち貴き盤に乳の油を盛てささぐ
26 ২৬ তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
ヤエル釘子に手をかけ右の手に重き椎をとりてシセラを打ちその頭を碎きその鬢のあたりをうちて貫ぬく
27 ২৭ তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
シセラ、ヤエルの足の間に屈みて仆れ偃しその足のあはひに屈みて仆れその屈みたる所にて仆れ亡ぬ
28 ২৮ চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
シセラの母窓より望み格子のうちより叫びて言ふ彼が車のきたること何て遲きや彼が馬の歩何てはかどらざるやと
29 ২৯ তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
その賢き侍女こたへをなす(母また獨語して斯いへり)
30 ৩০ তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-
かれら獲ものしてこれを分たざらんや人ごとに一人二人の女子を獲んシセラの獲るものは彩る衣ならんその獲る者は彩る衣にして文繍を施せる者ならん即ち彩りて兩面に文繍をほどこせる衣をえてその頸にまとはんと
31 ৩১ হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।
ヱホバよ汝の敵みな是のごとくに亡びよかしまたヱホバを愛するものは日の眞盛に昇るが如くなれよかし とかくて後國は四十年のあひだ太平なりき